পৃষ্ঠা:পাপৰি.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গীতি-মালা

(৪৭ )

জন্মভূমিৰ শঙ্খধ্বনি,
 সৃষ্টি পাগল কৰা,
মৌন আকাশ, তৰুণ তপন,
 মুগ্ধ বতাহ ধৰা।
মহিমা দীপ্ত, তাৰেই ধ্বনি,
আজিৰ পূজাত লহি শুনি,
ল’ জননীৰ চৰণ-ধুলি,
 চেনেহ-আশীষ ভৰা।

( ৪৮ )

পৱন বেগে আহক আহে
 তীক্ষ্ণ অসিৰ ঝন্ ঝননি,
গগন ভেদি, উঠক উঠে
 শত্ৰু সেনাৰ সূৰ্য্য ধ্বনি।
স্বাধীনতাৰ ভক্ত আমি,
মাতৃ ভূমিত মৃত্যুকামী,
মাতৃভূমি স্বৰ্গ আমাৰ,
 জন্মভূমি, শিৰৰ মণি।