পৃষ্ঠা:পাপৰি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ১৫ )

যদিহে তোমাৰ ৰূপ, মাথোন তোমাতে ৰাজে
নপৰে কেনিও ৰেখা তোমাৰ ৰূপৰ,
মেলিলে সুন্দৰ দেখো, মুদিলে সুন্দৰ দেখো,
সকলো সুন্দৰ হ’ল-যৌৱন সুন্দৰ!

( ১৬)

অনাদৃত জীৱনত বুজিলো আগে’ সখি
পলকতে উঠে নামে বীণাৰ ঝঙ্কাৰ,
তুমিয়েতো দয়া কৰি দিলা আজি দেখুৱাই
মুখৰ আগতে থকা অমৃত-ভাণ্ডাৰ।

( ১৭ )

সৃষ্টিৰ বুকুত সউ নতুনৰ নৃত্য দেখি
নতুন প্ৰাণতো বাজে প্ৰণয়ৰ সুৰ,
যৌৱনৰ পূৰ্ণ অৰ্ঘ্য দিব খোজো তোমাকেই
ল’বানে সাদৰে সখি, আদি পূজা মোৰ?

[ ৬ ]