পৃষ্ঠা:পাপৰি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

(২৪)


কলিজাৰ ৰঙা তেজ নাযায় শুকাই সখি
 দুপৰীয়া সুৰুযৰ প্ৰখৰ ৰদত,
তগৰে পেলায় কলি, ফুলাত নিদিয়ে বাধা
 যদিওবা যায় ঢলি ফুলৰ ভৰত!

( ২৫)


লোৱা তেনে সখি আজি জীৱনৰ শ্ৰেষ্ঠ দান
 সত্য হ’ক স্বপ্ন মোৰ, পূৰ্ণ কৰা পণ,
দুখ, দৈন্য, ব্যথা ত্যজি ত্যজি মান-অভিমান
 ছাঁয়াই ছাঁয়াই হ’ক কায়াৰ মিলন!

( ২৬ )


ইকি! সখি অভিমান বুজিলো নোলোৱা তুলি
 আপোনাৰ শ্ৰেষ্ঠধন কৰিছিলো আগ,
তথাপি আঁতৰি গ'লা, আঁতৰতে ঠেলি মোৰ
 যাচি দিয়া যৌৱনৰ আদি পূজা ভাগ।

[ ৯ ]