এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-গীতি-মালা-
( ১৯ )
অ’ মোৰ আজলী, অ’ মোৰ লাজুকী,
চিনাকি অতিথি মোৰ,
নিকৰুণ নিশা শুনালে কি হব
অমিয়া মাধুৰী সুৰ!
মেঘে ছাটি গ’লে জোনৰে জেউতি
নবলে মলয়া জুৰ,
চালুকীয়া তৰা উচুপি উচুপি
টুকিছে চকুৰে লোৰ।
চালি ধৰি ফুৰা জোনাকী পৰুৱা
শোকতে মাৰিছে বুৰ,
কিয় তেনে আৰু ৰচিব লাগিছে
অমিয়া মাধুৰী সুৰ?
—:০:—
[ ৫৫ ]