পৃষ্ঠা:পাপৰি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ৩৬ )


বিলাস, বিভূতি, ভোগী,  কতজনে দিনে-ৰাতি
 সাতুৰি নাদুৰি যায় সুখৰ সোঁতত,
কতই দুখৰ বোজা  দাঙিব নোৱাৰি সখি
 আকুলি-বিকুলি কান্দে শোক বেজাৰত!

( ৩৭ )


কতৰ কাতৰ হিয়া   সঞ্জীবিত হই উঠে
 প্ৰাণসমা প্ৰেয়সীৰ পৰশন পাই,
কতৰ বুকুত জুই  দুগুণ তেজেৰে জ্বলে
 অকালতে আলসুৱা প্ৰিয়া হেৰুৱাই!

( ৩৮ )


সুখী, দুখী, দীন, হীন,  ধনী, দানী, অভিমানী
 সবাৰে শিৰেদি বয় শোণিতৰ ধাৰ,
মৰণ পাৰতো সখি,   নোৱাৰে মচিব কেঁৱে
 যাউতি-যুগীয়া স্মৃতি প্ৰেম-প্ৰতিভাৰ!

[ ১৩ ]