পৃষ্ঠা:পাপৰি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাপৰি


( ১ )


“বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ”—
 কোনে গায় মউসনা সুমধুৰ গান,
কোন সিটি দেৱবালা, গানৰ শুৱলা তানে
 কৰিলে আকুল মোৰ বিয়াকুল প্ৰাণ?

( ২ )


আজি শৰতৰ এই শাৰদী জোনাক ৰাতি
 নেলেখি অলেখ তৰা-ৰূপোৱালী জোন,
কোনে গালে একেৰাহে কৰুণ কাতৰ সুৰে,
 “হিয়াত জিলিকে” বুলি মনোহৰ ‘কোন'?