পৃষ্ঠা:পাপৰি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-গীতি-মালা-

( ৭ )

কদমৰ চনকা ডালতে তই কলীয়া, গধূলি কৰিছ কি?
গধূলি কৰিছ কি তই কলীয়া, গধূলি কৰিছ কি?
গকুলৰ গোপিনী গধূলি আহিব ধুবহি যমুনাত গা
নেলাগে বজাব বাঁহী গৰখীয়া যা তই আঁতৰি যা।
নেলাগে বোৱাব সুৰৰে লহৰি, নেলাগে সৰাব কদমৰে কলি
নেলাগে শুনাব বনগীত এফাঁকি ৰাধিকাক সহাঁৰি দি।
ৰূপহী জোনৰে চুপহি মেলিছে কদমৰ কঁপিছে পাত,
ৰূপৰে জেউতি উজলি উঠিছে গাভৰু গোপিনীৰ গাত।
নীল-বৰণীয়া যমুনাৰে পানী, গাভৰুৰ বুকুতে যাব ঢৌৱে খেলি
লাহতী বতাহে চুলি মেলি দিব খোপাটি সোলোকাই দি...৷

—০—

[ ৪৪ ]