পৃষ্ঠা:পাপৰি.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

(৩৫ )


ধলৰ সেঁতত নাও মেলি লৈ নেযাওঁ ভটিয়াই,
ভগা পঁজা মোৰ উৰুৱালে ঐ নিঠুৰ কুৰুৱাই।
ৰান্ধনি ৰ’দত ঢউ ৰাঙলী, পাৰত বনৰ ফুল,
পাতৰ আঁৰত কেতেকী পাহি, গোন্ধত আমোলমোল।
লাহতী হাতত হেঙুলী বঠা,
নুমলী ওঁঠত, কুমলী কথা,
নাৱৰ ঘাটত ৰূপহী আহি, বাটলৈ আছে চাই।
গুপুতে থকা বুকুৰ মাণিক, বিধিয়ে কৰিলে চুৰ,
যোৰ ভাঙিলে মোৰ জীৱনৰ, সুখৰ পৰিল ওৰ।
ভৰা লুইতত আজি গধূলি,
পৰৰ ধনুক আপোন বুলি,
সেই চেনেহীৰ সোণৰ ছবি, নিদিওঁ উটুৱাই,
ধলৰ সোঁতত নাও মেলি লৈ নেযাওঁ ভটিয়াই।

—০—


[৭০]