পৃষ্ঠা:পাপৰি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৪৮ )


আছিলো তন্ময় হই, অকস্মাতে সাৰ পালো,
 অলক্ষিতে অন্তৰত জ্বলিলে শলিতা,
চকুৰ আগতে দেখো, ই কি দৃশ্য মনোৰম
 –অনন্ত অসীম ৰূপ, অনন্ত কবিতা!

( ৪৯ )


সেইদিনা ভাবিছিলো,— এই সুধা, ৰূপৰাশি
 প্ৰকৃতিয়ে অবাবতে ঢালি দিয়া নাই,
ইয়াৰেই অনুৰূপ মানুহে কৰিব সৃষ্টি
 এই বিশ্ব-বিমোহিনী চানেকীকে চাই

( ৫০ )


প্ৰাণৰ দুখনি কুঞ্জ, প্ৰীতিৰ লতাৰে বান্ধি
 ভাবিলো সাজিম ময়ো নিকুঞ্জ কানন,
পুণ্যৰ সুৰভি সানি প্ৰেমৰ বসন্ত-কাল
 বিৰাজিব তাতে লই অনন্ত আসন।

[ ১৭ ]