সমললৈ যাওক

পৃষ্ঠা:পাপৰি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

-স্বপ্ন-ভঙ্গ-

(৬)


তুমি কৈছিলা—“একেলগে আহি
একেলগে দুয়ো আকউ যাম,
ঘূৰি নাহোঁ মানে ইয়াতেই থাকা
গধূলি বেলিকা ইয়াতে পাম।”

( ৭ )


কত দিন গ’ল, কত ৰাতি গ'ল,
কতনো গধূলি অতীত হ’ল,
তথাপি নাহিলা, নিদিলাহি দেখা,
মনৰ বেজাৰ মনতে ৰল

( ৮ )


জীৱনত ফুল বহুত ফুলিল,
তথাপি নাপালো চুপহি তাৰ,
কত ৰূপহীৰ আঁচল ধৰিলো
নুবুজিলো তেও চকুৰ ঠাৰ।

[২৫]