পৃষ্ঠা:পাপৰি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ৩৩ )


দিনৰ শেষত দিনে  চাকৈ-চকোৱা হালি
 এটিক অকলে’ এৰি এটি গুচি যায়,
যাবৰ সময় হলে এটিক অকল দেখি
 নাকান্দে সিটিয়ে সখি ইনাই-বিনাই।

( ৩৪ )


মিলনৰ বালি-ভেটা যদিওবা ভাগি গ'ল
 নাই ভগা সখি মোৰ প্ৰণয়ৰ বীণ,
সুৰৰ লহৰি তাত নুঠিলে নুঠিব পাৰে
 তাঁৰৰ স্পন্দন তাৰ নহয় বিলীন!

( ৩৫ )


কতজনে জগতত সাজি সাজি মৌ–চাক
 ভাঙি ভাঙি ৰহঘৰা মধু কৰে পান,
জঠৰৰ জ্বালা সখি সহিব নোৱাৰি কত
 দুৱাৰে দুৱাৰে ঘূৰে এৰি লাজ-মান!

[১২]