পাপৰি
পাপৰি
—গণেশচন্দ্ৰ গগৈ
যোৰহাট
পঞ্চম সংস্কৰণ—আহাৰ ৫১২ শঙ্কৰাব্দ
প্ৰকাশক—
শ্ৰীতৰুণচন্দ্ৰ গগৈ বি-এ,
যোৰহাট
সৰ্ব্বস্বত্ব সংৰক্ষিত ]
অৰ্পণ
শ্ৰীযুত আনন্দচন্দ্ৰ বৰুৱা
“বকুলবন”, ডিহা,
যোৰহাট।
বৰুৱা, তোৰ অত্যাচাৰতেই “পাপৰি”ৰ জন্ম। আৰু আমনি কৰ
- বুলিয়েই তোৰেই হাতত “পাপৰি” দিলো।
- পাহিতে সৌন্দৰ্য্য থাকি আহিল –
- সৌৰভতো নায়েই।
১৮৫৬ শক। |
} | তোৰ— ~গণেশ~ |
উপহাৰ পিঠি
নিবেদন
যুগৰ পিচত, যুগ আহিছে
জীৱন কৰিছে ক্ষয়,
প্ৰাণৰ কাষত, কালৰ আগত
প্ৰেমৰ সদায় জয়।
* * *
পদুম ফুলৰ ‘পাপৰি' নহয়'
‘পাপৰি'—প্ৰাণৰ মোৰ,
শোকৰ নহয়, দুখৰ নহয়,
প্ৰেমভৰা চকুলোৰ!
পাপৰি
⸻
( ১ )
“বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ”—
কোনে গায় মউসনা সুমধুৰ গান,
কোন সিটি দেৱবালা, গানৰ শুৱলা তানে
কৰিলে আকুল মোৰ বিয়াকুল প্ৰাণ?
( ২ )
আজি শৰতৰ এই শাৰদী জোনাক ৰাতি
নেলেখি অলেখ তৰা-ৰূপোৱালী জোন,
কোনে গালে একেৰাহে কৰুণ কাতৰ সুৰে,
“হিয়াত জিলিকে” বুলি মনোহৰ ‘কোন'?
(৩)
সানি দিছে সুধাকৰে সুৱদি সুষমাৰাশি,
নানান ভঙীৰে নাচে তাৰকা অযুত,
ঢালি দিছে ধৰাষাৰে ৰূপালি জেউতি ধাৰা,
আঁকিছে মোহিনী ছবি প্ৰকৃতি বুকুত!
( 8 )
আলফুলে আঁচলত শেৱালি সৌৰভ বান্ধি
সমীৰণে দশোদিকে দিছেহি বিলায়,
গিৰিবালা তটিনীয়ে অতি মৃদু মধু ৰৱে
অদূৰত উলাহেৰে গীত গাই যায়।
( ৫ )
তথাপি নালাগে ভাল নেমানে বুজনি প্ৰাণে
কোনে গাই, কোন তেওঁ, এনে মধু স্বৰ,
কিজানিবা চিনি পাওঁ, কিজানিবা লগ পাওঁ
কিজানি চিনাকি মোৰ কোনো জনমৰ?
( ৬ )
অপৰূশ ৰূপৰাশি আলসুৱা ছবি আঁকি
আহিছিল সেই দিনা পুৱাতে এদিন,
গোলাপৰ মৃদু হাঁহি দেখিছিলো সেই দিনা
দেখিছিলো নতুনৰ মনোময় চিন!
( ৭ )
সেন্দুৰীয়া সপোনৰ অনন্ত মাধুৰী ভৰা
দেখিছিলো গুটি গুটি মাণিকৰ মিল,
বসন্তৰ বা’ লৈ বকুল বনত গোৱা
শুনিছিলো কোকিলৰ কণ্ঠ অনাবিল।
(৮)
কত দিন কত ৰাতি, শুনিলো কিমান আৰু
ললিত লয়েৰে ভৰা নতুন ৰাগিণী,
বীণা বিনন্দিত স্বৰে লহৰ কঁপায় তোলা
গাইছিল কত শত গীত আৱাহনী!
( ৯ )
কিয়, ক’তা তেতিয়াতো নকঁপিলে বুকু মোৰ;
শুনিছিলো, শুনি মাথো লাগিছিল ভাল,
নোৱাৰিলে, নিব কেৱে তুলি সেই তৰঙ্গত,
নচলিল নাও মোৰ, নলৰিল পাল!
( ১০)
আজি শৰতৰ এই মধুৰ মাধবী নিশা
টানি নিছে প্ৰাণ মোৰ নেজানো কলই
—হোৱা তুমি যেয়ে হোৱা, নিয়া টানি টানি নিয়া
যোৱাতো মাধুৰী আছে লক্ষ্যহীন হই!
(১১)
কৈশোৰত দেখিছিলো, স্বভাৱ-চপলা বালা
আপোনাৰ খেলা খেলি আপুনি মগন,
বুকুৰ কবিতা কলি নুফুলিলে, নেদেখিলো,
নেদেখিলো ছঁয়াময়া লাজুকী বৰণ!
( ১২ )
আজি এই যৌৱনৰ ৰূপেৰে ৰঞ্জিত বেলা
চকুৰ আগত ইকি! ছবি বিতোপন,
স্বভাৱ-চপলা বালা ষোড়শী যুৱতী হই
সানি ললে অৰুণৰ কনক কিৰণ!
(১৩)
তোমাৰ ৰূপতেনে কি স্নান কৰি আজি মই
পুৰণি জগতখনি দেখিছে নতুন,
তোমাৰ ৰূপৰেনে কি জিলিকনি পৰি সখি,
নতুনৰো নানা ৰূপ এনে বিতোপন?
( ১৪ )
তোমাৰ পৰাইনে কি চুৰ কৰি সমীৰণে
সুৰভি নিশ্বাস লৈ উৰি গুচি যায়,
শৰতৰ শান্তিময়ী সন্ধিয়া সখিৰ স’তে
শেৱালি সৌৰভ বুলি জগত বেহায়?
( ১৫ )
যদিহে তোমাৰ ৰূপ, মাথোন তোমাতে ৰাজে
নপৰে কেনিও ৰেখা তোমাৰ ৰূপৰ,
মেলিলে সুন্দৰ দেখো, মুদিলে সুন্দৰ দেখো,
সকলো সুন্দৰ হ’ল-যৌৱন সুন্দৰ!
( ১৬)
অনাদৃত জীৱনত বুজিলো আগে’ সখি
পলকতে উঠে নামে বীণাৰ ঝঙ্কাৰ,
তুমিয়েতো দয়া কৰি দিলা আজি দেখুৱাই
মুখৰ আগতে থকা অমৃত-ভাণ্ডাৰ।
( ১৭ )
সৃষ্টিৰ বুকুত সউ নতুনৰ নৃত্য দেখি
নতুন প্ৰাণতো বাজে প্ৰণয়ৰ সুৰ,
যৌৱনৰ পূৰ্ণ অৰ্ঘ্য দিব খোজো তোমাকেই
ল’বানে সাদৰে সখি, আদি পূজা মোৰ?
( ১৮ )
মুঞ্জৰিত মুকুলৰ কুকি অনা নাই সখি
সজা নাই মালতীৰ মনোমোহা হাৰ,
কুঞ্জ-কাননত বহি কোকিল কাকলি সতে
নাই গঁথা মালাধাৰি গীত-কবিতাৰ
( ১৯ )
মাণিক মুকুতা গাঁথি নাই গঁথা গলপতা
হীৰাৰ আঙঠি মোৰ নাই দিবলই,
ভালপোৱা অন্তৰত যিকণি চেনেহ আছে
মহাৰ্ঘ ৰতন মোৰ সেয়ে তোমালই।
( ২০ )
সেয়েই তুলসী মোৰ সেয়ে মোৰ গঙা-জল,
তাতেই দুবৰি আছে তাতে বেল পাত,
তাতেই নিতউ জ্বলে প্ৰণয়ৰ ধূপ-দীপ
সেয়েই নৈবেদ্য মোৰ তোমাৰ পূজাত!
( ২১ )
যদিওবা যৌবনত প্ৰাণৰ স্পন্দন শুনি
পূজিব খুজিছো আজি প্ৰাণ উদিয়াই
ভয় হয়, কিজানিবা পূজোঁতে পূজোঁতে সখি
শেষৰ পূজাত মোৰ প্ৰীতি কমি যায়!
( ২২ )
ভয় হয়,কিজানিবা তোমাৰ মানসী-ছবি
জঁয় পৰি যাব পালে পাষাণ পৰশ,
তেতিয়া যে মিলনৰ নাথাকে মাধুৰী আৰু
নাপাম কোনোৱে পিব প্ৰেম-সুধা-ৰস!
( ২৩ )
নকৰিবা ভয় সখি প্ৰেমময় জগতত
পৰাণে নুবুজে যদি পৰাণৰ মোল,
অলিয়া-বলিয়া হই ক’লীয়া ভোমোৰা আহি
কাঁইটীয়া গোলাপৰ নিবিচাৰে ফুল
(২৪)
কলিজাৰ ৰঙা তেজ নাযায় শুকাই সখি
দুপৰীয়া সুৰুযৰ প্ৰখৰ ৰদত,
তগৰে পেলায় কলি, ফুলাত নিদিয়ে বাধা
যদিওবা যায় ঢলি ফুলৰ ভৰত!
( ২৫)
লোৱা তেনে সখি আজি জীৱনৰ শ্ৰেষ্ঠ দান
সত্য হ’ক স্বপ্ন মোৰ, পূৰ্ণ কৰা পণ,
দুখ, দৈন্য, ব্যথা ত্যজি ত্যজি মান-অভিমান
ছাঁয়াই ছাঁয়াই হ’ক কায়াৰ মিলন!
( ২৬ )
ইকি! সখি অভিমান বুজিলো নোলোৱা তুলি
আপোনাৰ শ্ৰেষ্ঠধন কৰিছিলো আগ,
তথাপি আঁতৰি গ'লা, আঁতৰতে ঠেলি মোৰ
যাচি দিয়া যৌৱনৰ আদি পূজা ভাগ।
( ২৭)
অযোগ্য নাছিল মোৰ পৰাণৰ ভালপোৱা
অযোগ্য নাছিল এই পূজাৰ সম্বল,
অশুচি নাছিল সখি অন্তৰৰো অন্ত স্থল
ৰাখিছিলো ঢালি ঢালি প্ৰেম-গঙা-জল
( ২৮ )
যোৱা তেনে, যোৱা সখি, নালাগে থাকিব ৰই
গুচি যোৱা যত পাৰা দূৰ দূৰলৈ,
সপোনে সন্ধান যাতে নোৱাৰে কাচিতো দিব—
তোমাৰ ৰূপৰ জ্যোতি স্মৃতিয়েদি বই!
( ২৯ )
কিজানি ভাবিছা তুমি তুমি এৰি গুচি গ'লে
সোণৰ হৰিণী মোৰ যাব জাল ফালি,
কিজানি ভাবিছা তুমি, তোমাক নাপাই মই
হেৰুৱাম জীৱনৰ সেন্দুৰীয়া আলি!
( ৩০ )
ভুল সখি, অতি ভুল, বিৰহ-বেদনা ভুগি।
নাকাটে অকণো কাল, চকুলো নোলায়;
কলিজাৰ একোণত জ্বলিলে চিতাৰ জুই
থাকিম নিতউ তাকে অকলে ফুঁৱাই!
( ৩১ )
জীৱন-তৰণি মোৰ উটি যাব জলধিত
যিদৰে আহিছে উটি কুল হেৰুৱাই,
সাৰথি বিহীন হই যাম গুচি অকলই
মাৰ যোৱা সুৰুযৰ শেষ ছবি চাই!
( ৩২ )
নাভাবিবা সখি তুমি, তোমাৰ গীতৰ ঢৌৱে
ৰোধিৱ পাৰিব মোৰ লক্ষ্যহীন তৰী,
নাভাবিবা বুকুখনি শোকত মলঙি যাব
বিৰহৰ দুখ-তাপ সুঁৱৰি সুঁৱৰি!
( ৩৩ )
দিনৰ শেষত দিনে চাকৈ-চকোৱা হালি
এটিক অকলে’ এৰি এটি গুচি যায়,
যাবৰ সময় হলে এটিক অকল দেখি
নাকান্দে সিটিয়ে সখি ইনাই-বিনাই।
( ৩৪ )
মিলনৰ বালি-ভেটা যদিওবা ভাগি গ'ল
নাই ভগা সখি মোৰ প্ৰণয়ৰ বীণ,
সুৰৰ লহৰি তাত নুঠিলে নুঠিব পাৰে
তাঁৰৰ স্পন্দন তাৰ নহয় বিলীন!
( ৩৫ )
কতজনে জগতত সাজি সাজি মৌ–চাক
ভাঙি ভাঙি ৰহঘৰা মধু কৰে পান,
জঠৰৰ জ্বালা সখি সহিব নোৱাৰি কত
দুৱাৰে দুৱাৰে ঘূৰে এৰি লাজ-মান!
( ৩৬ )
বিলাস, বিভূতি, ভোগী, কতজনে দিনে-ৰাতি
সাতুৰি নাদুৰি যায় সুখৰ সোঁতত,
কতই দুখৰ বোজা দাঙিব নোৱাৰি সখি
আকুলি-বিকুলি কান্দে শোক বেজাৰত!
( ৩৭ )
কতৰ কাতৰ হিয়া সঞ্জীবিত হই উঠে
প্ৰাণসমা প্ৰেয়সীৰ পৰশন পাই,
কতৰ বুকুত জুই দুগুণ তেজেৰে জ্বলে
অকালতে আলসুৱা প্ৰিয়া হেৰুৱাই!
( ৩৮ )
সুখী, দুখী, দীন, হীন, ধনী, দানী, অভিমানী
সবাৰে শিৰেদি বয় শোণিতৰ ধাৰ,
মৰণ পাৰতো সখি, নোৱাৰে মচিব কেঁৱে
যাউতি-যুগীয়া স্মৃতি প্ৰেম-প্ৰতিভাৰ!
( ৩৯ )
যদিও কাণত বাজে এতিয়াও সেই ধ্বনি
উটি অহা সেই গীত মৃদু-মলয়াত,
অনন্ত অসীম ভেদি যদিওবা আহি স্মৃতি
নিঠুৰ আঘাত কৰে নিৰস হিয়াত;
( ৪0 )
তথাপিও চাম সখি পাৰোনে নোৱাৰো বাৰু
স্মৃতিক ছাঁয়াৰে স'তে পেলাব মোহাৰি, .
উঠিবনে তেতিয়াও বিৰহৰ আৰ্ত্তনাদ
জীৰ্ণ-শীৰ্ণ অন্তস্থল বিদাৰি বিদাৰি?
( ৪১ )
বিশাল বিশ্বত সখি, নাইনে কি এনে ঠাই
নুফুলে মালতী য’ত নেপেলায় কলি,
শুনা নাই নাম য’ত কোনো কালে পদুমৰ
নুফুৰে গুঞ্জৰি য'ত মৌ-লোভী অলি?
( ৪২ )
গধূলি বেলিকা য’ত নিদিয়েহি দেখা জোনে
নাঢালে কেনিও ক’তো এধানি কিৰণ,
প্ৰকৃতি নিঠুৰা য’ত— দহে পোৰে অবিৰাম
নবয় এছাটি ক’তো শান্তি সমীৰণ।
( 8৩ )
আছে যদি তেনে ঠাই, নাও খনি বাই বাই
নিতউ তালৈকে’ সখি উটি গুচি যাম,
পদুম নুফুলে তাত, নুফুলে মালতী ফুল,
তোমাৰ চানেকী আৰু তাততো নাপাম!
( 88 )
তোমাৰ শুৱলা সুৰ কোনে দিব সোঁৱৰাই
নাই তাত ভোমোৰাৰ গুণ গুণ স্বৰ,
অপৰূপ ৰূপৰাশি দিব কোনে দেখুৱাই,
নপৰে ৰূপৰ ৰেখা, নাই সুধাকৰ!
( ৪৫ )
নিজানত বহি তাতে অন্তৰ বেদীত মোৰ
নিৰাকাৰ কিবা এটি এনেয়ে পূজিম,
—তুলসী অশুচি হল —অশুচি দূবৰি বন,
—চিৰ-ব্যৰ্থ জীৱনৰ ৰঙা জৱা দিম।
( ৪৬ )
এদিন আছিল সখি কত কি যে ভাবিছিলো।
কল্পনাতে অলকাত ফুৰিছিলো ভাহি,
সুনীল আকাশ ভেদি উঠিছিলে ইন্দ্ৰধনু
—বিশ্বৰ বুকুত মাথো ফুটিছিলে হাঁহি।
( ৪৭ )
লাজুকী প্ৰেমৰ আভা লাগিছিল কৰবীত:
পৰশতে জঁয়পৰা নিলাজী বনৰ,
কৈছিলে কেতেকীয়ে,- “প্ৰেমিক দুৱাৰ খোলা
এয়েই মাহেন্দ্ৰ–ক্ষণ মধু-মিলনৰ।”
( ৪৮ )
আছিলো তন্ময় হই, অকস্মাতে সাৰ পালো,
অলক্ষিতে অন্তৰত জ্বলিলে শলিতা,
চকুৰ আগতে দেখো, ই কি দৃশ্য মনোৰম
–অনন্ত অসীম ৰূপ, অনন্ত কবিতা!
( ৪৯ )
সেইদিনা ভাবিছিলো,— এই সুধা, ৰূপৰাশি
প্ৰকৃতিয়ে অবাবতে ঢালি দিয়া নাই,
ইয়াৰেই অনুৰূপ মানুহে কৰিব সৃষ্টি
এই বিশ্ব-বিমোহিনী চানেকীকে চাই
( ৫০ )
প্ৰাণৰ দুখনি কুঞ্জ, প্ৰীতিৰ লতাৰে বান্ধি
ভাবিলো সাজিম ময়ো নিকুঞ্জ কানন,
পুণ্যৰ সুৰভি সানি প্ৰেমৰ বসন্ত-কাল
বিৰাজিব তাতে লই অনন্ত আসন।
( ৫১ )
মন্দাকিনী সলিলৰ সঙ্গীত লহৰি মালা
যৌৱন-তীৰ্থত মোৰ হেন্দুলি উঠিব,
গছৰ ডালত বহি বিহগ-বিহগী দুয়ো
জীৱনৰ জয়-যাত্ৰা ঘোষণা কৰিব।
( ৫২ )
সেইদিনা ভাবিছিলো, হেঙুলীয়া অৰুণৰ
সাতোটি ৰঙেৰে মোৰ প্ৰিয়াক সজাই,
কমল বনৰ পৰা, ৰঙা বগা পদুমৰ
পৰাগ পাপৰি আনি দিম ওপচাই!
( ৫৩ )
ফুলেৰে সাজিম তৰী, ফুলেৰে তৰিম পাল
ফুলৰ হাততে দিম ফুলৰেই বঠা,
ফুলৰ পাহিতে বহি ফুলনিতে ফুল চুহি
মেলিম অনন্ত মন ফুলে ফুলে গঁথা।
( ৫৪ )
ফুল যে দূৰৰ কথা, নউ পৰোতেই কলি
কল্পনাতে ঢাক খালে ভৰ হোৱা জাল,
দিনত জিলিকি উঠা ৰেখা এটি ৰাখি থই
নিশাৰ সপোন আহি নিশাতে পলাল!
( ৫৫ )
ক’ব পাৰা তুমি মোক (যদিও নোকোৱা জানো )
“স্মৃতিকে যি জনে খোজে পেলাব মোহাৰি ,
ইমান কথাৰ আজি আছে কিনো প্ৰয়োজন
আপোনাৰ লক্ষ্য লক আপুনি বিচাৰি।”
(৫৬)
সমিধান দিও শুনা- শোকাতুৰে শান্তি পায়
গায় যদি ব্যথাভৰা বিষাদৰ গান,
যদিও প্ৰাণত আহি প্ৰাণৰ আঘাত লাগে।
সেই প্ৰাণ বিধতাৰ শ্ৰেষ্ঠতম দান!
(৫৭)
নহলে মানুহে কিয় যৌৱন তীৰত বহি
মণি-মুক্তা তুচ্চ কৰি চাব শতদল,
মনত পৰিব কিয় দ্বাপৰৰ বন বেণু,
সেই ৰাস, সেই লীলা, কদমৰ তল?
( ৫৮ )
ময়ো যে মানুহ সখি, মোৰো সেই একে প্ৰাণ
মোৰোতো প্ৰাণত বাজে দ্বাপৰৰ গান,
যদিওবা জীৱনৰ এই ভৰ-দুপৰীয়
বিচাৰিছো আছে ক’ত নিৰস নিজান
( ৫৯)
ভুল সখি মিছাকথা, নপৰে মনত কাৰো
নপৰে মনত মোৰ অতীতৰ কথা
গোটেই জগত জুৰি বিহেৰেই ভৰপূৰ
নহয় নহয় ইও ফুলে ফুলে গঁথা
( ৬০)
থাকা তেনে সখি মোৰ মাগিছো মেলানি আজি
এয়ে শেষ দেখা দেখি শেষৰ দিনত,
প্ৰাণৰ পাপৰিখিনি থাকক ইয়াতে পৰি
বিৰহৰ চিন লই মধু-মিলনত
( ৬১ )
সেই শৰতৰ কথা নানিবা মনত সখি,
ভুলতো নাগাবা সেই প্ৰেমময় গান,
সেই সুৰ স্বৰগৰ অচঞ্চল, অনন্তৰ,
মায়াময় মৰতত নাই তাৰ স্থান!
( ৬২ )
অতীতক এতিয়াই পাহৰি পেলোৱা সখি,
নাই তাত অশ্ৰু-জল, নাই কীৰ্ত্তি-যশ,
শ্যামল বসুধা আজি সেয়ে হ’ব কালিলই
উতপ্ত জ্বলন্ত প্ৰায় বলুকা নিৰস।
( ৬৩)
খায়ামৰ কথা সখি তুমিওতো শুনিছিলা
তুমিওতো বুজিছিলা ‘হাফিজৰ সুৰ',
তোমাৰ ওঁঠতো আছে ‘আঙুৰৰ ৰঙা ৰস’
কিয় তেনে অতীতক নকৰিবা দূৰ?
স্বপ্ন-ভঙ্গ
-গণেশচন্দ্ৰ গগৈ
যোৰহাট
চতুৰ্থ সংস্কৰণ—আহাৰ ৫১২ শঙ্কৰাব্দ
প্ৰকাশক—
শ্ৰীতৰুণচন্দ্ৰ গগৈ বি-এ,
যোৰহাট
সৰ্ব্বস্বত্ব সংৰক্ষিত ]
লিখকৰ নিবেদন
নসৰিল চকুপানী সৰোতে “পাপৰি”
আজি এটা ক্ষন্তেকীয়া অলিক সপোনে,
নাজানিলোঁ নুবুজিলোঁ ধাৰাসাৰে বোৱা
ৰাখিছিলে চকুপানী গোপনে গোপনে।
* * *
স্বপ্নৰ মাজত বহি সপোন ৰচনা
মানুহে নিতউ কৰে, ময়ো কৰিছিলো;
সেন্দূৰীয়া সপোনৰ সোণালী কিৰণ
মাৰ গ’ল আজি মাথো টুকিছোঁ চকুলো।
“স্বপ্ন-ভঙ্গ” স্বপ্ন মোৰ নিলাজ প্ৰাণৰ,
সুৰহীন ঐক্যতান বিৰহ গানৰ।
স্বপ্ন-ভঙ্গ
( ১ )
আজি অতদিন একেটি ভাবতে
একে কদমৰ তলতে ৰ’ই
বাট চাই সখি আছিলো তোমাকে
মনৰ পিয়াহ মনতে লই।
( ২ )
ৰ’ই ৰ’ই আৰু আমনি লাগিল
থাকিম অকলে’ কিমান বহি,
আহাৰ মাহৰ ৰ’দত শুকাই
মহ-চেৰেপাৰ কামোৰ সহি?
( ৩ )
সেই দিনা সখি, গধূলি-বেলিকা
পশ্চিমৰ মেঘে ক’লীয়া হই,
বুকুতে সামৰি আনিলে ধুমুহা
বিজুলী-গাজনি পিছতে লই।
( ৪ )
নাথাকিলো আৰু কদম তলত;
সখি, সেই দিন আহিলো গুচি,
নেদেখা বাটত, শিল-বৰষুণে
নোৱাৰিলে মন কৰিব শুচি।
(৫)
পদূলি-মুখৰ নঙলাত লাগি
জঠৰ ভৰিও পিছলি গ’ল,
তথাপিও মোৰ দুগালেদি বোৱা
দুধাৰি চকুলো গালতে ৰ’ল!
(৬)
তুমি কৈছিলা—“একেলগে আহি
একেলগে দুয়ো আকউ যাম,
ঘূৰি নাহোঁ মানে ইয়াতেই থাকা
গধূলি বেলিকা ইয়াতে পাম।”
( ৭ )
কত দিন গ’ল, কত ৰাতি গ'ল,
কতনো গধূলি অতীত হ’ল,
তথাপি নাহিলা, নিদিলাহি দেখা,
মনৰ বেজাৰ মনতে ৰল
( ৮ )
জীৱনত ফুল বহুত ফুলিল,
তথাপি নাপালো চুপহি তাৰ,
কত ৰূপহীৰ আঁচল ধৰিলো
নুবুজিলো তেও চকুৰ ঠাৰ।
( ৯ )
পদুম বনত অকলে’ অকলে’
কত পদুমীৰ চাপিলো কাষ,
একে চাৱনিতে পাহি সৰি পৰা
তেনে লাজুকীৰো নাপালো আশ।
( ১০ )
মোৰ কদমৰ তলৰ সপোন
সেইহে যিদৰে মৰহি গ’ল;
একেটি কথাৰ, একেটি ভাষাৰ,
তাৰো যে মাধুৰী নোহোৱা হ'ল।
( ১১ )
নহলেনো মোক কদম তলত
সখি, সেই দিনা অকলে থই,
আহোঁ আহোঁ বুলি নাহিলা কিয়নো
মাথো এবেলাৰ বাটলে গই?
( ১২ )
হ’ব পাৰা তুমি তোমাত বলিয়া
ক’লীয়া মেঘৰ সপোন চাই,
ময়ো যে আছিলো তোমাকে আৰাধি
তোমাৰ ৰূপৰ সুৰভি পাই।
( ১৩ )
সেই দেখিয়েই কওঁ শুনা সখি,
ৰূপ দেখি আৰু নমজে মন;
ৰূপৰ জোৱাৰ দেখিলে বিনাশ,
—সেই তাহানিৰ, “অশোক-বন”!
( ১৪ )
ৰূপৰ সোঁতত উটিলে কি হ’ব,
নাথাকে যদিহে প্ৰেমৰ ঢউ,
হেঙুলী ওঁঠৰ নালাগে মদিৰা
নাপালে বুকুৰ মৰমী মউ!
(১৫)
ভুল হ'ল সখি, ক্ষমা কৰা মোক
মিছাতেই দিছো তোমাক দোষ,
নাই লিখা যদি কপালতে সখি,
আমি ক'ৰ পৰা পামনো সুখ!
(১৬)
তুমি ভাল পোৱা, ময়ো ভাল পাওঁ,
বিধিয়ে সহিব নোৱাৰি তাকে,
মধু-মিলনৰ মোহিনী-পটত
চিৰ-বিৰহৰ ছবিটি আঁকে।
( ১৭)
প্ৰথমে যিদিনা তুমি দেখা দিলা
শেৱালি ফুলৰ তলত আহি,
মধুৰ-মাধৱী জোনাক সিদিনা
ৰূপহ জোনায়ে আছিলে হাঁহি।
(১৮)
তোমাৰ আকুল বুকুৰ কঁপনি
লাগি শেৱালিৰ সৰিলে ফুল,
ৰাঙলী ঠাৰিয়ে ওঁঠ দুয়োটিত
দিলে সানি সখি ৰাঙলী বোল!
( ১৯ )
দূৰণিৰে পৰা দেখিলে তোমাক
ইকি! সপোনৰ সেন্দূৰী জাল,
শৰত-কুঁৱৰী মৰতত বহি
শেৱালি ফুলৰ তৰিছে পাল।
( ২০ )
নীলা আকাশত লীলা-খেলা কৰি
এটি দুটি তৰা হুহঁকি গ’ল,
সুধাকৰে মাথো সুধা ঢালি ঢালি
শৰত-কুঁৱৰী নিৰিখি ৰ’ল।
( ২১ )
পূবেদিনি বোৱা বতাহ ছাটিয়ে
লাহতী কেশৰ সুৰভি লই,
সৰসী জলৰ সৰলা বালিকা
বগী পদুমীক দিছিলে গই।
( ২২ )
ব্যাকুল বিননি বাজিল বুকুত
নোৱাৰিলো আৰু থাকিব ৰই,
কাষলই চাপি কলোহি তোমাক-
“কিয় সখি তুমি লাজুকী হই—
( ২৩ )
ওৰে ৰাতি কাল অকলে অকলে
ইয়াতে থাকিবাঁ, নাইনে ভয়?
নিঠুৰ নিশাৰ পৰশত সখি,
লৱণু দেহাটি পৰিব জঁয়।’
( ২৪ )
মোহিনী বীণাৰ মধুৰ তাঁৰত,
মৃদু মনোৰম উঠিলে সুৰ,
“নিঠুৰ নহয় ৰূপহী নিশাত
লভিছো শান্তি, লভিছো জুৰ”।
( ২৫ )
“আহাঁছো তুমিও কাষলে’ সখি,
কেনে সুমধুৰ বলিছে বা,
পুলকতে নাচি সৰিছে শেৱালি,
ঢোপা কলিটিৰৰ লৰিছে গা।”
( ২৬ )
ইদৰেই দুয়ো কত দিন আমি
মধু মিলনৰ পাতিলো মেলা,
ভৰা যৌৱনৰ ফুলাম পাৰত
আকাশী-পদুম ফুলাৰ বেলা!
(২৭ )
ইদৰেই সখি কত দিন ৰাতি
সুধাৰ সঁফুৰা মুকলি কৰি
পান কৰিছিলো কত হেঁপাহেৰে
একেলগে দুয়ো পৰাণ ভৰি।
( ২৮ )
সেই মিলনৰ সেই সপোনৰ
সুৰ ভাঙি আজি দিলেহি কোনে
কোন ফাগুণৰ নিলাজ পৱনে,
কোন শৰতৰ পপীয় জোনে?
(২৯)
মিলনত সখি, আছেই বিৰহ!
আমিয়ে অকল বিৰহত পৰি,
নাই ভোগা দুখ, যাতনা দাৰুণ
শ্মশানৰ চিতা বুকুতে ধৰি।
( ৩০ )
জগতত কত আছে জগৰীয়া
আছে কত সখি, দীনৰো দীন,
ওৰে দিন ৰাতি, টুকিছে চকুলো
বজাই বুকুৰ বেদনা-বীণ!
( ৩১ )
হ’ক তেনে সখি, বিৰহ আমাৰ
বিৰহৰ চিতা জ্বলাই দিয়া,
কামী-হাড় পুৰি ছাই হৈয়ো গলে,
তাতে পাম আমি আমাৰ হিয়া!
( ৩২ )
বিমল প্ৰেমৰ ধ্ৰুৱতৰা সখি,
হিয়া-গগণত গোপনে উঠে,
পাৰ ভাঙি ভাঙি প্ৰণয় যমুনা
ওঁঠৰ চুমাতে উথলি নুঠে!
( ৩৩ )
প্ৰেমে নিবিচাৰে বিৰহ-মিলন,
বিচাৰে মাথোন বুকুৰ সুৰ,
প্ৰেমৰ কাষত জগতখনেই
যাউতিযুগীয়া অলকাপুৰ।
( ৩৪ )
সেই সুৰৰেই ধ্বনি শুনি শুনি
আপোন বুকুৰ ঢালি দি বোল,
চিৰ-বিৰহিনী, তথাপি ফুলিছে
ৰঙা মদাৰৰ ৰাঙলী ফুল।
( ৩৫ )
সেই সুৰৰেই সুৰ লাগি লাগি
জাকেৰে জোনাকী পৰুৱা উৰে,
নিঠুৰ হিয়াতো চেনেহ ঢালি দি
নিশা এন্ধাৰত নিৰলে ফুৰে!
( ৩৬ )
সেই সুৰৰেই কঁপনিত সখি,
তিৰ্ বিৰ্ কৰি জিলিকে তৰা,
বিৰহী-পাটীত নিতে দিয়ে আঁকি,
মিলনৰ ছবি মাধুৰী ভৰা।
( ৩৭ )
নিলাজী বনৰ চিকুণি কুঁহিতো
প্ৰেমৰ সুৰভি বিচাৰি পায়,
কাষ চাপিলেহি আজলী-বালাৰ–
লাজতে লাজুকী মৰহি যায়!
( ৩৮ )
নাথাকে যদিহে মনৰ মাজত
ভকতি ৰসৰ বিমল ধাৰ,
কি হ’ব যাচিলে দেৱী-দেৱতাক
ফুল-তুলসীৰ সুৰভি হাৰ?
( ৩৯ )
কি হ’ব সাজিলে ৰূপৰ মন্দিৰ,
সোণৰ প্ৰতিমা থাপনা কৰি,
পূজাৰ বেলিকা পৰম পদত
যদিহে চকুলো নপৰে সৰি?
( ৪০)
সেইহে কইছোঁ’ শুনা সখি মোৰ,
আমি জগতত সদায় জয়ী,
পূজিবা দেৱতা, পূজিম দেৱীক,
চিৰ প্ৰেমময়, কৰুণাময়ী!
( ৪১ )
তুলসী নালাগে, দূবৰি নালাগে,
নালাগে নৈবেদ্য, নালাগে ধূপ,
প্ৰাণৰ দাপোণ দুয়ো মেলি চাম,
একেলগে পাম দুয়োটি ৰূপ!
( ৪২ )
এই যে বিমল শস্য-শ্যামল
গিৰি, নদী ভৰা শুৱনি ধৰা
সৌ যে আকাশ নাচে নিতে য'ত
ন-জোন বেলি, নাচনি তৰা
( ৪৩ )
সকলোটি মাথোঁ নিশাৰ সপোন
মোহিনী মায়া জালেৰে ঘেৰা
মানুহে তাতেই সাজে মৌ-চাক
বিচাৰি সপোন মাধুৰী ফেৰা।
( 88 )
ময়ো সাজিছিলো মৌ-চাক সখি
ময়ো ৰচিছিলো সপোন সুৰ,
সেই সপোনৰ বিৰাট মেলাৰ
অনন্ত লীলাৰ পৰিলে ওৰ।
গীতি-মালা
পদূলিত ফুলিছে গধূলি গোপাল ঐ
পিৰালিত ফুলিছে যুতি,
ওঁঠৰ জোকাৰণিত মুখত জিলিকিছে
পকা ডালিমৰে গুটি।
গীতি-মালা
—গণেশচন্দ্ৰ গগৈ
যোৰহাট
প্ৰথম সংস্কৰণ—আহাৰ ৫১২ শঙ্কৰাব্দ
প্ৰকাশক—
শ্ৰীতৰুণচন্দ্ৰ গগৈ বি-এ,
যোৰহাট
সৰ্বস্বত্ব সংৰক্ষিত]
[ ৩৯ ]
( ১ )
সৃষ্টি সৃষ্টি সৃষ্টি
ছাঁয়াৰ আকৃতি তাৰ
মায়া প্ৰকৃতি।
শুনি তাতে নিৰন্তৰ,
অৱাহনী অনন্তৰ,
মৰণ পথেদি কৰে
জীৱনে গতি।
ইযে নিয়তী, ইযে নিয়তী,
ইযে নিয়তী!
⸺
( ২ )
হে সত্য সুন্দৰ ৰাম!
ধন্য তোমাৰ নাম,
ত্যজি সুখ-ভোগ, বিলাস-বাসনা,
স্বদেশৰ হিত তোমাৰ সাধনা,
ধন্য তোমাৰ মানৱ মহিমা
ধন্য অযোধ্যা ধাম।
হে সত্য সুন্দৰ ৰাম।
—⸻—
( ৩ )
মায়া মোহে ভৰা ধৰা মোৰ প্ৰভু ঐ
মায়া মোহে ভৰা ধৰা,
মায়াৰে আবৰা সোণালী সৱিতা
মায়াৰে আবৰা তৰা।
মায়া জীৱনতে জীৱই জালে পাতি
আপুনি পৰিলে ধৰা,
মায়া জৰী ছিঙি মায়াপী শ্ৰীহৰি
এফেৰি কৰুণা কৰা।
—⸻—
( 8 )
দেহৰে মাজতে অত্মা ৰূপতে
শিৱক বিচাৰিলে পায়,
ধৰমক সাক্ষী কৈ, কোৱা মোৰ বান্ধৈ ঐ,
জগত যে ভকতৰ ঠাই।
ৰজাও দুখীয়া, প্ৰজাও দুখীয়া
দুখীয়া নোহোৱা নাই,
ব্ৰহ্মাণ্ডৰ গৰাকী টোকোনা ভিক্ষাৰী
তেওঁক নলগাবা দায়।
———
( ৫ )
দুখীয়াৰ কোটোৰা টুকুৰা টুকুৰা
তাকে লৈ মেলিলো হাত
প্ৰভু ঐ, তাকে লৈ মেলিলো হাত,
মইও ভিক্ষাৰী, তুমিও ভিক্ষাৰী
তথাপি প্ৰভু ঐ, নিদিলে কোনেও
নিদিলে মলসু তাত!
খৰাহি সাজিলো কাঠী-কামী কৰি
ধান চাই সাজিলো কুলা,
আজিহে বুজিলো তমালৰ বকটুত
তব চৰণৰে ধূলা।
মৈ চাই আনিলো যুৰীয়া মতা মহ
ফাল চাই জুৰিলে হাল,
কোৱা ঐ প্ৰভু মোক তোমাৰে নাৱতে
কেতিয়া তৰিম মই পাল?
( ৬ )
মাধৱৰ শিৰতে ময়ূৰ কিৰীটি
মোহন মুৰলী কৰে,
কালিন্দী তীৰৰে তৰুৱা কদমত
মধুৰ মূৰতি ধৰে।
নাহিবি নাহিবি গোপিনী গাভৰু
যাগৈ আঁতৰি তই,
বহি বনমালী মায়াৰে আবৰি
বুকুৰে অমিয়া হৰে।
ৰূপৰে বিজুলী জ্বলিলে আজলী
বলিব পীৰিতি বা,
প্ৰেমৰে তৰণী তুল্ বুল্ কৰিব
নোৱাৰে ৰাখিব থৰে।
( ৭ )
কদমৰ চনকা ডালতে তই কলীয়া, গধূলি কৰিছ কি?
গধূলি কৰিছ কি তই কলীয়া, গধূলি কৰিছ কি?
গকুলৰ গোপিনী গধূলি আহিব ধুবহি যমুনাত গা
নেলাগে বজাব বাঁহী গৰখীয়া যা তই আঁতৰি যা।
নেলাগে বোৱাব সুৰৰে লহৰি, নেলাগে সৰাব কদমৰে কলি
নেলাগে শুনাব বনগীত এফাঁকি ৰাধিকাক সহাঁৰি দি।
ৰূপহী জোনৰে চুপহি মেলিছে কদমৰ কঁপিছে পাত,
ৰূপৰে জেউতি উজলি উঠিছে গাভৰু গোপিনীৰ গাত।
নীল-বৰণীয়া যমুনাৰে পানী, গাভৰুৰ বুকুতে যাব ঢৌৱে খেলি
লাহতী বতাহে চুলি মেলি দিব খোপাটি সোলোকাই দি...৷
—০—
( ৮ )
হে’ৰা ৰাধিকা, লাজুকী লতিকা
বাটতে গাগৰি থলা,
যমুনাৰ ঘাটতে, মুৰলীৰ মাততে
কাক চাই থমকি ৰ'লা?
তৰুৱা কদমৰ কুঁহি পাত মেলিলে
ফুলা নাই এপাহি ফুল,
যমুনাৰ পানীতে নচা নাই পদুমী
যোৱা নাই ভোমোৰা ভোল।
কাক চাই আউলি হলা ঐ আজলী
কাক চাই বাউলী হ’লা?
কলীয়া কানুৱে বলিয়া বাঁহীৰে
বনগীত এফাকি গাই,
উজুটি খুৱাব খুজিছে গধূলি
গাভৰুক অকলে পাই,
নেলাগে শুনিব বলিয়াৰ বিননি
পানী লৈ ঘৰলৈ বলা••••••৷
—০০—
(৯)
সাগৰৰ তলি মুকুতাৰে ভৰা
ফণীৰ শিৰত মণি,
মনৰ মাজত কত সপোনৰ
কত দিঠকৰ ধ্বনি,
উঠে প্ৰতিধ্বনি।
নীলিমাত নাচে কত গ্ৰহ-তৰা,
আন্ধাৰে-আলোকে আকুলিতা ধৰা,
বিজুলীৰ দৰে তাতো যে উজ্বলে,
মায়াৰ প্ৰতিমা খনি।
⸻
( ১০ )
ফুলিছে ফুলৰে পাহি
আহিছে ভোমোৰা হাঁহি,
মউ নুচুহিবি নাহিবি ভোমোৰা,
ফুল নকৰিবি বাহী।
ফাগুনীৰ সুৰতে উঠিছে সুৰভি,
নেলাগে জ্বলাব ধূপ,
মেঘৰ বুকুতে সপোন দেখিছো
জোনত জিলিকিছে ৰূপ।
যাগৈ বসন্ত, কেলেই আহিলি
এনেয়ে শুনিছো গীত,
তয়ো ঐ বলিয়া, কুলিও কলীয়া
কেতেকীৰ কঠুৱা চিত।
—⸺—
( ১১ )
ললিত সুৰত আজি নবমী পুৱা
বোৱালে কোনে, বোৱালে কোনে,
গীতৰ অমিয়া ধাৰা সংগোপনে?
অ’ প্ৰিয় মোৰ নিহাৰ বালা,
শঙ্খ-মালতীৰ গাঁথিলা মালা
তৰুণী তুমি, অধৰ চুমি
নলিনী প্ৰিয় নিব অৰুণে।
ৰূপে পুলকিতা গগন ছানি,
ৰোহিণী উজলি উঠে মধু যামিনী,
তীৰে মৃদু গীতিৰে,
ৰচিবা প্ৰিয় মালা যতনে।
—⸻—
( ১২ )
আজি নিয়ৰত দূবৰি বনত
কাৰ পৰশত মুকুতা জ্বলে,
শেৱালি সৰে, সুৰভি জৰে
শাৰদী মধুৰ-মলয়া বলে।
কলীয়া অলি, বলিয়া সুৰে,
ষোড়শী সখীক বিচাৰি ফুৰে,
গোপনে আহি গোলাপী গালত
চুমাটি দিয়ে, পালে নিৰলে।
লাজুকী সখী লাজতে মৰি
ওৰণি টানি যায় আঁতৰি,
আকুল কৰে আজলী বুকু,
প্ৰেম যমুনাৰ ৰূপহী ধলে।
—⸻—
( ১৩ )
আজি মধুনিশা মাধৱী কিৰণে
সানিছে, সুষমা ৰৈ,
সুৱদি সমীৰে সুৰভি ঢালিছে
গোন্ধৰে সঁফুৰা লৈ।
দূৰণি দেশৰে শুৱনি তৰাটি
মেঘৰে ওৰণি লৈ,
মেলানি মাগিছে, সোণৰে মাদলি
জোনৰে বুকুতে থৈ।
ৰৈ, ৰৈ সৰিছে, শেৱালি, নেৱালি
পাহীতে হিমানি লৈ,
দূবৰি বনতে উজলি উঠিছে
মুকুতা এধাৰি হৈ।
ৰূপ ছাটিমাৰি ৰূপোৱালি ৰাতি
কুলু কুলু কুলু কৈ,
নিজানৰে জুৰি নিজৰি নিজৰ
আহিছে ধীৰেৰে বৈ।
⸻
( ১৪ )
সুৰভি সুষমা আনি কোনে সানিলে,
কোনে সানিলে, কোনে সানিলে —
লতা-বিতানে, যৌবন বনে?
অ’ প্ৰিয় মোৰ যামিনী বেলা
অধৰে অধৰে আজি মধুৰ খেলা;
হিয়াৰ তলিৰ পদুম কলি
ফুটিলে প্ৰিয়, আপোন মনে!
⸻
( ১৫ )
কোনে আহি, কোনে আহি
আকুল প্ৰাণৰ পৰশ নিব
কোনে মেলি হিয়াৰ দুৱাৰ
প্ৰাণত প্ৰদীপ জ্বলাই দিব?
দূৰে দূৰে, আহি প্ৰিয়,
অভাগিনীৰ আগত কিয়?
দেখা দিলা, দেখা দিলা
মূৰতি মোহন, অপাৰ্ থিব!
⸻
( ১৬ )
ৰূপৰ পোহাৰ খোল ৰূপহী,
ৰূপৰ পোহাৰ খোল,
উথলি উঠক ওঁঠত হাঁহি,
গালত গোলাপ ফুল।
লাহেৰে বান্ধি লাহতী খোপা,
গুঠি ল’ সখী , গুলচী থোপা,
শুৱনী হাতত সানি ল’ সখী,
জেতুকা পাতৰ বোল।
মৰমী মধুৰ মোহিনী গানে,
পিয়াসী প্ৰাণত সুষমা সানে,
প্ৰিয়াৰ চুপহি চুহি,
প্ৰেমত বিভোৰ ভোল।
⸻
( ১৭ )
ৰাঙলী ৰ’দতে চুলিটাৰি মেলি
বগীকৈ পদুমী ঐ!
কেলেই ফুলিলি নিজানত অকলে
বোকাৰে বাতৰি কৈ?
লাৱণী লাজুকী ঐ!
আপোনাৰ লাজতে আপুনি মৰিছ,
শুকুলা গালতে শেৱালি সিচিছ,
অ’ মোৰ ৰূপহী ঐ!
ওৰণিৰ আঁৰেদি কাকনো জুমিছ
ওঁঠতে মাধুৰী লৈ?
⸻
( ১৮ )
নিলাজী পদুমী কিনো জুমি জুমি,
চাৱ ঘনে ঘনে ৰৈ,
লাহি পাহি মেলি সাজিছ, পাৰিছ
বুকুতে বহনা লৈ!
কোননো আহিব আলাসৰে লাৰু
সোণৰে সফুঁৰা লৈ,
আগলি পাততে কাক বহুৱাবি
আগতে বটাটি থৈ?
অলিয়া-বলিয়া, কলীয়া ভোমোৰা
এনেনো মৰমী ঐ!
মউ চুহি ললে মনতো নপৰে
চেনেহী পদুমী লৈ!
যৌৱন কালতে ৰূপ হালে জালে
তাতে মতলীয়া হৈ,
ৰূপ নযহাবি তয়ে ঐ ৰূপতী,
ৰূপ যে নেথাকে ৰৈ।
—⸻—
( ১৯ )
অ’ মোৰ আজলী, অ’ মোৰ লাজুকী,
চিনাকি অতিথি মোৰ,
নিকৰুণ নিশা শুনালে কি হব
অমিয়া মাধুৰী সুৰ!
মেঘে ছাটি গ’লে জোনৰে জেউতি
নবলে মলয়া জুৰ,
চালুকীয়া তৰা উচুপি উচুপি
টুকিছে চকুৰে লোৰ।
চালি ধৰি ফুৰা জোনাকী পৰুৱা
শোকতে মাৰিছে বুৰ,
কিয় তেনে আৰু ৰচিব লাগিছে
অমিয়া মাধুৰী সুৰ?
—:০:—
( ২০ )
নিৰাশাতে নাশি মাধুৰিমা,
নিদিলাহি দেখা নিৰুপমা,
নিৰুপমা, তুমি প্ৰিয়তমা!
প্ৰিয়া, প্ৰিয়া বুলি হিয়া ছানি,
গাঁথিছিলো গীতি, প্ৰীতি সানি,
ব্যথা লাগি, তাতে ব্যথা লাগি,
মৰহিলে সুৰ মনোৰমা!
ফুলি পদুমৰে ঢোপা কলি,
আঁহা আঁহা, বুলি মাতে অলি,
সেই সপোনতে ঢলি পৰি,
খেলিছিলো মেলি প্ৰেম তৰা,
কুৰুৱাতে আজি বুৰু বুৰু,
বুৰু বুৰু প্ৰিয়া, অনুপমা।
—০—
( ২১ )
সুখৰে মালতী পাহি দুখতে মৰহি গ’ল,
সপোনৰ মধুপুৰী পুৱাতে নোহোৱা হ’ল।
চিকুণী কুঁহিটি মেলি,
মলয়াতে ঢউ খেলি,
আশাৰ আকাশী-লতা নিৰাশাতে জহি গল।
পৰশ পাথৰে গঁথা,
সোণৰ কলচী পতা,
ভাঙ্গি গ’ল পছোৱাই মনে সজা মায়া দ’ল!
—০—
( ২২ )
ভাগিলে ভাগিলে প্ৰেমৰে থাপনা
নিঠুৰে নাশিলে মিলন পূৰ,
গুপুতে জাগিলে বুকুতে বেদনা
সুখৰে অমিয়া পৰিলে ওৰ।
কপালতে পিন্ধি বিজয় কপালী,
মানবী জনম কৰা ৰূপোৱালি,
গগনে-পৱনে সজোৱা দীপালী
বজোৱা ত্যাগৰ ভূপালী সুৰ৷
—
( ২৩ )
তুমি যদি মোৰ অতিকে আপোন
তুমিয়ে অতিকে পৰ,
তোমাৰ কাৰণে তোমাতে মজিলো
তুমিয়ে ভাঙিলা ঘৰ।
ৰাতি দিন কৰি জীৱন কটালো,
তোমাৰ দুখতে চকুলো টুকিলো,
আজিহে বুজিলো বুকুৰ বাতৰি
বুকুৱে বুকুৱে লৰ।
( ২৪ )
জোনৰে জেউতি জোনতে শুকালে,
শুকালে শুৱনী তৰা,
মেঘৰে বুকুতে বিজুলী লুকালে,
এন্ধাৰে ছাটিলে ধৰা।
ৰৈ, ৰৈ বিনালে বিলৰে পদুমী,
শোকতে পাহিটি সৰা,
উচুপি কান্দিলে গধূলি গোপালে,
পদূলি মুখৰে পৰা।
—
( ২৫ )
শেৱালিৰে মালা প্ৰিয়
ৰচিছিলা কিহলৈ?
সৰিলে আজলী পাহি
ৰেণু উৰি উৰি গৈ।
নিৰুপমা, নিমগনা,
সপোন, সুষমা সনা,
মৰহিলে কবিতাৰ
মাধুৰিমা আজি ঐ!
অনুপমা, অনুগতা
নিমাতী, লাজুকী লতা,
আহোঁ বুলি নাহি প্ৰিয়,
গলা কিয় দূৰলৈ?
মাধৱী, জোনাকী নিশা
ৰূপোৱালি ৰূপ শিখা,
ঢাকিব কলীয়া মেঘে
জানিবানো কেনেকৈ?
—
( ২৬ )
হিয়া খনি আজি মোৰ,
কিয় কঁপে, কিয় কঁপে?
ব্যথা ভৰা বাজে সুৰ;
শুনো কিয় দূৰণিৰ,
অৰুনিমা নলিনীৰ,
কৰুণ বিননি ধ্বনি,
বিৰহে বিষাদে পূৰ?
ৰেৱতীৰ পাতে পাতে,
শৰতৰ হিমে ছাটে,
নজ্বলি মুকুতা তাতে,
সৰে কিয় চকুলোৰ?
—
( ২৭ )
কিয়নো কান্দিছ তই, অ' যুতি ফুল
লাজুকী লতালৈ চাই,
কাণে কাণে তোৰ বাউলী বতাহে
কিনো কথা কৈ যায়?
লিহিৰি পাতেৰে লতা হালে জালে,
মৰলৰ সাৰিছে ঠাই,
জেতুকাৰ বোলৰে কৰবী ৰাঙলী
বৰণৰ আঙঠি পাই।
গুলচীয়ে বাটে নোৱনি হালধি,
শেৱালি বিয়ালৈ যায়,
লাহতী হাতেৰে খোপা বান্ধি দিয়ে,
ৰচকী কেতেকী বাই!
ৰভাৰে মাজতে নিশা তিৰেবিৰাই,
জোনে ভুমুকিয়াই চাই,
বুকু ভাঙি ভাঙি নেকান্দিবি যূতি,
তোলৈ চাওঁতা নাই!
—
( ২৮ )
অ' মোৰ আদৰী, অ' মোৰ সাদৰী
কি ফুল তুলিছা পুৱা,
কি ফুল তুলিছা, কি ফুল তুলিছা,
কি ফুল তুলিছা কোৱা?
জাঁই, যূতি, গুটি নেলাগে তুলিব
অলিয়ে কৰিলে চুৱা।
বাহী বকুলৰে পাহি সৰি আছে,
মালতী মৰহি যোৱা।
ৰঙা মদাৰৰে কাষ নেচাপিবা,
যোৱা ঐ আঁতৰি যোৱা,
তাই বিৰহিণী, তেজেৰে ৰাঙলী
পাহিও তেজেৰে ধোৱা।
পদূলি মুখতে গধুলি গোপালে,
কি ৰূপ ধৰিছে চোৱা,
জঁয় পৰি যাব লাজুকী ৰূপহী,
নুচুবা, নুচুবা থোৱা।
( ২৯ )
মুকলি মনৰ বনৰ পখী,
কিয় বিনাৱ পুৱা-গধুলি,
কোন উৰি গ'ল উৰুঙ্গা কৰি,
দুদিন থাকি, আপোন বুলি?
পুহৰি, পুহৰি শেৱালি সৰিলে,
কৰুণ তই বিনাৱ,
গধূলি ফুলিলে গধূলি গোপাল,
তই বিনাৱ, বিনাৱ।
কোন কেঁচা সোণ, সুৱগা-সনা,
মৰমী বুকুৰ তোৰে বহনা,—
থিতাতে লুকাল, তাৰ শোকতে,
তই বিৰহী, বিৰহী হলি?
দূৰ-দূৰণিৰ আজলী তৰাই,
ৰূপালী কৰে ফুলাম ধৰা,
এটি খহিলেই পাহৰি মৰম
আটায়ে বোলে পপীয়া তৰা!
- 0 -
(৩০)
চৰণ ধূলি লৈ
হে অতিথি, কি বিচাৰি আহিছিলা ঐ?
কিয় ঘূৰি গুচি গ'লা,
মাতিছিলো; নেমাতিলা,
এন্ধাৰ ঘৰৰ দুৱাৰ মুখত
নেথাকিলা ৰৈ,
হে অতিথি, কি বিচাৰি আহিছিলা ঐ?
নিশাৰ বুকুত জ্বলে তৰা,
পোহৰ কৰে, ফুলাম ধৰা,
ন-জোন সাজি, নতুন দৰা,
বিলৰ কাষত ৰৈ,
পদুম বনত গৈ,
নেযায় গুচি, নেটায় মানে
প্ৰাণৰ কথা কৈ।
হে অতিথি, কি বিচাৰি আহিছিলা ঐ?
তুমি আহি গ'লা গুচি, মোৰ পদূলি নহ’ল শুচি,
বুকুৰ কথা বুকুতে থাকিল,
নোলাল বাহিৰ হৈ
হে অতিথি, কি, বিচাৰি আহিছিলা ঐ•••?
—০—
( ৩১ )
ঘাটত কোনে ৰৈ আছেহি,
ঘাটৈ বুলি মাতি,
কোন পাৰোৱা, পাৰ হৱ তই,
গহীন, দুপৰ ৰাতি?
ধুমুহা, বতাহ বলিছে ঘনাই
বিজুলী মাৰে ৰৈ ,
ভৰ বাৰিষাৰ সোৱণশিৰী,
নহয় সোণৰ নৈ।
গাওঁ ভাঙ্গিছে, বন ভাঙ্গিছে,
থাউকি-বাথউ, ঢউ উঠিছে,
কি সাহেনো নাও মেল তই,
কৰে আপোনঘাটী?
—০—
( ৩২ )
হে’ৰ আহাৰৰ, কলীয়া ডাৱৰ
বলিয়া বাতৰি আনিছ কাৰ,
কোন বিৰহিণী, বিৰহত পৰি
নেওচি পেলালে সোণৰ হাৰ?
তাৰে জিলিকনি, জিলিকি জিলিকি,
মেঘৰ বুকুত বিজুলী চমকি,
প্ৰেমিকক দি ব্যথাৰ বাতৰি
বোৱাব খোজনে চকুলো ধাৰ?
হে’ৰ আহাৰৰ, কলীয়া ডাৱৰ,
বলিয়া বাতৰি আনিছ কাৰ?
শৰতৰ কত-শত সুধাকৰে,
শেৱালি পাহিতে চুমাটি দিলে,
ফাগুনী বতাহে, ৰূপহী নিশাত,
কত সপোনৰ সফুঁৰা নিলে।
আজি কিয় তোৰ, বুকুত বেদনা
বিশ্ব বিয়পা, অশ্ৰুভাৰ,
হে’ৰ আহাৰৰ, কলীয়া, ডাৱৰ,
বলিয়া বাতৰি আনিছ কাৰ?
—০—
( ৩৩ )
চলচলীয়া ৰূপ সাগৰত
ফুলাম তৰী লৈ,
কাক বিচাৰি ওলালি আজি
জল কুঁৱৰী হৈ?
কোন দূৰণিৰ গোপন পুৰীত
অ' ললিতা ঐ,
শাৰদী মধুৰ, জোনালী ৰাতি,
ৰেৱতী ফুলৰ আসন পাতি,
কুঞ্জবনত, সপোন কোঁৱৰ,
আছে আকুল হৈ।
ভৰ যৌৱনত, সপোন দেখি,
আটায়ে ফুৰে মাণিক লেখি,
সেন্দূৰী সপোন ভাগিব এদিন,
অ ললিতা ঐ,...
ৰূপ সাগৰৰ ৰূপ ঢুকাব,
ফুলতী ফুলৰ পাহি শুকাব,
কুঞ্জবনৰ পাৰ বুৰাব,
আহি কালৰ নৈ।
—০—
( ৩৪ )
ডোকমোকতে নাও মেলি তই,
যাব নেলাগে সউ সিপাৰলৈ,
ডকা ফুটিছে, ঢউ উঠিছে,
পছোৱা লাগি, জলক্ তবক্ নৈ!
কোনে সিপাৰৰ ঘাটত আহি নাৱৰীয়া ঐ••••••
সোৱণশিৰীৰ সোণালী বালি,
লৱণু-কোমল, হাতেৰে চালি,
ৰিহাৰ আগত সোণৰ কণা বান্ধি আছে ৰৈ?
আপোন দেহা থাকিলে ভালে,
হীৰা-মুকুতা, পাবি বেহালে
দেহা হেৰালে বেহা হেৰাব, নাৱৰীয়া ঐ••••••
নোৱাৰে আৰু আনিব ঘূৰাই,
চেনেহী আহি শোকতে বিনাই,
হীৰা-মুকুতা, ৰূপৰ ছটা
চিতাৰ কাষত থৈ•••
যাব নেলাগে সউ সিপাৰলৈ•••
—০—
(৩৫ )
ধলৰ সোঁতত নাও মেলি লৈ নেযাওঁ ভটিয়াই,
ভগা পঁজা মোৰ উৰুৱালে ঐ নিঠুৰ কুৰুৱাই।
ৰান্ধনি ৰ’দত ঢউ ৰাঙলী, পাৰত বনৰ ফুল,
পাতৰ আঁৰত কেতেকী পাহি, গোন্ধত আমোলমোল।
লাহতী হাতত হেঙুলী বঠা,
নুমলী ওঁঠত, কুমলী কথা,
নাৱৰ ঘাটত ৰূপহী আহি, বাটলৈ আছে চাই।
গুপুতে থকা বুকুৰ মাণিক, বিধিয়ে কৰিলে চুৰ,
যোৰ ভাঙিলে মোৰ জীৱনৰ, সুখৰ পৰিল ওৰ।
ভৰা লুইতত আজি গধূলি,
পৰৰ ধনক আপোন বুলি,
সেই চেনেহীৰ সোণৰ ছবি, নিদিওঁ উটুৱাই,
ধলৰ সোঁতত নাও মেলি লৈ নেযাওঁ ভটিয়াই।
—০—
( ৩৬ )
বেলি পৰোঁ পৰোঁ হল নাৱৰীয়া!
বেলি পৰোঁ পৰোঁ হ'ল,
ৰান্ধনি ৰ’দতে অ’ নাৱৰীয়া,
ঢউ সোণোৱালী হ'ল,
নাৱৰ কাষে কাষে সোৱণ দৰিকণা,
চা ঐ, থমকি ৰ'ল।
বেলি পৰোঁ পৰোঁ হ’ল।
সোৱণ শিৰীতে, যৌৱন-উথলা
পাতিছে ৰূপহী থূল,
বুকুত জিলিকিছে, পদুমৰে কলি,
খোপাতে বাবৰি ফুল!
ৰূপ চাই নেথাকো, অ' নাৱৰীয়া,
বল ঐ খৰেকৈ বল,
ৰূপৰে লগতে দেহা হেৰুৱালো
জনমো বিফলে গ'ল,
বেলি পৰোঁ পৰোঁ হ’ল।
—০—
( ৩৭ )
সমাধিত চিতা নেলাগে সজাব
জ্বলোৱা সুগন্ধি ধূপ,
কালে নোৱাৰিলে মহিমা কাঢ়িব,
নেপালে গৰিমা লোপ।
কুসুমে নোৱাৰে সুগুণ বঢ়াব,
প্ৰদীপে আৰু কি প্ৰভা উজ্জ্বলাব!
চিতাৰ শিখাই নাচি বাৰে বাৰে,
জ্বলাব কীৰিতি দীপ?
ৰঙা জবা ঢালি বৰিলা মৰণ,
মৰণে মানিলে তোমাতে শৰণ,
জীৱনে মৰণে কোলাকুলি কৰে
ইকি! বিমোহন ৰূপ!
—০—
( ৩৮ )
আচঁলত ধৰা মোৰ
আঁহা যাওঁ, আঁহা যাওঁ,
অশ্ৰু নদীত সউ,
পালতৰা আছে নাও।
বিৰহৰ কুৰুৱাই,
নাও নিব বাই বাই,
উঠি তাতে এটিবাৰ,
শোকৰ লহৰী চাওঁ।
—
( ৩৯ )
ডাৱৰৰ সুৰুঙ্গাই,
জ্বলিছে বিজুলী ঐ,
খহিছে পপীয়া তৰা
এটি, এটি, এটি, কৈ।
আকাশ মুকলি হলে,
মৃদু মলয়া বলে,
আহিব মাধুৰী নিশা,
অমিয়া, মাধুৰী লৈ।
---
( ৪০ )
ৰেঘা দিব লাগে যদি
ৰেখা লেখি অৰুণৰ,
নেভাঙ্গিবা নিশা আহি,
মাধুৰিমা সপোনৰ!
সপোনতে তুমি আহি
বহাহি কাষতে মোৰ,
নেমাতিলে অভিমানী’
সৰি জৰে চকুলোৰ!
বেথা ভৰা ছবি সেই,
সেই ছবি মনোহৰ,
পুহৰি, পুহৰি হলে
দিবা ধূলি চৰণৰ।
শেৱালিৰে আলসুৱা
গাঁথি মালা বৰণৰ,
আলে ফুলে ৰেঘা দিম,
হেঙুলীয়া কিৰণৰ।
—০—
(৪১)
দেখা যদি দিয়া আই, দিয়া দেখা এটি বাৰ,
মনোৰমা মালতীৰ, মৰহিলে মালাধাৰ।
নিৰলে নলিনী তুলি, পাতিছিলো পূজাঘৰ,
সৰিলে আজলী পাহি, ব্যথা লাগি বিৰহৰ।
নিজৰি জৰিছে বেণু, জৰিছে পাপৰি তাৰ,
তোমাৰ হাতৰে পৰা, লম তুলি সুধাভাৰ!
তুমিয়ে কামনা মোৰ, মোৰ চিৰ সাধনাৰ,
জীৱনেমৰণে আই, তুমি দেৱী থাপনাৰ।
⸻
( ৪২ )
অ’ নাৱৰীয়া, চতত নলগাবি নাও
চতত নলগাবি নাও নাৱৰীয়া,
চতত নলগাবি নাও,
ধলৰ সোঁতে সোঁতে অ’ নাৱৰীয়া,
দে, পাৰি দে, নাও,
বেলি- নৌ পৰোঁতেই, পাবগৈ লাগিব
চেনেহী, চিকুণী গাওঁ।
লুইতৰ বুকুতে ৰান্ধনি বেলিটি,
তিৰ্ বিৰ্, কৰিছে চা,
পাৰৰ ইকৰাণি হালিছে জালিছে,
লাগিছে নাচনী বা।
লুইতত নবহে মন নাৱৰীয়া,
বল ঐ খৰেকৈ যাওঁ,
চেনেহী আই মোৰ পাৰতে আছেহি,
মৰমী মুখ’নি চাওঁ।
⸻
( ৪৩ )
পৰ্ব্বতৰ জীয়াৰী নিজৰা ঐ,
ভৈয়ামৰ মাজেদি আহিছ বৈ,
শিলনিৰ বুকুতে খলকনি তুলি
নিজৰি, নিজৰি যাৱ কলৈ?
অ’ মোৰ নিজৰা ঐ,
পাৰত তোৰ পীড়িতা জয়াৰে কাহিনী,
শুনি ল আজলী, চাই যা ৰৈ।
⸻
(88)
সতীৰ সমাধি ভূমি তেজেৰে ৰাঙলী আজি,
তেজেৰে ৰাঙলী আজি, তৰলা তটিনী,
জেৰেঙ্গাৰ বিৰিণানি, চকুৰ পানীৰে ধোৱা
চকুৰ পানীৰে ধোৱা, কঁহুৱা বননি।
পতিব্ৰতা, অনুগতা, আজলী, অৱলা প্ৰাণ,
আজি নাই, আজি নাই, সিযে আজি অৱসান।
জয়াৰ বিজয়া দেহা, জেৰেঙ্গত জহি গ’ল
জয়া নাই, জয়া, নাই, আছে মাথো বিননি।
⸻
( 8৫ )
দীপালী, দীপালী, সোণালী দীপালী,
আকাশে সজালে দীপালী ঐ,
মেঘৰে আঁৰতে, তামূলি তৰাটি,
নাচিছে ৰূপৰে ৰেঘাটি লৈ!
* * *
শতৰু তেজেৰে, কপিলী ৰাঙলী
কাজলী মুখত উঠিছে ঢউ,
জননী ওঁঠত, বিৰিঙ্গি উঠিছে
স্বাধীন সুখৰ মাধুৰী, মউ।
ৰাঙলী সোঁতেৰে, বইছে লুইত
অসম ভূমিৰ কীৰিতি লৈ,
দীপালী, দীপালী, সোণালী দীপালী,
আকাশে সজালে দীপালী ঐ!
⸻
( ৪৬ )
মাতৃ পূজাত হেলা নকৰিবি
অৰ্ঘ্য দিবৰ সময় হ’ল,
উঠ অসমীয়া, আহ অসমীয়া,
অৰুণ পদত পূজিবি ব’ল।
সোণৰ অসম সুপ্ত নহয়,
লুপ্ত নহয়, গৰিমা তাৰ,
বক্ষ বিদাৰি বীৰৰ তেজেৰে
ৰাতুল চৰণ ধুৱালে যাৰ।
সেই গোসাঁনী জাগিছে আজি,
নাচিছে কলচী, নাচিছে দ’ল,
মাতৃ পূজা! মাতৃ পূজা!!
মাতৃ পূজাৰ সময় হ’ল।
⸻
(৪৭ )
জন্মভূমিৰ শঙ্খধ্বনি,
সৃষ্টি পাগল কৰা,
মৌন আকাশ, তৰুণ তপন,
মুগ্ধ বতাহ ধৰা।
মহিমা দীপ্ত, তাৰেই ধ্বনি,
আজিৰ পূজাত লহি শুনি,
ল’ জননীৰ চৰণ-ধূলি,
চেনেহ-আশীষ ভৰা।
⸻
( ৪৮ )
পৱন বেগে আহক আহে
তীক্ষ্ণ অসিৰ ঝন্ ঝননি,
গগন ভেদি, উঠক উঠে
শত্ৰু সেনাৰ তূৰ্য্য ধ্বনি।
স্বাধীনতাৰ ভক্ত আমি,
মাতৃ ভূমিত মৃত্যুকামী,
মাতৃভূমি স্বৰ্গ আমাৰ,
জন্মভূমি, শিৰৰ মণি।
( ৪৯ )
ধলৰে সোঁততে নাওঁ মেলো বুলি,
নাও মেলো বুলি,
ফুকনে তৰিলে পালে মোৰ গুৰু ঐ
ফুকনে তৰিলে পাল,
অ’ বান্ধৈ!
নাৱতে উঠিলে আই মোৰ গোসানী,
আই মোৰ গোসানী,
মোমায়ে ধৰিলে আলে, মোৰ গুৰু ঐ,
মোমায়ে ধৰিলে আল।
অ’ বান্ধৈ!
মোমাইৰে ভৰতে নাও বুৰু বুৰু,
নাও বুৰু বুৰু,
পালেহি পছোৱা কাল,
‘আইতকৈ ডাঙৰ মোৰ, নহয় মোমাই বুলি’
চেনেহৰ ছিঙিলে জালে, মোৰ গুৰু ঐ
চেনেহৰ ছিঙিলে জাল।
⸻
( ৫০ )
মহা মিলনৰ মাধুৰী লৈ,
মেলানিৰে বেলা নাহিবি বিননি,
নোলাবি চকুলো, নিজৰি বৈ।
বুলনি চ’ৰাতে গিয়াতী বহিল,
আইৰে সহাঁৰি পাই,
বিয়পি পেলালা, ভকতি ভটিমা
চেনেহী ছবিটি চাই।
আজি যোৱা যদি যোৱা মোৰ অতিথি,
যাবা ঐ মনটি থৈ।
আইৰে শিতানত, বন্তি জ্বলিলে
জ্বলিলে, সুৰভি ধূপ,
তাৰ পোহৰতে পাম ঐ অতিথি
চাম মোৰ গিয়াতীৰ ৰূপ।
দায়-দোষ খেমিবা, কাতৰে মাতিছো
বুকুৰে বটাটি থৈ।
⸻
(৫১)
অসমা, অসমা, আই নিৰুপমা
পাৱত তোৰ পদুমৰ চকা,
শ্যাম বৰণীয়া, ধুনীয়া সাজেৰে,
লৱণু দেহাটি ঢকা।
শিৰত তোৰ হিমেৰে, হিমানী কিৰীটি
আঁচলত কবিতা লতা,
পুৰণি মহিমাৰ, সোণালী গৰিমা
আছে তাৰ বুকুতে পতা।
তোৰ পো লাচিতৰ, বিজয় বাতৰি
জগতে শুনিছে ৰৈ,
জীয়া তেজ জেৰেঙাত, আজিও জিলিকে
জয়াৰে কাহিনী কৈ।
তেনে পো, জীয়াৰী, আজিও জননী,
আজিও বুকুতে যাৰ।
কোন বিজয়ীয়ে জিনিব পাৰিব
আই তোৰ মুকুতা-হাৰ?
অসমৰ দ’লতে, সোণৰে কলচী
ৰাতিও জিলিকি থাকে,
লখিমী আই তোৰ, চেনেহী মুখনি
‘অসমে’ সপোনত আঁকে।
⸻
( ৫২ )
অসম, অসম অ' আই অসম, জন্মভূমি, তীৰ্থ ঠাই
ধন্য আমাৰ জন্মজননী, পুণ্য পদৰ পৰশ পাই।
সোণৰ অসম নহৱ আই তই,
ৰূপৰ অসম নহৱ;
সুজলা, সুফলা, শস্য শ্যামলা
চেনেহী, চিকুণী নহৱ।
ধ্যান, ধাৰণাই বিচাৰি নেপায়, বিচাৰি নেপাই কল্পনাই
ৰূপত জননী তই নিৰুপমা, গুণতোযে তোৰ তুলনা নাই।
স্বৰ্গ বিচাৰি নেযাওঁ জননী
আৰু যে স্বৰ্গ নাই,
তয়েই আমাৰ চিৰ সাধনাৰ
চৰম লক্ষ্য ঠাই।
তোৰ চৰণৰে ধূলি সানি সানি তোৰ পদ জল এচলু খাই
তোৰ কোলাতেই মুদিম দুচকু শেষৰ ভকতি ভটিমা গাই।
প্ৰীতিত আমাৰ পৰাণ বন্ধা
পৰৰ হৃদয় কৰিম জয়,
পথিক আমি, মিলন পথৰ
পথ যে আমাৰ আলোক ময়।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )