পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অধিকাংশ সময় অতিবাহিত কৰা ইলেইনৰ প্ৰতি থকা এই দুৰ্বাৰ আকৰ্ষণ পোনপ্ৰথমবাৰৰ বাবে পত্নী জেনে আৱিষ্কাৰ কৰিলে তেতিয়া যেতিয়া আমেৰিকাত হ’বলগীয়া এটা বঁটা-প্ৰদান অনুষ্ঠানলৈ ষ্টিফেন হকিঙে জেনৰ পৰিৱৰ্তে ইলেইনক লৈ যোৱাৰ কথা ব্যক্ত কৰিলে। সীমাহীন বিষাদ আৰু দুখে সেইদিন জেনৰ হৃদয় উপচাই পেলাইছিল। আলফুলেৰে গঢ় দিয়া বৈবাহিক সম্বন্ধটো যে এতিয়া অসীম সংকটত-সেইয়া জেনে উপলব্ধি কৰিলে। অৱশেষত ষ্টিফেন আৰু জেনে বিবাহ-বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে।

 শূন্য হৃদয়খন লৈ দিশহাৰা জেন কাষ চাপিল হৃদয়ৱান জনাথনৰ। আৰু জনাথনৰ বুকুৰ উমতেই জেনে বিচাৰি পালে নিজৰ সত্ত্বাক। পুনৰ আৱিষ্কাৰ কৰিলে জীৱনৰ মহত্ব। অনুভৱ কৰিলে জীৱনৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেম।

 থুলমূলকৈ এইয়াই হৈছে ছবিখনৰ কাহিনী। চাবলৈ গলে; ষ্টিফেন হকিঙৰ জীৱন আৰু কৰ্মতকৈ ষ্টিফেন হকিঙ আৰু জেন ৱাইল্ডৰ প্ৰাক-বৈবাহিক আৰু বিবাহোত্তৰ জীৱনেহে ছবিখনত অধিক প্ৰাধান্য পাইছে। ষ্টিফেন, জেন, জনাথন আৰু ইলেইন নামৰ বাস্তৱ জীৱনৰ চৰিত্ৰকেইটিৰ ভাৱাৱেগ আৰু পাৰস্পৰিক সংযোগ-সংঘাতৰ যি বিচিত্ৰ পৰিণতি- সেই পৰিণতিয়েই যেন জীৱন্ত ৰূপত পৰিস্ফুট হৈছে ‘দা থিয়ৰি অৱ এভূৰিথিঙ’ নমিৰ ছবিখনত। পৰিচালক জেমছ মাৰ্শ্বৰ ভাষাতেই কওঁ-“...It's a very unusual love story in a very strange environment....”

পুনশ্চঃ ষ্টিফেন হকিঙৰ জীৱন-দৰ্শন

 পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ জীৱনত দৰ্শন আছে নে নাই, জীৱন নামৰ শব্দটোৱে তেওঁলোকৰ মনতনো কেনে ভাৱানুভূতিৰ উদ্ৰেক কৰে, সেইয়া জানিবলৈ অনুসন্ধিৎসু মানুহৰ অপাৰ কৌতূহল থাকে। ষ্টিফেন হকিঙে জীৱন সম্বন্ধে কি চিন্তা কৰে-তাৰ সামান্য অভাষ পাব পাৰি আমেৰিকাৰ এখন বিশেষ সভাত উত্থাপিত হোৱা এটা বিশেষ প্ৰশ্ন আৰু তাৰ প্ৰত্যুত্তৰত ষ্টিফেন হকিঙে দিয়া উত্তৰে। কেোৱা বাহুল্য, বিশেষ প্ৰশ্নটোৰ উত্তৰতেই ষ্টিফেনৰ প্ৰচুৰ আশাবাদী মনৰ স্পষ্ট ইংগিত পৰিলক্ষিত হৈছে। তেওঁক সোধা হৈছিল-
“You have said you do not believe on god. Do you have a philosophy of life that helps you?”

প্ৰশ্নৰ উত্তৰত ষ্টিফেনে কৈছিল-

It is clear that we are just an advanced breed of primates, on a minor planet orbiting around an average star, in an outer suburb of one among a hundred billion galaxies. But ever since the dawn of civilization, people have craved for an understanding of the underlying order of the world. There ought to be something very special about the boundary conditions of the universe. And what can be more special that there is no boundary? And there should be no boundary to human endeavor. We are all different. However bad life may seem, there is always something you can do and succeed at. While there is life, there is hope.

৫৯