সমললৈ যাওক

পৃষ্ঠা:পাপৰি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

-গীতি-মালা-

( ২১ )


সুখৰে মালতী পাহি দুখতে মৰহি গ’ল,
সপোনৰ মধুপুৰী পুৱাতে নোহোৱা হ’ল।
চিকুণী কুঁহিটি মেলি,
মলয়াতে ঢউ খেলি,
আশাৰ আকাশী-লতা নিৰাশাতে জহি গল।
পৰশ পাথৰে গঁথা,
সোণৰ কলচী পতা,
ভাঙ্গি গ’ল পছোৱাই মনে সজা মায়া দ’ল!

—০—

[ ৫৭ ]