পৃষ্ঠা:পাপৰি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-গীতি-মালা-

( ১৯ )


অ' মোৰ আজলী, অ' মোৰ লাজুকী,
চিনাকি অতিথি মোৰ,
নিকৰুণ নিশা শুনলে কি হব
অমিয়া মাধুৰী সুৰ!
মেঘে ছাটি গ'লে জোনৰে জেউতি
নবলে মলয় জুৰ,
চালুকীয়া তৰা উচুপি উচুপি
টুকিছে চকুৰে লোৰ।
চালি ধৰি ফুৰা জোনাকী পৰুৱা
শোকতে মাৰিছে বুৰ,
কিয় তেনে আৰু ৰচিব লাগিছে
অমিয়া মাধুৰী সুৰ?

—⸻—


[ ৫৫ ]