পৃষ্ঠা:পাপৰি.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

( ১৮ )


নিলাজী পদুমী কিনো জুমি জুমি,
চাৱ ঘনে ঘনে ৰৈ,
লাহি পাহি মেলি সাজিহ, পাৰিছ
বুকুতে বহনা লৈ!
কোননো আহিব আলাসৰে লাৰু
সোণৰে সফুঁৰা লৈ,
আগলি পাততে কাক বহুৱাবি
আগতে বটাটি থৈ?
অলিয়া-বলিয়া, কলীয়া ভোমোৰা
এনেনো মৰমী ঐ!
মউ চুহি ললে মনতো নপৰে
চেনেহী পদুমী লৈ!
যৌৱন কালতে ৰূপ হালে জালে
তাতে মতলীয়া হৈ,
ৰূপ নযহাবি তয়ে ঐ ৰূপতী,
ৰূপ যে নেথাকে ৰৈ।

—⸻—



( ৫৪ )