সমললৈ যাওক

পৃষ্ঠা:পাপৰি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বপ্ন-ভঙ্গ

(২৭ )


ইদৰেই সখি কত দিন ৰাতি
সুধাৰ সঁফুৰা মুকলি কৰি
পান কৰিছিলো কত হেঁপাহেৰে
একেলগে দুয়ো পৰাণ ভৰি।

( ২৮ )


সেই মিলনৰ সেই সপোনৰ
সুৰ ভাঙি আজি দিলেহি কোনে
কোন ফাগুণৰ নিলাজ পৱনে,
কোন শৰতৰ পপীয় জোনে?

(২৯)


মিলনত সখি, আছেই বিৰহ!
আমিয়ে অকল বিৰহত পৰি,
নাই ভোগা দুখ, যাতনা দাৰুণ
শ্মশানৰ চিতা বুকুতে ধৰি।

[ ৩২ ]