পৃষ্ঠা:পাপৰি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিখকৰ নিবেদন


নসৰিল চকুপানী সৰোতে “পাপৰি”
আজি এটা ক্ষন্তেকীয়া অলিক সপোনে,
নাজানিলোঁ নুবুজিলোঁ ধাৰাসাৰে বোৱা
ৰাখিছিলে চকুপানী গোপনে গোপনে।
 * * *
স্বপ্নৰ মাজত বহি সপোন ৰচনা
মানুহে নিতউ কৰে, ময়ো কৰিছিলো;
সেন্দুৰীয়া সপোনৰ সোণালী কিৰণ
মাৰ গ'ল আজি মাথো টুকিছোঁ চকুলো।
“স্বপ্ন-ভঙ্গ’ স্বপ্ন মোৰ নিলাজ প্ৰাণৰ,
সুৰহীন ঐক্যতান বিৰহ গানৰ।