পৃষ্ঠা:পাপৰি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিবেদন


যুগৰ পিচত, যুগ আহিছে
 জীৱন কৰিছে ক্ষয়,
প্ৰাণৰ কাষত, কালৰ আগত
 প্ৰেমৰ সদায় জয়।

 * * *


পদুম ফুলৰ ‘পাপৰি' নহয়'
 ‘পাপৰি'—প্ৰাণৰ মোৰ,
শোকৰ নহয়, দুখৰ নহয়,
 প্ৰেমভৰা চকুলোৰ!