পৃষ্ঠা:পাপৰি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৩০ )


ভুল সখি, অতি ভুল, বিৰহ-বেদনা ভুগি।
 নাকাটে অকণো কাল, চকুলো নোলায়;
কলিজাৰ একোণত জ্বলিলে চিতাৰ জুই
 থাকিম নিতউ তাকে অকলে ফুঁৱাই!

( ৩১ )


জীৱন-তৰণি মোৰ উটি যাব জলধিত
 যিদৰে আহিছে উটি কুল হেৰুৱাই,
সাৰথি বিহীন হই যাম গুচি অকলই
 মাৰ যোৱা সুৰুযৰ শেষ ছবি চাই!

( ৩২ )


নাভাবিবা সখি তুমি, তোমাৰ গীতৰ ঢৌৱে
 ৰোধিৱ পাৰিব মোৰ লক্ষ্যহীন তৰী,
নাভাবিবা বুকুখনি শোকত মলঙি যাব
 বিৰহৰ দুখ-তাপ সুঁৱৰি সুঁৱৰি!

[ ১১ ]