এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-গীতি-মালা-
( ২৮ )
অ' মোৰ আদৰী, অ' মোৰ সাদৰী
কি ফুল তুলিছা পুৱা,
কি ফুল তুলিছা, কি ফুল তুলিছা,
কি ফুল তুলিছা কোৱা?
জাঁই, যূতি, গুটি নেলাগে তুলিব
অলিয়ে কৰিলে চুৱা।
বাহী বকুলৰে পাহি সৰি আছে,
মালতী মৰহি যোৱা।
ৰঙা মদাৰৰে কাষ নেচাপিবা,
যোৱা ঐ আঁতৰি যোৱা,
তাই বিৰহিণী, তেজেৰে ৰাঙলী
পাহিও তেজেৰে ধোৱা।
পদূলি মুখতে গধুলি গোপালে,
কি ৰূপ ধৰিছে চোৱা,
জঁয় পৰি যাব লাজুকী ৰূপহী,
নুচুবা, নুচুবা থোৱা।
[ ৬৩ ]