এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-গীতি-মালা-
( ১৪ )
সুৰভি সুষমা আনি কোনে সানিলে,
কোনে সানিলে, কোনে সানিলে —
লতা-বিতানে, যৌবন বনে?
অ’ প্ৰিয় মোৰ যামিনী বেলা
অধৰে অধৰে আজি মধুৰ খেলা;
হিয়াৰ তলিৰ পদুম কলি
ফুটিলে প্ৰিয়, আপোন মনে!
⸻
( ১৫ )
কোনে আহি, কোনে আহি
আকুল প্ৰাণৰ পৰশ নিব
কোনে মেলি হিয়াৰ দুৱাৰ
প্ৰাণত প্ৰদীপ জ্বলাই দিব?
দূৰে দূৰে, আহি প্ৰিয়,
অভাগিনীৰ আগত কিয়?
দেখা দিলা, দেখা দিলা
মূৰতি মোহন, অপাৰ্ থিব!
⸻
[৫১]