পৃষ্ঠা:পাপৰি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

( ২৮ )


অ' মোৰ আদৰী, অ' মোৰ সাদৰী
কি ফুল তুলিছা পুৱা,
কি ফুল তুলিছা, কি ফুল তুলিছা,
কি ফুল তুলিছা কোৱা?
জাঁই, যূতি, গুটি নেলাগে তুলিব
অলিয়ে কৰিলে চুৱা।
বাহী বকুলৰে পাহি সৰি আছে,
মালতী মৰহি যোৱা।
ৰঙা মদাৰৰে কাষ নেচাপিবা,
যোৱা ঐ আঁতৰি যোৱা,
তাই বিৰহিণী, তেজেৰে ৰাঙলী
পাহিও তেজেৰে ধোৱা।
পদূলি মুখতে গধুলি গোপালে,
কি ৰূপ ধৰিছে চোৱা,
জয় পৰি যাব লাজুকী ৰূপহী,
নুচুবা, নুচুবা থোৱা।

[ ৬৩ ]