পৃষ্ঠা:পাপৰি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
-গীতি-মালা-


( ১৭ )

ৰাঙলী ৰ’দতে চুলিটাৰি মেলি
 বগীকৈ পদুমী ঐ।
কেলেই ফুলিলি নিজানত অকলে
 বোকাৰে বাতৰি কৈ?
 লাৱণী লাজুকী ঐ!
আপোনাৰ লাজতে আপুনি মৰিছ,
শুকুলা গালতে শেৱালি সিচিছ,
 অ' মোৰ ৰূপহী ঐ!
ওৰণিৰ আঁৰেদি কাকনো জুমিছ
 ওঁঠতে মাধুৰী লৈ?

[ ৫৩ ]