পৃষ্ঠা:পাপৰি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

-গীতি-মালা-


( ৬ )

মাধৱৰ শিৰতে ময়ূৰ কিৰীটি
মোহন মুৰলী কৰে,
কালিন্দী তীৰৰে তৰুৱা কদমত
মধুৰ মূৰতি ধৰে।
নাহিবি নাহিবি গোপিনী গাভৰু
যাগৈ আঁতৰি তই,
বহি বনমালী মায়াৰে আবৰি
বুকুৰে অমিয়া হৰে।
ৰূপৰে বিজুলী জ্বলিলে আজলী
বলিব পীৰিতি বা,
প্ৰেমৰে তৰণী তুল্ বুল্‌ কৰিব
নোৱাৰে ৰাখিব থৰে।

[ ৪৩ ]