পৃষ্ঠা:পাপৰি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ১২ )


আজি এই যৌৱনৰ  ৰূপেৰে ৰঞ্জিত বেলা
  চকুৰ আগত ইকি! ছবি বিতোপন,
স্বভাৱ-চপলা বালা  ষোড়শী যুৱতী হই
  সানি ললে অৰুণৰ কনক কিৰণ!

(১৩)


তোমাৰ ৰূপতেনে কি  স্নান কৰি আজি মই
  পুৰণি জগতখনি দেখিছে নতুন,
তোমাৰ ৰূপৰেনে কি  জিলিকনি পৰি সখি,
  নতুনৰো নানা ৰূপ এনে বিতোপন?

( ১৪ )


তোমাৰ পৰাইনে কি  চুৰ কৰি সমীৰণে
  সুৰভি নিশ্বাস লৈ উৰি গুচি যায়,
শৰতৰ শান্তিময়ী  সন্ধিয়া সখিৰ স’তে
  শেৱালি সৌৰভ বুলি জগত বেহায়?

[ ৫ ]