পৃষ্ঠা:পাপৰি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
-গীতি-মালা-

( ১৬ )

ৰূপৰ পোহাৰ খোল ৰূপহী,
 ৰূপৰ পোহাৰ খোল,
উথলি উঠক ওঁঠত হাঁহি,
 গালত গোলাপ ফুল।
 লাহেৰে বান্ধি লাহতী খোপা,
 গুঠি ল' সখী , গুলচী থোপা,
শুৱনী হাতত সানি ল’ সখী,
 জেতুকা পাতৰ বোল।
 মৰমী মধুৰ মোহিনী গানে,
 পিয়াসী প্ৰাণত সুষমা সানে,
প্ৰিয়াৰ চুপহি চুহি,
 প্ৰেমত বিভোৰ ভোল।

[ ৫২ ]