পৃষ্ঠা:পাপৰি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৫৪ )


ফুল যে দূৰৰ কথা, নউ পৰোতেই কলি
 কল্পনাতে ঢাক খালে ভৰ হোৱা জাল,
দিনত জিলিকি উঠা ৰেখা এটি ৰাখি থই
 নিশাৰ সপোন আহি নিশাতে পলাল!

( ৫৫ )


ক’ব পাৰা তুমি মোক  (যদিও নোকোৱা জানো )
 “স্মৃতিকে যি জনে খোজে পেলাব মোহাৰি ,
ইমান কথাৰ আজি আছে কিনো প্ৰয়োজন
 আপোনাৰ লক্ষ্য লক আপুনি বিচাৰি।”

(৫৬)


সমিধান দিও শুনা- শোকাতুৰে শান্তি পায়
 গায় যদি ব্যথাভৰা বিষাদৰ গান,
যদিও প্ৰাণত আহি প্ৰাণৰ আঘাত লাগে।
 সেই প্ৰাণ বিধতাৰ শ্ৰেষ্ঠতম দান!

[ ১৯ ]