পৃষ্ঠা:পাপৰি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ১৮ )


মুঞ্জৰিত মুকুলৰ কুকি অনা নাই সখি
 সজা নাই মালতীৰ মনোমোহা হাৰ,
কুঞ্জ-কাননত বহি কোকিল কাকলি সতে
 নাই গঁথা মালাধাৰি গীত-কবিতাৰ

( ১৯ )


মাণিক মুকুতা গাঁথি নাই গঁথা গলপতা
 হীৰাৰ আঙঠি মোৰ নাই দিবলই,
ভালপোৱা অন্তৰত যিকণি চেনেহ আছে
 মহাৰ্ঘ ৰতন মোৰ সেয়ে তোমালই।

( ২০ )


সেয়েই তুলসী মোৰ সেয়ে মোৰ গঙা-জল,
 তাতেই দুবৰি আছে তাতে বেল পাত,
তাতেই নিতউ জ্বলে প্ৰণয়ৰ ধূপ-দীপ
সেয়েই নৈবেদ্য মোৰ তোমাৰ পূজাত!

[ ৭ ]