পৃষ্ঠা:পাপৰি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

~~স্বপ্ন-ভঙ্গ~~

(১৮)


তোমাৰ আকুল বুকুৰ কঁপনি
লাগি শেৱালিৰ সৰিলে ফুল,
ৰাঙলী ঠাৰিয়ে ওঁঠ দুয়োটিত
দিলে সানি সখি ৰাঙলী বোল!

( ১৯ )


দূৰণিৰে পৰা দেখিলে তোমাক
ইকি! সপোনৰ সেন্দুৰী জাল,
শৰত-কুঁৱৰী মৰতত বহি
শেৱালি ফুলৰ তৰিছে পাল।

( ২০ )


-নীলা আকাশত লীলা-খেলা কৰি
এটি দুটি তৰা হুহঁকি গ'ল,
সুধাকৰে মাথো সুধা ঢালি ঢালি
শৰত-কুঁৱৰী নিৰিখি ৰ’ল।

[২৯]