পৃষ্ঠা:পাপৰি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

-স্বপ্ন-ভঙ্গ-

( ৩৬ )

সেই সুৰৰেই কঁপনিত সখি,
তিৰ্‌ বিৰ্‌ কৰি জিলিকে তৰা,
বিৰহী-পাটীত নিতে দিয়ে আঁকি,
মিলনৰ ছবি মাধুৰী ভৰা।

( ৩৭ )

নিলাজী বনৰ চিকুণি কুঁহিতো
প্ৰেমৰ সুৰভি বিচাৰি পায়,
কাষ চাপিলেহি আজলী-বালাৰ–
লাজতে লাজুকী মৰহি যায়!

( ৩৮ )

নাথাকে যদিহে মনৰ মাজত
ভকতি ৰসৰ বিমল ধাৰ,
কি হ’ব যাচিলে দেৱী-দেৱতাক
ফুল-তুলসীৰ সুৰভি হাৰ?

[৩৫]