পৃষ্ঠা:পাপৰি.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গীতি-মালা

শ্ৰীশ্ৰীমাধবদেৱ পুথিভঁৰাল
স্থাপিতঃ১৯১৪ইং
সত্ৰ সুন্দৰীদিয়া, বৰপেটা

( ৫২ )

অসম, অসম অ' আই অসম, জন্মভূমি, তীৰ্থ ঠাই
ধন্য আমাৰ জন্মজননী, পুণ্য পদৰ পৰশ পাই।
 সোণৰ অসম নহৱ আই তই,
  ৰূপৰ অসম নহৱ;
 সুজলা, সুফলা, শস্য শ্যামলা
 চেনেহী, চিকুণী নহৱ।
ধ্যান, ধাৰণাই বিচাৰি নেপায়, বিচাৰি নেপাই কল্পনাই
ৰূপত জননী তই নিৰুপমা, গুণতোযে তোৰ তুলনা নাই।
 স্বৰ্গ বিচাৰি নেযাওঁ জননী
  আৰু যে স্বৰ্গ নাই,
 তয়েই আমাৰ চিৰ সাধনাৰ
  চৰম লক্ষ্য ঠাই।
তোৰ চৰণৰে ধূলি সানি সানি তোৰ পদ জল এচলু খাই
তোৰ কোলাতেই মুদিম দুচকু শেষৰ ভকতি ভটিমা গাই।