পৃষ্ঠা:পাপৰি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ২১ )


যদিওবা যৌবনত প্ৰাণৰ স্পন্দন শুনি
 পূজিব খুজিছো আজি প্ৰাণ উদিয়াই
ভয় হয়, কিজানিবা পূজোঁতে পূজোঁতে সখি
 শেষৰ পূজাত মোৰ প্ৰীতি কমি যায়!

( ২২ )

ভয় হয়,কিজানিবা তোমাৰ মানসী-ছবি
 জঁয় পৰি যাব পালে পাষাণ পৰশ,
তেতিয়া যে মিলনৰ নাথাকে মাধুৰী আৰু
 নাপাম কোনোৱে পিব প্ৰেম-সুধা-ৰস!

( ২৩ )

নকৰিবা ভয় সখি প্ৰেমময় জগতত
 পৰাণে নুবুজে যদি পৰাণৰ মোল,
অলিয়া-বলিয়া হই ক’লীয়া ভোমোৰা আহি
 কাঁইটীয়া গোলাপৰ নিবিচাৰে ফুল

[ ৮ ]