পৃষ্ঠা:পাপৰি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ৪৫ )


নিজানত বহি তাতে অন্তৰ বেদীত মোৰ
 নিৰাকাৰ কিবা এটি এনেয়ে পূজিম,
—তুলসী অশুচি হল —অশুচি দূবৰি বন,
  —চিৰ-ব্যৰ্থ জীৱনৰ ৰঙা জৱা দিম।

( ৪৬ )


এদিন আছিল সখি কত কি যে ভাবিছিলো।
 কল্পনাতে অলকাত ফুৰিছিলো ভাহি,
সুনীল আকাশ ভেদি উঠিছিলে ইন্দ্ৰধনু
 —বিশ্বৰ বুকুত মাথো ফুটিছিলে হাঁহি।

( ৪৭ )


লাজুকী প্ৰেমৰ আভা লাগিছিল কৰবীত:
 পৰশতে জঁয়পৰা নিলাজী বনৰ,
কৈছিলে কেতেকীয়ে,- “প্ৰেমিক দুৱাৰ খোলা
 এয়েই মাহেন্দ্ৰ–ক্ষণ মধু-মিলনৰ।”

[ ১৬ ]