এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-গীতি-মালা-
( ২৪ )
জোনৰে জেউতি জোনতে শুকালে,
শুকালে শুৱনী তৰা,
মেঘৰে বুকুতে বিজুলী লুকালে,
এন্ধাৰে ছাটিলে ধৰা।
ৰৈ, ৰৈ বিনালে বিলৰে পদুমী,
শোকতে পাহিটি সৰা,
উচুপি কান্দিলে গধূলি গোপালে,
পদূলি মুখৰে পৰা।
—
[ ৫৯ ]
-গীতি-মালা-
( ২৪ )
জোনৰে জেউতি জোনতে শুকালে,
শুকালে শুৱনী তৰা,
মেঘৰে বুকুতে বিজুলী লুকালে,
এন্ধাৰে ছাটিলে ধৰা।
ৰৈ, ৰৈ বিনালে বিলৰে পদুমী,
শোকতে পাহিটি সৰা,
উচুপি কান্দিলে গধূলি গোপালে,
পদূলি মুখৰে পৰা।
—
[ ৫৯ ]