পৃষ্ঠা:পাপৰি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
- স্বপ্ন-ভঙ্গ-


( ৪২ )

এই যে বিমল শস্য-শ্যামল
 গিৰি, নদী ভৰা শুৱনি ধৰা
সৌ যে আকাশ নাচে নিতে য'ত
 ন-জোন বেলি, নাচনি তৰা

( ৪৩ )

সকলো টি মাথোঁ নিশাৰ সপোন
 মোহিনী মায়া জালেৰে ঘেৰা
মানুহে তাতেই সাজে মৌ-চাক
 বিচাৰি সপোন মাধুৰী ফেৰা।

( 88 )

ময়ো সাজিছিলো মৌ-চাক সখি
 ময়ো ৰচিছিলো সপোন সুৰ,
সেই সপোনৰ বিৰাট মেলাৰ
 অনন্ত লীলাৰ পৰিলে ওৰ।