পৃষ্ঠা:পাপৰি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

( ১২ )


আজি নিয়ৰত দূবৰি বনত
কাৰ পৰশত মুকুতা জ্বলে,
শেৱালি সৰে, সুৰভি জৰে
শাৰদী মধুৰ-মলয়া বলে।
কলীয়া অলি, বলিয়া সুৰে,
ষোড়শী সখীক বিচাৰি ফুৰে,
গোপনে আহি গোলাপী গালত।
চুমাটি দিয়ে, পালে নিৰলে।
লাজুকী সখী লাজতে মৰি
ওৰণি টানি যায় আঁতৰি,
আকুল কৰে আজলী বুকু,
প্ৰেম যমুনাৰ ৰূপহী ধলে।

—⸻—


[ ৪৯ ]