পৃষ্ঠা:পাপৰি.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গীতি-মালা

( ৫০ )

 মহা মিলনৰ মাধুৰী লৈ,
মেলানিৰে বেলা নাহিবি বিননি,
 নোলাবি চকুলো, নিজৰি বৈ।
বুলনি চ’ৰাতে গিয়াতী বহিল',
 আইৰে সহাঁৰি পাই,
বিয়পি পেলালা, ভকতি ভটিমা
 চেনেহী ছবিটি চাই।
আজি যোৱা যদি যোৱা মোৰ অতিথি,
 যাবা ঐ মনটি থৈ।
আইৰে শিতানত, বন্তি জ্বলিলে
 জ্বলিলে, সুৰভি ধূপ,
তাৰ পোহৰতে পাম ঐ অতিথি
 চাম মোৰ গিয়াতীৰ ৰূপ।
দায়-দোষ খেমিবা, কাতৰে মাতিছো
 বুকুৰে বটাটি থৈ।