পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“Every science fiction movie I have ever seen, any one that's worth its weight in celluloid, warns us about things that ultimately come true.”

-Steven Spielberg

 হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ হোৱাৰ দিনা দেউতাই আমাক দেখুৱাবলৈ দুখন ছিনেমাৰ চিডি লৈ আহিল। এখন আছিল ‘আনাকোণ্ডা’ আৰু আনখন আছিল ‘জুৰাছিক পাৰ্ক’। ইয়াৰ আগলৈকে ঘৰত থকা চিডিটোত আমি কেৱল অসমীয়া আৰু হিন্দী ছবিহে চাইছিলোঁ। হলিউডৰ ছবিৰ লগত তেতিয়ালৈকে পৰিচয় ঘটা নাছিল। দুই-এখন ছবিৰ নাম শুনিছিলোঁ যদিও স্বচক্ষে উপভোগ কৰাৰ অভিজ্ঞতা হোৱা নাছিল। সেইদিনা এই দুয়োখন ছবিয়ে আমাৰ চকুৰ আগত কল্পনা, উৎসুকতাৰে পূৰ্ণ, ৰহস্যাবৃত এখন নতুন দুৱাৰ মুকলি কৰি দিলে। কেইদিনমানৰ পিছত চালোঁ ‘গডজিলা’ নামৰ ছবিখন। তিনিওখন ছবিৰ কাৰুকাৰ্যখচিত কাহিনী আৰু বিস্ময়কৰ উপস্থাপন-ৰীতিয়ে আমাক ইমানেই মোহাচ্ছন্ন কৰি পেলাইছিল যে তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ আজিও তৰি স্মৃতি মানস-পটত ভাঁহি আছে। কেইবছৰমানৰ পিছতহে গম পালোঁ যে এনেধৰণৰ ছবিক ‘কল্প-বিজ্ঞানধৰ্মী’ ছবি হিচাপে অভিহিত কৰা হয়। কোৱাটো নিষ্প্ৰয়োজন যে,মানুহৰ অন্তহীন কল্পনাশক্তি আৰু বিজ্ঞান তথ্য প্ৰযুক্তিবিদ্যাৰ অভিনৱ সংমিশ্ৰণত জীৱন্ত হৈ উঠা এই ছবিবোৰৰ মই ক’ব নোৱাৰাকৈয়ে এজন ‘ফেন’ হৈ পৰিলোঁ।

 তাৰ পিছত কেইবছৰমানৰ পিছত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ আহি ব্যক্তিগত হোষ্টেলত থাকিবলৈ ল’লোঁ। লেপটপটো কিনাৰ পিছত আৰু ইণ্টাৰনেটৰ সুবিশাল পৃথিৱীখনৰ লগত সৌজন্যসূচক পৰিচয় হোৱাৰ পিছত লেপটপৰ হাৰ্ড দ্ৰাইভলৈ বেটমেন, স্পাইডাৰমেন, ছুপাৰমেন, আইৰন মেন, এক্সমেন, মেট্ৰিক্স, ট্ৰেন্সফৰ্মাছ্ ইত্যাদি অসংখ্য ছবিৰ সোঁত ব’বলৈ ধৰিলে। যিহেতু মোৰ দৰে মোৰ বন্ধুমহলৰ অধিকাংশই হলিউডৰ কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ অনুৰাগী আছিল, গতিকে তেনেধৰণৰ ছবিৰ বাবে বৰ বেছি হাবাথুৰি খাবলগীয়া নহৈছিল। আৰু এনেকৈয়ে কল্প-বিজ্ঞানধৰ্মী ছবিৰ প্ৰতি থকা কৌতূহল আৰু অনুসন্ধিৎসা নিবৃত্ত কৰি থাকিলোঁ।

 পাৰ হৈ যোৱা সময়ত কল্প-বিজ্ঞানধৰ্মী ছবিবোৰৰ ৰূপ-ৰং আৰু সৌন্দৰ্যৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে। প্ৰযুক্তি-বিদ্যাৰো চৰম বিকাশ সাধন হৈছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চিত্ৰ-নিৰ্মাতাসকলে বিশাল বাজেটৰ কল্প- বিজ্ঞানধৰ্মী ছবি নিৰ্মাণত লাগিছে। মনোমুগ্ধকৰ পৰিৱেশ-ৰচনা আৰু অতুলনীয় আদৱ-কায়দাৰে কাল্পনিক চৰিত্ৰৰ সৃষ্টি কৰি এই ছবিসমূহে অগণন বিশ্ববাসীৰ চকুত চমকনি তুলিছে। ক্ৰিষ্টোফাৰ নলানৰ দৰে বুধিয়ক ছবি-নিৰ্মাতাই নিত্য-নতুন বিষয়বস্তুৰে সমৃদ্ধ অনন্য-সুন্দৰ ছবি দৰ্শৰ্কৰ বাবে আগবঢ়াই দিছে। কিন্তু পিছ পৰি ৰৈছে আমাৰ ভাৰত। দুই-এখন ভৰিতীয় ছবিত কল্প-বিজ্ঞানৰ সামান্য পৰশ পৰিছে যদিও এখন ‘বিশুদ্ধ কল্প-বিজ্ঞানধৰ্মী ছবি’ চাবলৈ