পৃষ্ঠা:পাপৰি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
-গীতি-মালা-

( ১৩ )

আজি মধুনিশ মাধৱী কিৰণে
সানিছে, সুষমা ৰৈ,
সুৱদি সমীৰে সুৰভি ঢালিছে
গোন্ধৰে সঁফুৰা লৈ।
দূৰণি দেশৰে শুৱনি তৰাটি
মেঘৰে ওৰণি লৈ,
মেলানি মাগিছে, সোণৰে মাদলি
জোনৰে বুকুতে থৈ।
ৰৈ, ৰৈ সৰিছে, শেৱালি, নেৱালি
পাহীতে হিমানি লৈ,
দূবৰি বনতে উজলি উঠিছে
মুকুতা এধাৰি হৈ।
ৰূপ ছাটিমাৰি ৰূপোৱালি ৰাতি
কুলু কুলু কুলু কৈ,
নিজানৰে জুৰি নিজৰি নিজৰ
আহিছে ধীৰেৰে বৈ।

[৫০]