পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাইছিল। আহিলা নাইবা সঁজুলি এটাৰ নাম শুনাৰ মুহূৰ্ততে টেছলাই তাৰ ব্যৱহাৰিক ৰূপটো কল্পনা কৰিবলৈ সক্ষম হৈছিল। টেছলাৰ কল্পনাশক্তি আছিল অবিশ্বাস্যভাৱে বিস্ময়কৰ। নতুন আৱিষ্কাৰৰ নিৰ্মাণকাৰ্যত মনোনিৱেশ কৰাৰ আগতেই তেওঁ সেই বস্তুবিধৰ জোখ-মাখকে ধৰি সমস্ত নিৰ্মাণশৈলী সম্পূৰ্ণ নিখুঁতভাৱে মনৰ মাজতে গঢ় দিব পাৰিছিল। তেওঁ কাগজ-পাতিত নিৰ্মাণৰ ছবি অকাৰ পৰিৱৰ্তে স্মৃতিৰ পৰাহে নিৰ্মাণসম্বন্ধীয় সমস্ত তথ্য-পাতি আহৰণ কৰিছিল। টেছলাৰ স্মৃতিৰ এই শক্তিক “Eidetic Memory” বুলি ক'ব পাৰি। যাৰ জৰিয়তে টেছলাৰ কল্পনাশক্তি এখন আলোকচিত্ৰৰ দৰে নিখুঁত হৈ পৰিছিল।

 যি কি নহওক, সামৰিক শাখা এটাৰ পৰা বৃত্তি লাভ কৰি ১৮৭৫ চনত টেছলাই অষ্ট্ৰিয়াৰ গ্ৰেজত স্থাপিত অষ্ট্ৰিয়ান পলিটেক্‌নিকত নামভৰ্তি কৰে। শিক্ষাগ্ৰহণৰ প্ৰথম দুটা বছৰ টেছলাই এজন আদৰ্শৱান আৰু নিষ্ঠাৱান ছাত্ৰৰ ভূমিকা পালন কৰে। টেছলাৰ পুৱাৰ দৈনন্দিন কৰ্মসূচীত জিৰণি, ছুটি নাইবা দেওবাৰ নামৰ কোনো শব্দয়েই নাছিল। পুৱতি নিশা তিনি বজাৰ পৰা নিশা ১১ বজালৈকে টেছলা নিজ কামত অহৰহ ব্যস্ত হৈ আছিল। প্ৰথম বৰ্ষত তেওঁ এদিনো ক্লাছ ক্ষতি কৰা নাছিল। প্ৰয়োজনতকৈও দুগুণ বেছিসংখ্যক পৰীক্ষাত (সৰ্বমুঠ নটা) টেছলা উত্তীৰ্ণ হৈছিল। শিক্ষাৰ্থী টেছলাৰ কাণ্ডত হতভম্ব হৈ কাৰিকৰী বিভাগৰ প্ৰধানে টেছলাৰ দেউতাকলৈ চিঠি লিখি পঠিয়াইছিল-“Your son is a star of first rank.”(আপোনাৰ ল’ৰা প্ৰথম স্থানৰ এটা তৰা)। ১৮৭৯ চনত টেছলাৰ দেউতাকৰ মৃত্যুৰ পিছত টেছলাই কেতবোৰ চিঠি উদ্ধাৰ কৰিছিল যিবোৰ টেছলাৰ দেউতাকলৈ বিদ্যালয়ৰ অধ্যাপকে প্ৰেৰণ কৰিছিল। সেই চিঠিবোৰৰ জৰিয়তে দেউতাকক সতৰ্কবাণী দিয়া হৈছিল যে টেছলাক অনতিপলমে বিদ্যালয়ৰ পৰা লৈ যাবহি লাগে, অন্যথা অত্যধিক কাম কৰি তেওঁ ল’ৰাৰ বিদ্যালয়তে অকাল মৃত্যু ঘটিব।

 শিক্ষাগ্ৰহণৰ দ্বিতীয় বৰ্ষত টেছলাৰ লগত অধ্যাপক প’চ্ছেলৰ (Poeschl) বাদানুবাদ টেছলাৰ

৬৪