পৃষ্ঠা:পাপৰি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

(৩)


সানি দিছে সুধাকৰে সুৱদি সুষমাৰাশি,
 নানান ভঙীৰে নাচে তাৰকা অযুত,
ঢালি দিছে ধৰাষাৰে ৰূপালি জেউতি ধাৰা,
 আঁকিছে মোহিনী ছবি প্ৰকৃতি বুকুত!

( 8 )


আলফুলে আঁচলত শেৱালি সৌৰভ বান্ধি
 সমীৰণে দশোদিকে দিছেহি বিলায়,
গিৰিবালা তটিনীয়ে অতি মৃদু মধু ৰৱে
 অদূৰত উলাহেৰে গীত গাই যায়।

( ৫ )


তথাপি নালাগে ভাল নেমানে বুজনি প্ৰাণে
 কোনে গাই, কোন তেওঁ, এনে মধু স্বৰ,
কিজানিবা চিনি পাওঁ, কিজানিবা লগ পাওঁ
 কিজানি চিনাকি মোৰ কোনো জনমৰ?

[ ২ ]