পৃষ্ঠা:পাপৰি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

( ৩১ )


ঘাটত কোনে ৰৈ আছেহি,
ঘটৈ বুলি মাতি,
কোন পাৰোৱা, পাৰ হৱ তই,
গহীন, দুপৰ ৰাতি?
ধুমুহা, বতাহ বলিছে ঘনাই
বিজুলী মাৰে ৰৈ ,
ভৰ বাৰিষাৰ সোৱণশিৰী,
নহয় সোণৰ নৈ।
গাওঁ ভাঙ্গিছে, বন ভাঙ্গিছে,
থাউকি-বাথউ, ঢউ উঠিছে,
কি সাহেনো নাও মেল তই,
কৰে আপোনঘাটী?

—০—


[ ৬৬ ]