সমললৈ যাওক

পৃষ্ঠা:পাপৰি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-গীতি-মালা-

( ১০ )

ফুলিছে ফুলৰে পাহি
আহিছে ভোমোৰা হাঁহি,
মউ নুচুহিবি নাহিবি ভোমোৰা,
ফুল নকৰিবি বাহী।
ফাগুনীৰ সুৰতে উঠিছে সুৰভি,
নেলাগে জ্বলাব ধূপ,
মেঘৰ বুকুতে সপোন দেখিছো
জোনত জিলিকিছে ৰূপ।
যাগৈ বসন্ত, কেলেই আহিলি
এনেয়ে শুনিছো গীত,
তয়ো ঐ বলিয়া, কুলিও কলীয়া
কেতেকীৰ কঠুৱা চিত।

—⸺—

[ 8৭ ]