পৃষ্ঠা:পাপৰি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—স্বপ্ন ভঙ্গ—

( ৩ )


সেই দিনা সখি, গধূলি-বেলিকা
পশ্চিমৰ মেঘে ক’লীয়া হই,
বুকুতে সামৰি আনিলে ধুমুহা
বিজুলী-গজনি পিছতে লই।

( ৪ )


নাথাকিলো আৰু কদম তলত;
সখি, সেই দিন আহিলো গুচি,
নেদেখা বাটত, শিল-বৰষুণে
নোৱাৰিলে মন কৰিব শুচি।

(৫)


পদূলি-মুখৰ নঙলাত লাগি
জঠৰ ভৰিও পিছলি গ'ল,
তথাপিও মোৰ দুগালেদি বোৱা
দুধাৰি চকুলো গালতে ৰ'ল!