পৃষ্ঠা:পাপৰি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

(৫৭)


নহলে মানুহে কিয় যৌৱন তীৰত বহি
 মণি-মুক্তা তুচ্চ কৰি চাব শতদল,
মনত পৰিব কিয় দ্বাপৰৰ বন বেণু,
 সেই ৰাস, সেই লীলা, কদমৰ তল?

( ৫৮ )


ময়ো যে মানুহ সখি,  মোৰো সেই একে প্ৰাণ
 মোৰোতো প্ৰাণত বাজে দ্বাপৰৰ গান,
যদিওবা জীৱনৰ এই ভৰ-দুপৰীয়
 বিচাৰিছো আছে ক’ত নিৰস নিজান

( ৫৯)


ভুল সখি মিছাকথা, নপৰে মনত কাৰো
 নপৰে মনত মোৰ অতীতৰ কথা
গোটেই জগত জুৰি বিহেৰেই ভৰপূৰ
 নহয় নহয় ইও ফুলে ফুলে গঁথা

[ ২০ ]