পৃষ্ঠা:পাপৰি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৬০)


থাকা তেনে সখি মোৰ  মাগিছো মেলানি আজি
 এয়ে শেষ দেখা দেখি শেষৰ দিনত,
প্ৰাণৰ পাপৰিখিনি থাকক ইয়াতে পৰি
 বিৰহৰ চিন লই মধু-মিলনত

( ৬১ )


সেই শৰতৰ কথা নানিবা মনত সখি,
 ভুলতো নাগাবা সেই প্ৰেমময় গান,
সেই সুৰ স্বৰগৰ অচঞ্চল, অনন্তৰ,
 মায়াময় মৰতত নাই তাৰ স্থান!

( ৬২ )


অতীতক এতিয়াই পাহৰি পেলোৱা সখি,
 নাই তাত অশ্ৰু-জল, নাই কীৰ্ত্তি-যশ,
শ্যামল বসুধা আজি সেয়ে হ’ব কালিলই
 উতপ্ত জ্বলন্ত প্ৰায় বলুকা নিৰস।

[ ২১ ]