পৃষ্ঠা:পাপৰি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৯ )


কিয়, ক’তা তেতিয়াতো নকঁপিলে বুকু মোৰ;
 শুনিছিলো, শুনি মাথো লাগিছিল ভাল,
নোৱাৰিলে, নিব কেৱে তুলি সেই তৰঙ্গত,
 নচলিল নাও মোৰ, নলৰিল পাল!

( ১০)


আজি শৰতৰ এই মধুৰ মাধবী নিশা
 টানি নিছে প্ৰাণ মোৰ নেজানো কলই
—হোৱা তুমি যেয়ে হোৱা, নিয়া টানি টানি নিয়া
 যোৱাতো মাধুৰী আছে লক্ষ্যহীন হই!

(১১)


কৈশোৰত দেখিছিলো, স্বভাৱ-চপলা বালা
 আপোনাৰ খেলা খেলি আপুনি মগন,
বুকুৰ কবিতা কলি নুফুলিলে, নেদেখিলো,
 নেদেখিলো ছঁয়াময়া লাজুকী বৰণ!

[৪]