পৃষ্ঠা:পাপৰি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

-গীতি-মালা-

( 8 )

দেহৰে মাজতে আত্‌মা ৰূপতে
শিৱক বিচাৰিলে পায়,
ধৰমক সাক্ষী কৈ, কোৱা মোৰ বান্ধি ঐ,
জগত যে ভকতৰ ঠাই।
ৰজাও দুখীয়া, প্ৰজাও দুখীয়া
দুখীয়া নোহোৱা নাই,
ব্ৰহ্মাণ্ডৰ গৰাকী টোকোনা ভিক্ষাৰী
তেওঁক নলগাবা দায়।

———