পৃষ্ঠা:Bigyan aru Bolsobi Ishan-Jyoti-Bora-ebook.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 ‘ছামথিং ডা লৰ্ড মেড’ হৈছে ২০০৪ চনত নিৰ্মিত এখন বহুসমাদৃত ছবিৰ নাম। আধুনিক চিকিৎসা বিজ্ঞানৰ এটা যুগান্তকাৰী অস্ত্ৰোপচাৰ আৰু নেপথ্যৰ কাহিনীৰে সমৃদ্ধ উচ্চপ্ৰশংসিত ছবিখনৰ দুটা প্ৰধান চৰিত্ৰ হৈছে কুৰি শতিকাৰ প্ৰসিদ্ধ শল্য চিকিৎসক আলফ্ৰেড ব্লালাক আৰু তেওঁৰ বিচক্ষণ লেবৰটেৰী টেক্‌নিচিয়ান ভিভিয়েন থ’মাছ নামৰ কৃষ্ণাংগ পুৰুষজন। ৰবাৰ্ট ক’ৰৰ দ্বাৰা প্ৰযোজিত ছবিখনত এলান ৰিক্‌মেন আৰু ম’ছ ডেফে মুখ্য চৰিত্ৰ দুটাত মনোগ্ৰাহী অভিনয় কৰিছে।

 ১৯৪৪ চনৰ ২৯ নৱেম্বৰৰ দিনটো চিকিৎসা বিজ্ঞানৰ ইতিহাসত এটা যুগান্তকাৰী দিন হিচাপে চিহ্নিত হৈছিল। কাৰণ সেইদিন আমেৰিকাৰ প্ৰসিদ্ধ জন্স হপকিন্স চিকিৎসালয়ত সফলভাৱে সম্পন্ন হৈছিল ‘ব্লু বেবি অস্ত্ৰোপচাৰ’। এই জগদ্বিখ্যাত অস্ত্ৰোপচাৰটোৰ অন্যতম পথপ্ৰদৰ্শক আছিল শল্য চিকিৎসক আলফ্ৰেড ব্লালাকৰ আৰু তেওঁৰ সহায়কাৰী হিচাপে তেওঁৰ অধীনত কাম কৰিবলৈ অহা কৃষ্ণাংগ ডেকা ভিভিয়েন থ’মাছ। চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী নথকা ভিভিয়ান থ’মাছে নিজৰ অসামান্য নিষ্ঠা, প্ৰখৰ মেধা আৰু চমৎকাৰী কাৰিকৰী বিদ্যাৰ জৰিয়তে আলফ্ৰেড ব্লালাকৰ বিশ্বস্ত সংগী হৈ পৰিছিল। আমাৰ শৰীৰত হৃদযন্ত্ৰ এনে এটা অংগ-যাৰ অবিহনে মানৱশৰীৰেই অস্তিত্বহীন;সেই হৃদয়তন্ত্ৰক সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰি সদ্যোজাত

২৩