নগা কোঁৱৰ/তৃতীয় অঙ্ক

ৱিকিউৎসৰ পৰা

[ ১০৫ ]

তৃতীয় অঙ্ক

প্ৰথম দৃশ্য

[ চাওফ্ৰাচেংমুং বৰগোঁহাইৰ ঘৰ। মূলা আৰু হেলা]

 হেলা—মোক ৰক্ষা কৰক বাইদেও। মোৰ যে সৰ্বনাশ হ’ল। বিনা অপৰাধত মোৰ স্বামী বন্দী। দেহি ঐ কেনেকৈ সেই সুকোমল শৰীৰত চাওদাংহঁতৰ বান্ধ সহিছে। বাইদেও! মোৰ যে কোনো নাই! আপুনি এই বিপদত নেৰাখিলে কোনে মোৰ ফালে চকু মেলি চাব!
 মূলা—মোৰ যদি শক্তি থাকিলহেঁতেন আইচুদেউতা, মই আপোনাৰ স্বামীক মুক্ত কৰি দিলোঁহেতেন! সামান্যা নাৰী মই! মই কি কৰিব পাৰোঁ!
 হেলা—আপুনি পাৰে বাইদেউ! মই বৰ গছৰ গুৰিত আশ্ৰয় বিচাৰিছোঁ।
 মূলা—মই পাৰোঁ! পাৰিও কৰিবলৈ হেলা কৰিছোঁ! আইচুদেউতা, আপোনাৰ আঁৰ হ’ম, মই সচাকৈয়ে বিমোৰত।
 হেলা—এবাৰ আপুনি ডাঙৰীয়াক কৈ ত’ৰ হতুৱাই স্বৰ্গদেওক কোৱালে—ডাঙৰীয়াৰ কথা স্বৰ্গদেৱে নেৰাখি নোৱাৰে।
 মূলা—তাৰ বাবে আইচুদেউতা, মই ডাঙৰীয়াৰ দুটি [ ১০৬ ] ভৰিত ধৰি ক’ম। লাগিলে নিজেও গৈ স্বৰ্গদেওক চুলিচিঙি কাতৰ কৰি জনাম গৈ।

[ মুহিলাৰ প্ৰবেশ ]

 মুহিলা—ডাঙৰীয়া আহিছে গাভৰুদেও।
 মূলা—বুলনীতে হাতমুখ ধুবলৈ পানী দেগৈ যা। কবি, মাৰলত আইচুদেউতা আছে।
 হেলা—নেলাগে বাইদেও, আহক ডাঙৰীয়া ইয়ালৈকে, মই নিজে এবাৰ কৈ চাম যদি কিবা সুফল ফলে!

[ মুহিলাৰ প্ৰস্থান আৰু বৰগোঁহাইৰ লগত পুনঃ প্ৰবেশ।
হেলা আৰু মূলা আসন এৰি উঠে।]

 চাও—আজি আমাৰ কি সৌভাগ্য মূলা! আমাৰ ঘৰ আজি ভাবী ৰাজমাওৰ পদধূলি পৰি পবিত্ৰ হ’ল।
 হেলা—মোক অপমান নকৰিব ডাঙৰীয়া। ৰাজমাও হবৰ আকাঙ্খা মই নকৰোঁ। মই ৰাক্ষসী হয়তো ডাঙৰীয়াৰ সুখৰ ঘৰত সোমাই অমঙ্গল চপাইছোঁ!
 চাও—এনে অমঙ্গল যেন মোৰ দিনে দিনে হয়—কি কোৱা মূলা! এনে অমঙ্গল আমি আগ্ৰহেৰে বৰি আনিম।
 মূলা—সেইবোৰ কথা এক ডাঙৰীয়া। এতিয়া আইচুদেউতা অহাৰ প্ৰয়োজন শুনক।
 চাও—শুনিছোঁ সকলে।
 হেলা—মোৰ কপাল ভাগিছে ডাঙৰীয়া। মোৰ যে কোনো নাই। মোক এই বিপদত ডাঙৰীয়াই উদ্ধাৰ নকৰিলে যে [ ১০৭ ] মোৰ কোনো উপায় নাই। মোৰ স্বামীক ৰাজ কোপৰ পৰা নিস্তাৰ কৰি মোক জীৱ দান দিয়ক ডাঙৰীয়া।
 চাও—সকলো জানো আইচুদেউতা! নিজে একো কৰিব নোৱাৰিলোঁ। সকলো যুক্তি তৰ্ক নিস্ফল হ’ল। বিপদৰ উপৰি বিপদৰ হেঁচাত চিন্তাই দুৰ্ভাবনাই স্বৰ্গদেও অতিশয় কাতৰ। সেই কাৰণেই আমাৰ যুক্তিলৈ কাণ নিদিলে। পিতা হৈও পুত্ৰৰ ওপৰত যে ইমান নিদাৰুণ হব পাৰিছে—তাতেই বুজিব স্বৰ্গদেওৰ মানসিক অবস্থা! তথাপিও ইমান নিশ্চিন্ত হৈ আছে এই বুলি যে এনে সতী সাধ্বী যাৰ পত্নী তেওঁৰ কেতিয়াও অমঙ্গল হব নোৱাৰে!
 হেলা—এই অভাগীৰ তেনে আৰু কোনো উপায় নাই।
 চাও—উপায় আছে আইচুদেউতা! উপায় ধৈৰ্য্য। ধৈৰ্য্য ধৰি অপেক্ষা কৰক। উপায় সেই বিপদ দিওঁতা জনেই দিব।
 হেলা—দূৰ্ব্বলা নাৰী পুৰুষৰ দৰে হৃদয়ত বল নাই, কেনেকৈ ধৈৰ্য্য ধৰিম। মোক ৰক্ষা কৰক ডাঙৰীয়া—নহলে জ্বলা জুইত জাপ দিম নতুবা এই দেহ য’তে ত’তে বিসৰ্জন দিম। বুৰঞ্জীত চিৰকাললৈ এটা কলঙ্ক থাকি যাব আপুনি এই হতভাগিনীৰ বধৰ ভাগী বুলি।
 চাও—সতীৰ এটোপাল চকুলোত দেশ উচ্ছন্ন যায়—মই কোন কূটা। মোক ক্ষমা কৰক আইচুদেউতা, মোৰ ক্ষমতাৰে কৰিব পৰাখিনি কৰিলোঁ। এতিয়া বুকু ডাঠ কৰি সেই পৰম পিতা পৰমেশ্বৰক মাতক আপোনাৰ স্বামীৰ অকল্যাণ নহয়!
[ ১০৮ ] দেশৰ এই দুৰ্দ্দিনত অতি গুৰুভাৰ এই অভাজনৰ ওপৰত পৰিছে। সেই বুলিও মই নিশ্চিন্ত হই বহি থকা নাই দেৱী! মই ভাবিছোঁ কেনেকৈ দুই ৰাজকোঁৱৰৰ উদ্ধাৰ হয়। স্বৰ্গদেৱে বন্দীক ৰণলৈ পাচিছে, কাইলৈ যাত্ৰা কৰিব লাগিব। নগৰ ৰক্ষাৰ ভাৰ লবলৈ নগা কোঁৱৰ ৰাজ্যত নাই। আমাৰ সৌভাগ্য যে তেওঁ জীৱন্তে দগ্ধ নহ’ল। দেশৰ বিলৈৰ কথা শুনিলে বীৰৰ অন্তৰ অৱশ্যে কান্দিব। সকলো অভিমান এৰিও আহিব লাগিব। যিমান শীঘ্ৰে আহে সিমানেই আপোনাৰ আৰু লগে লগে দেশৰো মঙ্গল। মই নিজেগৈ নগাকোঁৱৰৰ সন্ধানলৈ মাতি আনিলোহেঁতেন কিন্তু অবসৰ ক’ত? তথাপিও মোৰ বিশ্বস্ত অনুচৰ পঠিয়াই আহিছোঁ। মোৰ কাতৰ অনুৰোধ তেওঁ অৱশ্যে ৰাখিব। স্বৰ্গদেৱেও চাৰিও ফালে চোৰাংচোৱা পঠাইছে! অতি শীঘ্ৰে সন্ধান পোৱা যাব। কোঁৱৰ আহি পালেই আৰু কোনো চিন্তা নেথাকে দেৱী।
 হেলা—আহিব—এনে ভাগ্য মোৰ হবনে?
 চাও—সতীৰ ইচ্ছত অসম্ভবে সম্ভব হয়। অৱশ্যে আহিব দেৱী।
 হেলা—যদি আহে বুজিম, অভাগিনীৰ প্ৰতি ভাগ্য সুপ্ৰসন্ন। এতিয়া আহোঁ ডাঙৰীয়া! বাইদেউ!
 মূলা—আইচুদেউতা! মই আগবঢ়াই দি আহোঁ।

[ মূলা আৰু হেলাৰ প্ৰস্থান।]

[ ১০৯ ]  চাও—আহা! এনে সতীৰ এনেকুৱা সন্তাপ! দয়াময়!

ই তোমাৰ কেনে বিচাৰ।

[ মূলাৰ পুনঃ প্ৰবেশ ]

 ৰণৰ বাতৰি শুনিছা মূলা? আমাৰ পক্ষৰ নিৰ্ঘাত পৰাজয়। বুঢ়া গোঁহাইকে আদি কৰি পাঁচজন সেনাপতি ৰণত পৰিল। এতিয়া আকৌ নতুন উদ্যমেৰে যুদ্ধ যাত্ৰা কৰিব লাগিব। এইবাৰ গুৰিধৰা মই। তোমাৰ নিশ্চয় আনন্দ হৈছে প্ৰিয়ে।
 মূলা—ক’ব নোৱাৰোঁ নাথ আনন্দ নে বিষাদ। স্বামীৰ গৌৰবত পত্নীৰ গৌৰব—বেছ বুজোঁ, কিন্তু নাথ, আপোনাক আগত নেদেখিলে ক’ব নোৱাৰোঁ কেনি পলায় সেই গৌৰব। কোনে কাঢ়িলৈ গুচি যায়—মোৰ নিজত্ব। মোৰ আনন্দ আপুনি নাথ।
  চাও—তুমি যে তলে তলে দাৰ্শনিক হৈ পৰিলা প্ৰিয়তমে। মোৰ গৌৰবত আনন্দ নহয় কিন্তু মোত আনন্দ! ক’ত এই দাৰ্শনিক তথ্য আবিষ্কাৰ কৰিলা!
 মূলা—বৰ গছত মেৰ খাই থকা লতা ডালিক যদি ধুমুহাই আহি ছিন্ন কৰি দি যায় আৰু বৰ গছে ধুমুহাৰ লগত যুঁজি আপোন গৌৰবত শিৰ উন্নত কৰি থিয় হয় ছিন্ন লতাৰ তাত আনন্দৰ ঠাই ক’ত নাথ!
 চাও—তোমাক যুক্তি বলে নোৱাৰোঁ প্ৰিয়তমে! নেজানো কোন অজানা দেশৰ কি অমিয়া ধুলাই মোৰ জীৱনত শান্তিৰ নিজৰা বোৱাই দিছা প্ৰিয়তমে! নেজানো কোন মহাসিন্ধু [ ১১০ ] মথি অমৃত পান কৰাই মোৰ হৃদয়ত অমৰৰ শক্তি সঞ্চাৰ কৰাইছা? জানো তোমাক—তুমি—তুমি—প্ৰজাপতিৰ অমূল্য দান, জন্মজন্মান্তৰৰ সঞ্চিত পুণ্যৰ ফল—মোৰ জীৱনৰ পথনিদৰ্শক ঈশ্বৰ প্ৰেৰিতা দূতী তুমি—তুমি যদি বিহ্বল হোৱা ক’ত মোৰ জুৰাবৰ স্থান প্ৰিয়তমে!

 মূলা—বিহল নহওঁ নাথ। বাধা নিদিওঁ। হাঁহি মুখে বীৰ সাজে সজ্জিত কৰি স্বামীক ৰণলৈ পঠিয়াম। ক্ষত্ৰিয় ৰমণী মই—ৰণ শুনি কাতৰ হম! ইমাম দুৰ্ব্বল আপোনাৰ মূলা নহয় নাথ।

 চাও—জানো মূলা তুমি মহৎ! তোমাৰ হৃদয় অতি উচ্চ! বিৰাটকন্যা উত্তৰাই হাঁহিমুখে স্বামীক ৰণলৈ পঠিয়াইছিল।

 মূলা—বিৰাটকন্যা মোৰ আৰ্হি নহয় নাথ। স্বামীক ৰণলৈ পঠিয়াই কণ্টক শয্যাত দেই পুৰি মৰিবৰ সেই মনৰ বল সেই ধৈৰ্য্য মোৰ নাই। স্বামীৰ লগত ছাঁয়াৰ দৰে ৰণে বনে দুৰ্গমে ফুৰিবলৈ হে মূলাই বাঞ্চা কৰে!

  চাও—কি ক’লা প্ৰিয়তমে! চাওৰ সঙ্গিনী হৈ সমৰ ক্ষেত্ৰত সেই দানবৰ লীলাভূমিত পিশাচৰ তাণ্ডব নৰ্ত্তন চাবলৈ যাবৰ বাঞ্চা কৰা! তোমাৰ কোমল প্ৰাণত সমৰক্ষেত্ৰৰ সেই নিৰ্ম্মম দৃশ্য যে সহ্য নহ’ব প্ৰিয়তমে।

 মূলা—আপোনাৰ সহধৰ্ম্মিনী মই। আপোনাৰ প্ৰাণত যদি সহ্য হয় মোৰ প্ৰাণত সহ্য নহব কিয় নাথ?

 চাও—নাৰী স্বভাৱতে কোমল প্ৰকৃতি। চাওৰ জীৱন [ ১১১ ] সঙ্গিনী তুমি,—তোমাৰ কোমল প্ৰাণত আঘাতদি চাও কি সাধ্যে স্থিৰহৈ থাকিব—কি সাধ্যে বিচলিত নহৈ থাকিব!
 মূলা—নাথ! বীৰ আপুনি—সমৰক্ষেত্ৰত আপোনাৰ কৰ্ত্তব্য কৰিব, বীৰপত্নী মই—আপোনাৰ গাৰ আঁৰে আঁৰে ছাঁৰ দৰে মই মোৰ কৰ্ত্তব্য কৰি যাম। আপোনাৰ কাৰ্য্যত বাধা নিদিওঁ নাথ।
 চাও—কোৱা প্ৰিয়তমে, মানুহৰ হাড় মূৰ লৈ শগুণ, কাউৰী শিয়ালে উন্মত্তহৈ ক্ৰীড়া কৰা, সেই ভীষণ শ্মশানভূমিত কি তোমাৰ কৰ্ত্তব্য? কি তোমাৰ কৰ্ত্তব্য সেই উন্মত্ত পিশাচৰ লীলাভূমি য’ত মানুহে মানুহৰ ৰক্ত পান কৰিবলৈ উন্মত্ত।
 মূলা—যত পুৰুষৰ কৰ্ত্তব্য আছে, ত'ত নাৰীৰৰ কৰ্ত্তব্য আছে নাথ। কৰ্ত্তব্য মোৰ সেৱা কৰা নাথ। নাৰী জীৱনৰ চৰম কৰ্ত্তব্যই সেৱা কৰা। সেই সেৱাধৰ্ম্ম আচৰণৰ যি বিমল শান্তি তাৰ পৰা আপোনাৰ মূলাক বঞ্চিত কৰিবৰ চেষ্টা নকৰিব নাথ! মুমূৰ্ষৰ মুখত এটোপা পানী দি—আহত পীড়িতক এষাৰ মুখৰ মাত দি যি গৌৰব নাৰীয়ে অনুভব কৰে তেনে গৌৰব একোখন ৰাজ্য জয় কৰিও বীৰে অনুভব কৰিব নোৱাৰে নাথ।
 চাও—মূল! মূলা! প্ৰিয়তমে, কোন নন্দন বনৰ পুষ্প পাৰিজাত তুমি স্বৰ্গচ্যুতা হৈ মোৰ কণ্ঠত বিৰাজ কৰিছাহি। মই যে ভাবিব নোৱাৰোঁ প্ৰিয়তমে কোন প্ৰাণে চিত্ৰলেখাৰ শ্ৰেষ্ঠতম দুলিকাৰে অঁকা মোৰ এই সোণৰ প্ৰতিমাটিক ভূলুষ্ঠিত দেখি স্থিৰ থাকিম। কেনেকৈ মই মোৰ কৰ্ত্তব্যলৈ [ ১১২ ] অগ্ৰসৰ হম। নকবা নকবা মূলা, মোক আৰু সেই অনুৰোধ কৰি বিচলিত নকৰিবা।
 মূলা—নাথ, দিনমানৰ ৰণশ্ৰমত যেতিয়া ক্লান্ত পৰিশ্ৰান্ত হৈ বিশ্ৰামৰ কাৰণে শয্যাত পৰিবহি তেতিয়াতে মূলাই আপোনাৰ চৰণ সেৱা কৰি তিলমানো শ্ৰান্তি দূৰ কৰিব পাৰিব। আকৌ নতুন উৎসাহ দি অহাদিনৰ ৰণলৈ সমৰ সাজে সজাই পঠিয়াব পাৰিব।
 চাও—জানো মূলা, চাওৰ শক্তি তুমি—জীৱনৰ সঞ্জবনী তুমি। এনে শক্তি মোৰ নাই—তোমাৰ অনুৰোধ ঠেলি শত্ৰুৰ সম্মুখীন হওঁ। গৃহলক্ষ্মী তুমি—গৃহটি শুৱাই থাকি পুজা দিয়া গৃহদেৱতাক। তোমাৰেই পুণ্যৰ বলত ৰণ জিনি তোমাৰ দুৱাৰলৈ উলটি আহিম। কোৱা মূলা, মোক হাঁহি মুখে বিদায় দিবা?
 মূলা—হাঁহি মুখে বিদায় দিম নাথ। যাওক, সমৰক্ষেত্ৰত অক্ষয় কীৰ্ত্তি আৰ্জি মূলাৰ হৃদয়ৰ নিধি মূলাৰ বুকুলৈ আকৌ ঘূৰি আহক গৈ। মূলাৰ কৰ্ত্তব্য আপোনাৰ গৃহতে থাকি মূলাই কৰি থাকিব।
 চাও—মূলা! মূলা! বাউসীত মোৰ মত্ত-মাতঙ্গৰ বল দিলা! দুৰ্জ্জয় সমৰ নিশ্চয় জিনিম প্ৰিয়ে। ব’লা মূলা আজি দুয়ো মিলি গৃহ-দেৱতাক পূজা দিওঁগৈ।
[দুয়োৰে প্ৰস্থান]

পট পৰে।

[ ১১৩ ]  [ নগা পৰ্ব্বত। হাবিব মাজৰ এটা সৰু বাট। হাতত ধেনু কাঁড়

লৈ লুক ফুৰি থাকে ]
 লুকু—মাৰিম। যাৰ আয়িব তাৰ পালেই মাৰিম। এটা যাইছে এটা আইছে। কাৰবা পালে কয় অঅম মানু দেকিব আয়িছে কাৰবা কয় নকা দেকিব যাইছে। আমাৰ জানি পাইছে ইঅঁত আটাই মানু কাকাটি পালে দেকিব আয়িছে। আমাৰ অলে তিক্ জানিছে। ইঅঁত পালে আমাৰ অলে কেতিয়া আয়িব নিদিয়ে। দেনু লকতে মাৰি আটাই মানু কেদিছুঁ। কাকাটিনু তান্​তব কি জকৰ্​ কৰিব! নঅয়! কাকাটি অলে কেতিয়া জকৰ্​ কৰিব নোৱাৰে। নিদিওঁ, জকৰ অলেও তান্​তৰ আয়িব নিদিওঁ জকৰ নঅলেও আয়িব নিদিওঁ। যিমান আয়িব ইমান কেদিম। অদায় দিন ইয়াতে ৰকি ৰকি দেকিম। এই বাট য়ে আয়িব—ইয়াত পৰা এই দেনু লকতে মাৰি মাৰি তান্​তৰ কেদিম। অ’ অউ দেকি পাইছুঁ আৰু এটা কাৰবা আয়িছে।

[ ধেনু সেই ফালে টোৱাই আকৌ নময় ]

 নঅয়! ইয়াৰ পালে বাৰু উদি দেকিম কাৰনু তাৰ দেকিব আয়িছে। বাৰু আঅক অউ কছ আঁৰতে লুকাই দেকি তাকিম। তাৰ পিছতে উদি দেকিম,

[ গছৰ আঁৰত লুকায় ]

[ ১১৪ ]

[ আহোম লৰাৰ সাজ পিন্ধি ৰেণুৰ প্ৰবেশ। ৰতি তাইৰ ছদ্মনাম ]

গীত

ফেনে ফোটোকাৰে সৌ ভদীয়া ধলৰে ঢৌ আহিলে—আহিলে;
 ধুমুহা আহিলে ঘোৰ ভটিয়নী নাও মোৰ
কেনি উটি গল কেনি ভাহিলে—ভাহিলে—।
 বতাহে বাউলী দিয়া দেখিয়ে কঁপিলে হিয়া—
এন্ধাৰেদি তুমি পিয়া বিজুলিটি হাঁহিলে—
 এন্ধাৰ পোৰ হ’ল পোহৰ এন্ধাৰ হ’ল—
গুচি গ'ল—গুচি গ'ল—আৰু ঘূৰি নাহিলে।

 ৰেণু—হে মোৰ দেৱতা, হে মোৰ চিৰ বাঞ্ছিত, ক’ত তুমি? খন্তেকৰ মাত্ৰ দৰশন, সেয়ে যেন কত জনমৰ—কত সাধনাৰ—কত ভাগ্যৰ। বিজুলী চমকেৰে এবাৰ চমকি ক’ত তুমি লুকালা দেৱতা? চকুৱে চকুৱে ৰাখিও চকুৰ পছাৰতে হাততে হেৰুৱালোঁ। যি ব্ৰতলৈ কাৰেং সোমাইছিলোঁ। এতো দিনে শেষ কৰিব পাৰিলোঁতেন। যি অগ্নি শিখা জ্বালিছিলোঁ এতিয়াও যদি সি সৰ্ব্বগ্ৰাস কৰা নাই হয়তো উমি উমি জ্বলিব লাগিছে। সকলো এৰি তোমাৰ পিছে পিছে লৰি আহিলোঁ। ক’ত তুমি, কেনি তোমাৰ সন্ধান পাম! ৰজাঘৰীয়া চোৰাংচোৱা, কটকী, সকলো ব্যৰ্থ হৈ ঘূৰি গৈছে, তথাপিও আহিছোঁ, আহিছোঁ মনক প্ৰবোধ দিবলৈ। বীৰ তুমি! হয়তো বা সন্তানৰ কৰ্ত্তব্য কৰিবলৈ যুদ্ধ ক্ষেত্ৰলৈ গৈছা। যাম, তাতে তোমাৰ সন্ধান কৰিম, ক’ত লুকাবা দেৱতা?
[ ১১৫ ] তোমাৰ সন্ধানত যদি প্ৰাণ যায়—যাওক, তাতে মোৰ গৌৰব— মোৰ তাতে সুখ।
 [ এখোজ দুখোজ কৈ আগবাঢ়ে আৰু পুনৰ সোমাই আহি বাট ভোট ধৰেহি।
 লুকু— কাৰণ দেখিব আয়িছ অ’ ডোকাটু? ক’তে যাব আয়িছ?
 ৰতি—কলৈকো যাবলৈ অহা নাই। তোকে চাবলৈ আহিছোঁ মিতিনি?
 লুকু—মুকে চাব আয়িছ? আয়ু এনে দুনীয়া ডেকাটু আমাৰ পালে বিয়া ওমাবি?
 ৰতি—[ স্বগতঃ ] ইকি! এই কয় কি? [ প্ৰকাশ্যে ] নহয় মিতিনি মই ধেমালী কৰিছিলোঁ, মই সৌ পৰ্ব্বতলৈ যাবলৈ আহিছোঁ। মোক বাট এৰি দে মিতিনি!
 লুকু—ওহোঁ। বাট অলে এৰিব নুৱাৰে। কবি বাৰু আমাৰ পালে বিয়া ওমাবিনে?  ৰতি-[ স্বগতঃ ] এই বলিয়া নেকি? [ প্ৰকাশ্যে ] মোক বাট এৰি দে মিতিনি মই বিয়া সোমাবলৈ অহা নাই; আৰু মোৰ তিৰোতা আছেও।
 লুকু—[ হাঁহি ] হাঃ হাঃ তুৰ তিৰুতা আছে? কেইজনী আছে অ' ডেকা। আমাৰ পালেও নিবি—আৰু এজনী অব।
 ৰতি—[ স্বগতঃ ] কি সৰ্বনাশ! এই কয় কি?

[ খং কৰি লুকক ঠেলি যাব খুজি ]

[ ১১৬ ]  চাওঁ বাট এৰ্, মোক যাব দে নাগিনী!

 লুকু—নায়িবি! আৰু আক্ বাৰিলে এই দেনু লকতে মাৰিম। নায়িবি গূৰি যা—কুছি যা।
 ৰতি—মোক যাব নিদিয় কিয় মিতিনি? মইতো তহঁতৰ একো অন্যায় নকৰোঁগৈ।
 লুকু—কি টিকনা আছে, তন্​তৰ অঅম মানু একু অজাত নাই।
 ৰতি—সজাত নাই বুলিছ মিতিনি। কিহত সজাত নোহোৱা পালি? বাৰু মই যদি বলেৰে গুছি যাওঁ, তই অকলে অকণমান নাগিনী ছোৱালী এজনীয়ে মোৰ দৰে মতা মানুহে এটাৰ কি কৰিবি?
 লুকু—তুৰ দৰে মানু মই অকল অলে দহজনী কেদিব পাৰিব কাবৰু?
 ৰতি—তুৰ চকুত দোষ আছে আজলী নাগিনী। ইমান ডাঙৰ ভুল তোৰ কেনেকৈ হ'ল। মই মতানে তিৰোতা চিনি নেপোৱা হলি?
 লুকু—আমাৰ চকু অলে তিক আছে দে। তুৰ পালে মতা মানু জানিলে আমাৰ অলে ইমান আয়িবই তুকে নিদিয়ে। অউ তাত পৰা কেদিলেয়েতেন কাবৰু?
 ৰতি—[ স্বগতঃ ] সৰ্ব্বনাশ! এই মোক কেনেকৈ চিনিলে? [ প্ৰকাশ্যে ] তইনো কেনেকৈ জানিছ মই যে মতা মানুহ নহয়।
 লুকু—তুৰ নাম কি কাবৰু?
[ ১১৭ ]  ৰতি—মোৰ নাম! মোৰ নামটোনা তোক কিয় লাগিছে?
 লুকু—এনেই। পাঅৰিলে না কি?
 ৰতি—নাম আকৌ পাহৰেনে কি? মোৰ নাম ৰতিমন।
 লুকু—অঃ নামো তিক অলাইছ!
 ৰতি—সলাইছে কি? মোৰ নামেই ৰতিমন। মোক তই কেতিয়াবা দেখিছিলি নে কি?
 লুকু—বৈয়াম মানু তকিব পাৰিবি কাবৰু, পৰ্ব্বত মানু কিনি অলে তকিব নুৱাৰ। তুৰ পালে আমাৰ কুন দিন দেকি পুৱা নাই—আমাৰ কেতিয়া বৈয়াম যুৱা নাই।
 ৰতি—তেন্তেনো কিহত বুজিলি মিতিনি যে মই মতা মানুহ নহয়।
 লুকু—নকা কিনি অলে আন নিচিনিলেও মতা কিনি আৰু মাইকী কিনি চিনি পায় কাবৰু। মতা অলে আজিলে পাৰিলেও মতা, মাইকী যিমান আজিলেও মাইকী! অঁচা অঁচা কবি কাবৰু তুৰ কাৰ বিচাৰি আয়িহে? কি দুকত নু গৰ এৰি আয়িছে?
 ৰতি—[হাঁহি] বাৰু কছোন মিতিনি তই কিহত বুজিলি মই তিৰোতা।
 পুকু—কিঅত জানিলে? তুৰ মাত কতা কুজ আটায়ো তিৰুতা। এটা এটা তুৰ উৱাই লৈছে বুকু অলে ওপন্দি ইমান ইমান অইছে। তুৰ পালে কুজ্, কাৰিছে বুকু অলে কঁপি বাইছে—বৰি পালে অউ জেতুকা পিনা—চিন্ [ ১১৮ ] কিনি বয়ি বয়ি আছে। কুজ কিনি অলে দিবই নুৱাৰে— একুজ দুকুজ য়ে আয়িছে! তুৰ পালে কাৰ মতা মানু বুলিব কাবৰু?
 ৰতি—ভৈয়ামলৈ তই যোৱা নাই, আমাৰ ভৈয়ামৰ মানুহ তই দেখা নাই আজলী নাগিনী। তোৰ ভুল হৈছে। ভৈয়ামৰ মানুহে তহঁতৰ নগাৰ দৰে দুক কৰিব নোৱাৰে সেই দেখি অলপতে ভাগৰ লাগে। সেই দেখি মোক ভাগৰত ইমান বুকু ফুলাই উশাহ লোৱা দেখিছ। খোজ কাঢ়োঁতে হাবিৰ কাঁইটে বিন্ধি ভৰিয়েদি তেজ বিৰিঙি ওলাইছে সেই দেখিয়েই ভালকৈ খোজ কাঢ়িব পৰা নাই। মইতে আৰু কেতিয়াও এনেকৈ হাবিত ফুৰা নাই। মোক যাবলৈ দে মিতিনি?
 লুকু—মই কেতিয়াও তুকে যাব দিব নুৱাৰে। তই গূৰি যা কাবৰু।
 ৰতি—আকৌ মোক গাভৰু বুলিছ কিয়? মোক তো নাম কাঢ়িয়েই তই মাতিব পাৰ।
 লুকু—অ’ পাঅৰিলে। বাৰু দে নাম কাৰিয়েই কব। ইতিয়া অলে যাবি দেই কাবৰু। নঅয় আক পাঅৰিলে। বাৰু যাবি দেই ডেকাটু।
 ৰতি—মোৰ নাম ৰতিমন। এতিয়াই পাহৰিলিনে?
 লুকু—আমাৰ নকা অলে ডানৰ মানু নাম নকয়। অমন কিনিহে দৰি কয়। বাৰু দে তুৰ পালে বেয়া নাপায় যদি নাম কাৰি কব। বাৰু যাবি দে ৰতিমন।
[ ১১৯ ]  ৰতি—মোক নো কিয় যাব মিদিয় মিতিনি? মই শপত খাইছোঁ। মই তহঁতৰ একো অন্যায় নকৰোঁগৈ।

 লুকু—আয়ু ইমান দুনীয়া ডেকাটু তুৰ নকা চাং কলে আটাই কাবৰু নাগিনী কিনি তুৰ লকতে বাকি আয়িব। নকা চাং কিনি উদি অব। মই তুকে কিতিয়া যাব দিব নুৱাৰে।

 ৰতি—[হাঁহি] বাৰু তই ভবা দৰে মই তিৰোতা হলে তো তোৰ আৰু সেই ভয় নেথাকে। সেই বুলিয়েই নহয় মোক যাব দে।

 লুকু—য়েই একে কতা। নকা ডেকা কিনি আৰু সুৰ লকতে পলিয়া অব।

 ৰতি—এই ভয়তে মোক যাব নিদিয়?

 লুকু—ওঁ। এই বয়তে যাপ নিদিয়ে। তুৰ নু নকা চাং পালে কি কাম তাকিছে?

 ৰতি—একো তেনেকুৱা কাম নাই। এনেয়ে দেশ চাম বুলি আহিছে।

 লুকু—অক্‌ অক্‌ কতা কবি। মুৰ পালে তই লুকাব নুৱাৰে। তুৰ চকু কইছে তুৰ মূক কইছে তুৰ অলে তিক্‌ তিক্‌ কাৰবা পালে বিচাৰি আয়িছে।

 ৰতি—তই সৰবজান নে কি অ’ মিতিনি। তই দেখোন মোক সকলো কথাতে মিছা পেলাইছ।

 লুকু—অৰপজান অব নালাকে। মুক দেকিলে কপ পাৰে। তই পালে অপত কালে আমাৰ সুউনে। তই তিক তি কাৰবা পালে বিচাৰিব আহিছে।
[ ১২০ ]  ৰেণু---[স্বগতঃ] এই কি মায়া জানে! এই যে মোৰ সকলো কথা ঠিক ঠিক কৈ গৈছে। এইৰ আগত দেখিছোঁ ধৰাই পৰিলোঁ। এতিয়া দেখিছোঁ পলাব পাৰিলেই ৰক্ষা।

 লুকু---মনে তাকিলে কিয় অ’ ডেকা। কাৰ বিচাৰিছে কিয় নকয়?

 ৰেণু-বিচাৰিছে। তোৰ যম নাগিনী---।

 লুকু—কং কালে! আমাৰ অলে বাল কতা য়ে কৈ পাইছে! তুৰ ডেকাটু অলে পৰ্পত পালে অআ নাই। আয়িলে অলে আমাৰ যেন তেন চিনি পাব। বৈয়াম মানু কিয়ানি কপ পাৰিব— তাৰ বৈয়াম য়ে তাকিছে- বৈয়াম পালে দেকিবি।।

 ৰেণু---মই ডেকা বিচাৰিছোঁ বুলিনো তোক কোনে কলেহি।

 লুকু—এনে জানিলে, কাৰ নু কপ লাকিছে। কাকে দেকিব আয়িছ আমাৰ উদিলে—তুৰ কং কালে, তাতে জানিলে। ডেকা নিবিচাৰি তুৰ ক’ত কাবৰু বিচাৰিব। কাবৰু বিচাৰিলে আমাৰ পালে মন নাকালে অয় না?

 ৰেণু-[ স্বগতঃ] এই দেখিছে। বাস্তবিকেই বৰ চতুৰা! এইৰ লগত আৰু কথা পাতিলে মই নিশ্চয় ধৰা পৰিম। ইয়াৰ পৰা সোনকালে যোৱাই হে ভাল। দেখিছে। মোৰ আশাও এই বাটে গৈ নিস্ফল হে হব। অনুমান ৰণক্ষেত্ৰৰ ফালেইহে গৈছে। যাও! যাব লাগিব তালৈহে।
[ ১২১ ]  [প্ৰকাশ্যে] মই তেনে যাওঁয়েই মিতিনি, তোক বৰ আমনি কৰিলো, বেয়া নেপাবি।

 লুকু—যাবি দে কাবৰু একু বেয়া নেপায়। তুৰ এনে লুকাই অআ কতাও আমাৰ কাৰ পালে নকয়! তই বয় নাকাবি কাবৰু—যা!

 ৰেণু---কলেও মোৰ একো হানি নহয় বাৰু আহিলো, থাকিবি।

[ অহাবাটে গুচি যায়। লুকুয়ে বহুত দূৰলৈকে চাই থাকে।]

 লুকু—আয়ু দেয়ি। কম দুক পাইছে না! ইমান আবি আবি পুৰিছে—কাক বিচাৰিব আয়িছে তেউ নকয়! অউ---ক’ল! বউ দূৰ পালে। আৰু উবটি আয়িব না? নাই—আৰু নায়ে---

[ লাহে লাহে প্ৰস্থান ]

—পট পৰে —
[ ১২২ ]
তৃতীয় দৃশ্য
খুণবাওৰ ঘৰ
[কণচেং বহি থাকে। লুকুৱে গীত গায়। গীতৰ অন্তত নাচে ]
গীত

[মই] খোপাত পিন্ধিলোঁ থুপি ফুল! ফুল সৰি সৰি গ'ল।
সোণৰে সজাটি সজালোঁ পৰালোঁ।

পখী উৰি গুচি গ’ল-

মোৰ ভৈয়াই ঐ! পখী উৰি গুচি গ'ল!

[মই] ডিঙিত পিন্ধিলোঁ। মালা সাতেশৰি! মালাও লেৰেলি গল!
সোণৰে সজাটি সজালে। পৰালো,
পখী উৰি গুচি গ'ল মোৰ ভৈয়াই ঐ! পখী উৰি গুচি গ’ল!

[মই] হাতত পিন্ধিলে ফুলাম গামেখাৰু! খাৰু মোৰ সুলকি গল?
সোণৰে সজাটি সজালোঁ পৰালোঁ,
পখী উৰি গুচি গ’ল মোৰ ভৈয়াই ঐ! পখী উৰি গুচি গ'ল!

[মই] ভৰিত পিন্ধিলে জেতুকী বোলোৱা! বোল কঁহি পৰি গ'ল!
সোণৰে সজাটি চিকুণ কৈ সজালো,
পখী উৰি গুচি গ'ল মোৰ ভৈয়াই ঐ! পখী উৰি গুচি গ'ল!

[গীতৰ অন্তত লুকুৱে নাচে। কণচেং ঠৰহৈ একান্ত মনে চাই থাকে]

 লুকু—তই কি বাবি তাক কাকাটি? তই যেই আকৰ অমান নাআঁহ, আকৰ অমান কতা নকৱ, আকৰ অমান ৰং নকৰ। অউ চৰক্‌ পালে পৰ্পত পালে তৰ লাকি কিবা দেকি তাক। কি দেক কাকাটি? কি বাব?

 কণচেং-একো নেচাওঁ লুকু। একো নেভাবোঁ। [ ১২৩ ]  লুকু—একু নাবাব! মুৰ পালে তুৰ কি লুকাবি কাকাটি! মই তুৰ মনৰ কতা আটাই কব পাৰে।

 কণচেং-পাৰ নে কি লুকু! বাৰু কছোন মই কি ভাবিছিলো?

 লুকু—তই ইয়াতে তাকি বাল নাপা কাকাটি। ইয়াত অআ দিন পৰা তুৰ মন অদায় দিন দুক।

 কণচেং---কিহত বুজিলি? মোৰ দেখোন তোৰ ওচৰ পোৱাৰ পৰা মনত বৰ সুখ যেন হে লাগিছে।

 লুকু---মিছা কতা নকবি কাকাটি। কাকাটি তুৰ মন আবিৰ দৰি অনা পকী ৰকম অলপ মান ৰং নাই।

 কণচেং—ভুল বুজিছ লুকু। মোৰ মনৰ ৰং তোৰ ওচৰ পাই আগতকৈ বহুত বেছিহে হৈছে। কিন্তু লুক, হইছে কি জান?

 লুকু---কি অইছে কাকাটি? আয়ু তুৰ কি অইছে?

 কণচেং—তই ইমান উত্ৰাৱল হৈ পৰিলি কিয় লুকু?

 লুকু---তুৰ কিবা অইছে কাকাটি তই মুৰ পালে কোৱা নাই কিয় বুবু পালে কোৱা নাই।

 কণচেং---নহয় পাগলী! মোৰ গাৰ অসুখ একো হোৱা নাই! হইছে এটা ভয় মনত কিবা এটা আশঙ্কা। যেন তোৰ এই চেনেহ এই মৰম এই আদৰ এই ভালপোৱাই মোক বেছি দিন আবৰি ৰাখিব নোৱাৰিব। সৌ আকাশ খনৰ ফালে চা লুকু কেনে শুৱনী। যেনি চাৱ কতে অকণমান চেকা নাই চালেই চকুৰোৱা কেনে নিল। অথচ এক মুহূৰ্ততে
[ ১২৪ ] কৰ ক'লা ডাৱৰে আহি এই নিৰ্ম্মলতা চুৰমাৰ কৰি দি গুচি যায়। সেই দৰে আমাৰো এই অনাবিল শান্তি যেন কোনোবা দিনা ভাগি চিগি চুৰমাৰ হৈ যাব। এনে সুখ হয়তো আমাৰ নেথাকিব লুকু!

 লুকু—এনে কতা নাবাবিবি কাকাটি। মুৰ বৰ বয় লাকে। বৰ দুক লাকে। আমাৰ দুক কিয় অব কাকাটি! আমাৰ কাৰো পালে দুক দিয়া নাই কাৰ একো কৰা নাই!

 কণচেং---বনৰ হৰিণীয়ে কাৰ কেতিয়া কি অনিষ্ট কৰে লুকু? তথাপি তাইক ব্যাধে আহি নীৰলে হাবিৰ মাজত শুই থকাতে হত্যা কৰেহি! ডালৰ কপৌ জুৰিয়ে কি এনে লোকৰ অনিষ্ট কৰে যে তাতে আহি সিহঁতৰ শান্তি নষ্ট কৰি দিয়েহি ব্যাধে?

 লুকু---কাকাটি, তুৰ এনে কতা উনিলে মুৰ বৰ বয় লাকে কাকাটি। নকবি কাকাটি! যেই দিন অঅম মানু পৰ্পত যাইছে। বুবু দেকি পাই উদিছে। আক’ তানতৰ উবটি কেদাইছে।

 কণচেং—অহম মানুহ! হয়তো মোকে বিচাৰি আহিছিল!

 লুকু—তুৰ পালে কিয় বিচাৰিব আয়িব কাকাটি? আমাৰ অলে কেতিয়া তানতৰ আয়িপ নিদিয়ে। আমাৰ দেকি পালে অলে দেনু লকতে বউ দূৰতে কেদিম।

 কণচেং—লুকু! লুকু! ইমান সৰল অন্তৰ তোৰ। মোক বিচাৰি আহিব বুলিয়েই তাহাঁতক ধেনুৰে মাৰিৰি। মোৰ [ ১২৫ ] কাৰণে তই ইমান কঠুৱা হব পাৰ? মাৰিবি কিয় লুকু। সিহঁতে তোৰ কি অনিষ্ট কৰিছে বা কৰিব যে দূৰৈত দেখা পালেই মাৰিবি।

 লুকু-বুবু কইছে নয় অঅম মানু অলে তুকে নিব আয়িব।

 কণচেং-নিবলৈ আহিব—এই অপৰাধতে মাৰিবি। বাৰু লুকু, আকৌ তোক এৰি যাম বুলি কেতিয়াবা তোৰ আশঙ্কা হয়!

 লুকু-ইমান দিন ওৱা নাই কাকাটি। আজি তুৰ কতা উনি অইছে।

[ চকুলো টুকি প্ৰস্থান ]

 কণচেং—ঈশ্বৰ কি পদাৰ্থেৰে গঢ়িছ এই ৰমণী হৃদয়। তোমাৰ সৃষ্টিৰ অতি উৎকৃষ্ট অতি বিচিত্ৰ সামগ্ৰী! ইমান সৰল! ইমান কোমল! কান্দিলি লুকু! অমূলক আশঙ্কা মাত্ৰ, তাতে ইমান বিহ্বল ইমান কাতৰ হৈছে লুকু! যদি জানিলিহেঁতেন! যদি বুজিলিহেঁতেন! কিহৰ কাৰণে কি এক স্বৰ্গীয় মাধুৰী সনা অনুপম লাবণ্যৰ লালসাত হৃদয়ৰ অদম্য উচ্ছ্বাস-পুৰুষৰ—পৃথিবীত শ্ৰেষ্ঠতম সাধনা সকলোতকৈ স্পৃহনীয় যি সামগ্ৰী বিসৰ্জ্জন দিঁছো।

 নেপথ্যত মূলা—উস্ কোন পিশাচে এনে কাম কৰিলি! নিৰপৰাধ অৱলাৰ ওপৰত কিয় এনে অত্যাচাৰ কৰিলি কাপুৰুষ! যদি সাধ্য আছে আহ সম্মুখ হ নৰাধম!

 কণচেং—কোনে মাতে! ৰমণীৰ কণ্ঠৰৰ বুলি অনুমান হয়। যাওঁ—চাওঁগৈ কোনে আৰ্তনাদ কৰিলে। [ ১২৬ ] [ কণচেঙৰ প্ৰস্থান। আন ফালৰ পৰা মূলাৰ গাত ভৰ দি বাহুত বিন্ধি থকা কাড়েৰে সৈতে হেলাৰ প্ৰবেশ ]

 মূলা—কোনে এই কাম কৰিলে? উস্ কি নিষ্ঠুৰ। মানুহৰ ঘৰ দেখি আহিলোঁ কিন্তু কাৰো দেখো সাৰ সঁহাৰি নাই। ইয়াতে অলপ জিৰাওঁ গাভৰু দেও। অলপ পানী যদি পাওঁ আপোনাৰ হাত মুখ আৰু ঘা ডোখৰো ধুৱাই দিওঁ।

 হেলা—মোৰ আঘাত একো বেছি হোৱা নাই বাইদেও। আপুনি মোৰ কাৰণে চিন্তা নকৰিব। স্বামীৰ মঙ্গলৰ অৰ্থে মোৰ এই ক্ষুদ্ৰ প্ৰাণ গলেও খেদ নাই। আপুনি মোৰ কাৰণে ব্যস্ত নহব, বৰং যাতে আমাৰ সোনকালে কাৰ্য্য সিদ্ধ হয় তাৰ বাবে যত্ন কৰক।

 মূলা-যত্নৰ তো ত্ৰুটি কৰা নাই। তথাপিও যে আমাৰ পদে পদে বিঘিনি পদে পদে বিপদ হে উপস্থিত হৈছে। স্বৰ্গদেওৰ কটকী চোৰাংচোৱা জোৰ জোৰে আহিছে, জোৰা জোৰে বিফল মনোৰথহৈ উভটি গৈছে। আমি যে সেই কাৰ্য নিৰ্বিঘ্নে সাধিব পাৰিম তাৰ কি আশা আছে। তাৰ উপৰি এই বিপদ!

 হেলা-বাইদেও সেই বুলিয়েই আমি হাত সাবটি বহিম, নে? এবাৰ যেতিয়া ঘৰৰ বাজ হৈছোঁ৷ কাৰ্য্য শেষ নকৰাকৈ উভটিম নে?

 মূলা—কিন্তু, ভাবিছোঁ আপোনাৰ এই শৰীৰলৈ হাবিয়ে বননীয়ে বাট বুলিব কেনেকৈ?

 হেলা—মই পাৰিম বাইদেও। [ ১২৭ ]  মূলা-বাৰু—অলপ বিশ্ৰাম কৰি সুস্থ হওক। তাৰ পিছত যি হয় কৰিম।

[ কণচেঙৰ প্ৰবেশ ]

 কণচেং—কোন আপোনালোক? ক'ৰ পৰা আহিছে?

 মূলা—আমি বহুত দূৰৰ মানুহ! ভৈয়ামৰ।

 কণচেং—কাপোৰকানি দেখিয়েই বুজিছে। ভৈয়ামৰ। আপোনালোকৰে কোনোবাই সৌ হাবিত চিঞৰি কি কৈছিল? ইকি, কাপোৰত সৌৱা তেজো দেখিছোঁ।

 মূলা—হয়। কোনোবা নিষ্ঠুৰ মানুহে মোৰ এই ভনিটিলৈ লক্ষ্য কৰি কাঁড় মাৰিছিল, ভাগ্যে কাঁড় বুকুত নেলাগি বাহুত লাগিল। এইয়া ঘৰ তোমাৰে বোধকৰোঁ। অলপ পানী আমাক দিব নোৱাৰানে?

 কণচেং-[ স্বগতঃ ] বুজিছোঁ লুকু। তোৰে এই কাম!

[ প্ৰস্থান আৰু বাঁহৰ চুঙাত পানীলৈ পুনঃ প্ৰবেশ ]

 মূলা—তোমাৰ আহিলাপাতি ঘৰ দুৱাৰ সাজ পাৰ সকলো দেখিছোঁ। নগাৰ নিচিনা কিন্তু কথাবিলাকত তো অকণো ভাঁজ নাই! একেবাৰেই নিখুঁত। তুমি নগা নোহোৱা নে কি?

 কণচেং-নহয়—হয়—মই নগা।

 মূলা-থমক খালা কিয়? আমাক প্ৰবঞ্চনা নকৰিবা কোৱা সঁচাকৈয়ে তুমি নগা নোহোৱা?

 কণচেং-সঁচাকৈয়ে কৈছোঁ মই নগা। এতিয়া আপোনা[ ১২৮ ] লোকৰ পৰিচয় দিয়ক। আপোনালোক দেখিছোঁ কোনোবা সম্ভ্ৰান্ত আহোম ডাঙৰীয়ানী। আপোনালোকৰ এইদৰে হাবিয়ে বননীয়ে ফুৰাৰ উদ্দেশ্য!

 মূলা—তুমি যথাৰ্থ অনুমানকে কৰিছা। আমাৰ উদ্দেশ্যৰ কথাও তোমাক জনাবলৈ অকণো আপত্তি নাই। বৰং তোমাক জনাই তোমাৰ সহায় প্ৰাৰ্থী হম বুলিহে মনে মনে সংকল্প কৰিছিলোঁ।

 কণচেং—কওক কি আপোনাসকলৰ উদ্দেশ্য?

 মূলা—আমাক তুমি কেইটিমান বাতৰি দিব লাগে। সেয়ে হলেই আমাক যথেষ্ট সহায় কৰা হব।

 কণচেং-সাধ্যমানে আপোনালোকৰ আজ্ঞা পালিবৰ যত্ন কৰিম।

 মূলা—কব পাৰা নে এই পিনে আহোমৰ এজন ডাঙৰ বিষয়া আহিছিল নে?

 কণচেং—এই পিনে! আহোমৰ ডাঙৰ বিষয়া! কি প্ৰয়োজনত?

 মূলা—প্ৰয়োজনৰ কথা কব নোৱাৰোঁ। কিবা বিৰাগত। বিষয় আশয় উচ্চ অভিলাষ মান সম্মান সকলো পৰিত্যাগ কৰি গুচি আহিছে।

 কণচেং—আপোনালোক তেওঁৰ আত্মীয়?

 মূলা—আত্মীয় নহওঁ। কিন্তু তেওঁৰ অভাবত তেওঁৰ আত্মীয়তকৈও বেছি সন্তপ্ত।

 কণচেং-কোন সেই হতভাগ্য এনে সম্পদ ভৰিৰে ঠেলি [ ১২৯ ] বনবাস আশ্ৰয় কৰিবলৈ আহিছে! আপোনাসকলৰ কোনোবা তেন্তে তেওঁৰ প্ৰতি আসক্তা?

 মূলা—নহওঁ। আমি তেওৰ গুণ মুগ্ধা। আমি দুয়ো পৰিণীতা।

 কণচেং-তেন্তে মই কি ভাবিম? স্বামী পুত্ৰ এৰি আপোনাসকল এজন অপৰিচিতৰ পিছে পিছে এইদৰে অসতৰ্ক ভাবে ঘূৰি ফুৰিছে।

 মূলা—স্বামী পুত্ৰৰ মান প্ৰাণ কল্যাণৰ অৰ্থেই এনে দৰে ঘূৰি ফুৰি তেওঁৰ সন্ধান কৰিছোঁ।

 কণচেং-কব পাৰেনে কি তেওঁৰ নাম বা কি তেওঁৰ বিষয়?

 মূলা—আহোম ৰাজসভাৰ তিনিজনা ডাঙৰীয়াৰ তেৱোঁ এজন। বৰপাত্ৰ তেওঁৰ বিষয়। কণচেং তেওঁৰ নাম। সৰ্ব্বসাধাৰণৰ মাজত নগা কোঁৱৰ বুলি পৰিচিত। তেওঁৰ অবিহনে আজি আহোমৰ ঘোৰ দুৰ্দ্দিন। দেশ পাঠানৰ হাতত যায় যায়! ৰাজধানী অৰক্ষিত! ৰজা বিহ্বল। ডেকাৰজা মাজিউকোঁৱৰ তেওঁৰ কাৰণেই বন্দী। এনে অবস্থাত কি সুখত গৃহবাস সম্ভব! সেই কাৰণেই স্বামী পুত্ৰৰ কল্যাণৰ অৰ্থে তেওঁৰ অন্বেষণ কৰি হাবিয়ে বননীয়ে ঘূৰি ফুৰিছোঁ।

 কণচেং-[ হুমুনিয়া পেলাই স্বগতঃ ] ধিক মোৰ জন্ম। ধিক মনুষ্যত্ব। কি কৰিলোঁ। বিবেক বৰ্জ্জিত পশুৰ দৰে কিয় গুচি আহিলো।

[ ১৩০ ]  মূলা—নিমাত হলা কিয় যুৱক? তোমাক ইমান উত্তেজিত দেখিছোঁ কিয়? মুহুৰ্ততে তোমাৰ মুখ শেঁতা পৰি গ'ল। আকৌ মুহুৰ্ততে কি উত্তেজনাত ৰঙা হৈ উঠিল। কোৱা যুৱক যদি তেওঁৰ কিবা সন্ধান জানা?

 কণচেং—দেবী, মোক ক্ষমা কৰক। বিবেক মোৰ অসংযত। মোৰ মনুষ্যত্ব লুপ্ত! মই প্ৰবঞ্চক! মই পিশাচ! মোক ক্ষমা কৰক।

 মূলা—তোমাৰ কথাত যে আচৰিত হৈছোঁ যুবক। তোমাৰ অপৰাধ কি যে তোমাক ক্ষমা কৰিম। তুমি ইমান উত্তেজিত হৈছা কিয়?

 কণচেং-মোৰ অপৰাধ অতি গুৰুতৰ দেবী। মই এক অতি হীন অতি হেয় নৰকৰ কীট! কব নোৱাৰোঁ-কোন আপোনালোক—কোন ভাগ্যবানৰ গৃহলক্ষ্মী—! তপাপিও মাতৃ বুলি সম্বোধন কৰিছোঁ। মাতৃ, মোৰ অপৰাধ ক্ষমা কৰক।

 মুলা—আমি যে একো বুজিব পৰা নাই, তোমাৰ এই ক্ষমা ভিক্ষাৰ কাৰণ! তোমাক আমাৰ পৰিচয় দিবলৈ একো শঙ্কা নাই যুৱক। আমাৰ পৰিচয়—এওঁ আহোম ৰাজকুঁৱৰী ডেকাৰজা চুক্লেনৰ পত্নী আৰু মই,—আহোম ৰাজমন্ত্ৰী চাওফ্ৰাচেংমুং বৰগোঁহাই মোৰ স্বামী।

 কণচেং-আৰু এই নৰাধম,-অসূৰ্যম্পশ্যা আহোম কুললক্ষ্মী সকল যাৰ অন্বেষণত আজি বনচাৰিণী, সেই মনুষ্য আকৃতি দানৱ নগা কোঁৱৰ। [ ১৩১ ]  মূলা—আপুনিয়েই নগা কোঁৱৰ। আহোম ৰাজমন্ত্ৰী কণচেং বৰপাত্ৰ গোহাঁইদেও!

 কণচেং-হয়, ময়ে সেই অভাজন।

 মূলা—ডাঙৰীয়া, নাজানি কত অপৰাধ কৰিঁছো! হীন বুদ্ধি নাৰী বুলি যেন মাৰ্জ্জনা কৰে।

 হেলা-জ্যেষ্ঠ আপনি মোৰ পিতাৰ স্বৰূপ! কন্যা বুলি অভাগিনীৰ অপৰাধ মাৰ্জ্জনা কৰক।

[কণচেঙক সেৱা কৰে]

 কণচেং—আৰু মোৰ অপৰাধৰ মাত্ৰা নবঢ়াবা।

 মূলা—অভাগিনীৰ স্বামী বন্দী! আপুনিয়েই অভাগিনীৰ একমাত্ৰ ভৰসা। আপুনি ৰক্ষা নকৰিলে তেওঁৰ আৰু কোনো উপায় নাই। সেই আশাতে বন্দী হৈ সেই সাহতে ভৰ দি ৰাজকুঁৱৰী হৈয়ো শত যন্ত্ৰণা ভোগ কৰি আপোনাৰ সন্ধান কৰি ওলাই আহিছে!

 কণচং—মই কি কৰিব পাৰোঁ? কোঁৱৰসকল বা কি অপৰাধত বন্দী?

 হেলা—অপৰাধৰ কথা শুনিলে আৰু এই অভাগিনীলৈ স্নেহৰ চকুৰে চাব পাৰিবনে? অপৰাধ অতি ভীষণ, সেই অপৰাধৰ মাৰ্জনা নাই। কিন্তু, কন্যা বুলি, অভাগিনী বুলি, মোৰ স্বামীক ক্ষমা কৰক। তাৰ পিছত বিচাৰ কৰক,-স্বামী মোৰ নিৰপৰাখ। স্বৰ্গদেৱে অপৰাধী বুলি দণ্ড দিছে বুলিয়েই লোকৰ চকুত অপৰাধী! [ ১৩২ ]  কণচেং—কোৱা, স্বৰ্গদেৱেই বা কি অপৰাধত দণ্ড বিহিছে।

 হেলা—অপৰাধ, আপোনাক জীৱন্তে পুৰি মাৰিবৰ উদ্দেশ্যে আপোনাৰ ঘৰত জুই দিয়া।

 কণচেং—এই মাত্ৰ! যেয়ে হওক সেই অপৰাধী,-তেওঁ মোৰ পৰম বন্ধু। তেওঁ মোৰ পৰম সুহৃদৰ কাম কৰিছে।

 মূলা—আপুনি কি নেজানে ডাঙৰীয়া কোনে আপোনাৰ ঘৰত জুই দিছিল? সকলোৱে জানে আৰু স্বৰ্গদেওৰৰ বিশ্বাস, সেই অপৰাধী কোন আপুনি জানে, আৰু স্বৰ্গদেৰ ওচৰত সেই কথাৰ গোচৰ দিব লাগিব বুলিয়েই,-হয়তো স্বৰ্গদেওৰে পুত্ৰৰ বিপক্ষে স্বৰ্গদেওক গোচৰ কৰিব লাগিব বুলিয়েই, ৰাজ্য এৰি গুচি আহিল। বিশ্বাসী চোৰাংচোৱাই অপৰাধীৰ নাম নকৈ নিজৰ প্ৰাণ দিলে। এইবিলাক সকলে গুণিয়েই, স্বৰ্গদেৱে নিজৰ পুত্ৰকেই দোষী বুলি স্থিৰ কৰি দণ্ড দিছে। সেই দণ্ড ৰহিত কৰিব পাৰে একমাত্ৰ আপুনি।

 কণচেং—স্বৰ্গদেৱে ভুল কৰিছে,—যদি স্বৰ্গদেৱে তেনে অনুমান কৰিয়েই দণ্ড দিছে। মই অপৰাধীৰ কথাহে নেলাগে ইমানকে নেজানো যে কোনোবাই মোৰ ঘৰত জুই দিছে। যদি জানিঁলোহেতেন যদি চিনিলোঁহেতেন কোন মোৰ সেই পৰম হিতকাৰী, এবাৰ অহাৰ আগতে তেওঁক বন্ধু বুলি আলিঙ্গন দি আহিলোঁহেতেন।

 মূলা—আপোনাৰ হৃদয় অতি উচ্চ, অতি মহৎ। আপুনি বন্ধু বুলিলেই তো ৰজা প্ৰত্যয় নেযাব! মোৰ ভনীটিক এই [ ১৩৩ ] শঙ্কটত আপুনি ৰক্ষা নকৰিলে তেওঁৰ যে আৰু কোনো নাই!

 হেলা—স্বৰ্গদেৱে যে ইয়াতকৈও কঠোৰ দণ্ড নিবিহিৰ তাৰ একো নিশ্চয়তা নাই।

 কণচেং—যোৱা আই। স্বৰ্গদেওক কোৱাগৈ মোৰ ঘৰ পোৰাৰ বাতৰিও মই নেজানো। মই সেই কাৰণে অহা নাই। আহিছোঁ, বিষয়ত মোৰ স্পৃহা নাই বুলি, সম্পদ মোৰ ভাল নেলাগে বুলি। যি পুৰিছে তেওঁ মোৰ পৰম উপকাৰী। তোমাৰ স্বামীৰ কোনো অমঙ্গল নহয়। স্বৰ্গদেৱে এই কথা জানিলে তেওঁলোকক অৱশ্যে মুক্তি দিব।

 হেলা—স্বৰ্গদেও আপোনাৰ কাৰণে ব্যাকুল। আপুনি নিজে নগলে কেতিয়াও প্ৰত্যয় নেযায়।

 কণচেং-নিশ্চয় যাব আই। কবাগৈ স্বৰ্গদেওৰ দুই ৰাজকোঁৱৰ মোৰ পৰম বন্ধু। তেওঁলোকে মোৰ হিত বাজে অহিত চিন্তিব নোৱাৰে।

 হেলা—নহয়! দয়া কৰক, এবাৰগৈ নিজে ৰাজধানীত পদাৰ্পণ কৰক! মোৰ সকলো কামনা পূৰ্ণ হব।

 কণচেং-নকৰিবা আই। সেই অনুৰোধ মোক নকৰিবা। যোৱা, ঈশ্বৰে তোমাৰ মঙ্গল কৰিব।

 মূলা-ইমান নিদাৰুণ আপুনি হব নোৱাৰে। আপোনাৰেই কন্যা স্বৰূপ এই অভাগিনীক এবাৰ আই বুলি মাতি কেনেকৈ আকৌ তেওঁৰ বধৰ ভাগী হব।

 কণচেং-স্বেচ্ছায় এবাৰ ৰাজসিক সকলো বাসনা জলাঞ্জলি [ ১৩৪ ] দি বনবাস আশ্ৰয় কৰিছোঁ। কোন মুখে উভটিম! কত থাকিব মোৰ মনুষ্যত্ব?

 মূলা—যদি পুৰুষহৈ এগৰাকী দুৰ্বলা বিপদগ্ৰস্তা ৰমণীৰ উদ্ধাৰৰ চেষ্টা নকৰি তেওঁৰ বধৰ ভাগী হয়, তেন্তে, তাতেই নেকি পুৰুষৰ পুৰুষত্ব—মানুহৰ মনুষ্যত্ব?

 কণচেং–মিছা কথা দেবী, মই মনুষ্য নহয় মই পশু। পশুৰ আকৌ মনুষ্যত্বৰ বৰাই কিয়? মই মনুষ্যত্ব পুৰুষত্বৰ বৰাই নকৰোঁ।

 হেলা—মই যে বৰ অভাগিনী! দয়া কৰক। এবাৰ ভাবি চাওক অভাগিনীৰ কপালৰ কথা। মোৰ যে কোনো নাই! [ কান্দে ]

 মূলা—বলক গাভৰুদেও, কান্দিলে কি হব! পুৰুষৰ নিৰ্যাতন সহিবলৈকে নাৰীৰ জন্ম। নাৰীৰ শক্তিৰে যি অসাধ্য তাকো কৰিলে। তথাপিও যদি পুৰুষৰ পাষাণ প্ৰাণত এধানিমান দয়াৰ সঞ্চাৰ নহয় কান্দি কি কৰিব? উঠক গাভৰুদেও! আহক! পৰ্ব্বতৰ শিল আছে। দিখৌৰ পানী আছে—ককালৰ হেংদান আছে,—এইবিলাকেতো নাৰীৰ অন্তৰৰ ব্যথা বুজিব! এইবিলাকেতো উপেক্ষা নকৰে।

[ যাব খোজে]

 হেলা—অভাগিনীৰ তেনে কোনো উপায় নাই।

 মূলা—মিছা আশাত কান্দি লাভ কি হব ভনীটি? পুৰুষে নোৱাৰে, আমি পাৰিম আহক। উপায় মহাশক্তিয়ে দিব। আপোনাৰ স্বামীক মুক্ত কৰিব নোৱাৰিব পাৰোঁ, কিন্তু, সেই [ ১৩৫ ] উদ্দেশ্যে নিজৰ প্ৰাণতো বলি দিব পাৰিম! সাৱিত্ৰীয়ে যম ৰজাৰ হাতৰ পৰা নিজৰ স্বামীক উদ্ধাৰ কৰিছিল, আমি স্বৰ্গদেওৰ আগত দুয়োৰে কটামূৰ উপহাৰ দি আপোনাৰ স্বামীৰ উদ্ধাৰ প্ৰাৰ্থনা কৰিম। আহক যাওঁ।

[ দুয়োৰে প্ৰস্থান। কণচেঙে ৰ লাগি সেই পিনে চাই থাকে।]

কণচেং-ৰব! নেব। ক’তা? ন’ৰল। গুচি গ'ল। কি কৰিলো। চেংলুং! পিশাচ! কি কৰিলি। ক'ত হেৰুৱালি তোৰ মনুষ্যত্ব! কোন নৰকত বুৰালি তোৰ পুৰুষত্ব! নহয়! মই যাম! আৰু চিন্তা নহয়! যাম। ৰব। নেযাব! মই আহিছো-

[ লৰিলৰি—সেই বাটে প্ৰস্থান ]
—পট পৰে।—
⸻⸻
চতুৰ্থ দৃশ্য
নগা পৰ্বতৰ মাজৰ হাবি।
[ এটা পৰ্বতৰ টিলাৰ ওপৰত উঠি লুকুৱে ঠৰহৈ দুৰৈলৈ চাই থাকে ]
[ খুণবাওৰ প্ৰবেশ ]

খুণ—আক তাৰ আয়িলে আক কুছি ক’ল। তাৰ কি অল। অথম পালে তাৰ কি তৈ আয়িলে ইয়াতে তাকিবৰ মন নাই। দিন দিন তাৰ মন ৰং নাই! আকৰ অমান মুকত আঁখি নাই। অদায় দিন কিবা মন দুক। লুকু পালে তাৰ কিমান বাল পায়! তেউ তাৰ অলে অলপমান মন বাল নাই। [ ১৩৬ ] তাৰ কি অ’ল? কিয় কুছি ক’ল। লুকু দেকি পালে কি অব। তাৰ কুচি কলে দেকি পালে লুকু কেতিয়া নাতাকে। লুকু বলিয়া অব। লুকু পালে বয় লাকে দেকি তাকে আমাৰ দৰিব নকল। লুকু কিয়ানি তাৰ যুৱা দেকি পুৱা নাই! যাওঁ,— লুকু ক’ত তাকিছে দেকিম।

[ যাব খুজি পৰ্বতৰ টিঙলৈ মন কৰি ৰ লাগে ]

 অ অউ কুন? পৰ্পত উপৰ তৰ লাকি কিবা দেকিছে। দেও না মানু! কুন! অ লুকু—নয়—লুকু! তুৰ দেকি পালে লুকু! তাত পৰা তাকে দেকিছ! লুকু! লুকু।

[ লুকুৱে এবাৰ বাপেকৰ ফালে চাই চকু ঢাকি কান্দে।]

 কানিছ সুকু? তাত পৰা কি দেকিছ?

 লুকু—কাকাটি অউ কুছি কলে—

 খুণবাও—আয়িব লুকু! ইতিয়া আয়িব।

 লুকু—আৰু কাকাটি নায়ে বুবু।।

 খুণবাও—আয়িব লুকু। আমাৰ আনি দিব। নামি আ লুকু।

 লুকু—-বুবু [ কান্দে]

 খুণবাও—উস্ [ চকু পানি মুছি ] লুকু!

 লুকু— কাকাটি মূৰ পালে কং কৰি কুছি কলে-

 খুণবাও—তুৰ পালে তাৰ কং অব নুৱাৰে লুকু। তাৰ আক আয়িব! নামি আ লুকু! আমাৰ একলক্ বাই তাৰ পালে দৰি আনিম। [ ১৩৭ ]  লুকু—তাৰ আৰু নায়ে বুবু! অউ আবি আবি লৰি কুছি ক’ল। ইমান পৰ আমাৰ দেকি পাইছে বুবু! তাৰ কুছি ক’ল! তাৰ আৰু নায়ে বুবু! আমাৰয়ে তাৰ কেদিলে। বুবু! কাকাটি পালে আমাৰয়ে কেদিলে।

 খুণ–তুৰ কি কেদিব লুকু! তাৰ এনে যাইছে আক’ আয়িব। আ লুকু, নামি আ।

 লুকু—আমাৰ কেদি পাইছে বুবু। আমাৰ কেদিছে। কাকাটি জানি পালে, তাকে নিব বাবি, অঅম মানু আমাৰ দেনু লকতে মাৰিছে। কাকাটি য়েই মানু পালে কেদি কুছি ক’ল!

 খুণ-লুকু।

 লুকু-বুবু!

 খুণ—আ লুকু, নামি আ! তাৰ পালে আমাৰ আনিব যাম। ইতিয়া যাম!

 লুকু—উঃ! আমাৰ দেনু লকতে মাৰি তানতৰ আবি আবি কিমান বিচাৰি দেকি নাপালে। ইয়াত পৰা দেকি পাইছে কুছি কল! তানতৰ পিছ পিছ কাকাটি কুছি কল! কাকাটি আৰু নায়ে বুবু!

 খুণ—আয়িব লুকু! নামি আ!

 লুকু—তুৰ গৰ যাবি বুবু।

 খুণ–তুৰ নায়িলে আমাৰ নাযায় লুকু!

 লুকু—যা বুবু, আমাৰ নাযায়।

 খুণ-ইয়াতে ৰকি তাকি কি অব লুকু! আ! [ ১৩৮ ]  লুকু-উঃ! অউ! অউ আবি পালে কাকাটি কলেকৈ আৰু তাৰ দেকি নাপাওঁ বুবু।

[ চকু ঢাকি কান্দে ]

 খুণ-কানিছ লুকু। তুৰ কানিলে আমাৰ মৰিব অমান দুক পায়। নাকানিবি লুকু!

 লুকু-নাকানু বুবু! যাম!

 খুণ-ক'ত যাবি লুকু?

 লুকু—[ আকাশৰ ফালে আঙুলিয়াই ] অউ তাতে যাম বুবু- তাত পৰা অদায় দিন কাকাটি পালে দেকি তাকিম।

 খুণ-লুকু! লুকু! মুকে তুৰ অউ দেনু লকতে মাৰি পেলা লুকু! মাৰ! তাৰ পিছে তুৰ যি মন লাকে কৰি তাক্‌ লুকু!

 লুকু-কাকাটি! কাকাটিক মই বৰ বাল পাওঁ বুবু।

 [ পৰ্বতৰ টিঙৰ পৰা লুকুৱে তললৈ জাপ মাৰি দিয়ে। খুণবাৱে লুকু লুকু বুলি চিঞৰি কোলাকৈ ধৰেগৈ। ]

—আঁৰ কাপোৰ-
⸻⸻
[ ১৩৯ ]
পঞ্চম দৃশ্য
বন্দীশাল
[চুক্লেনকোঁৱৰ মৌন হৈ বহি থাকে।]

 চুক্লেন-হা অদৃষ্ট। কপালত ইও আছিল। পিতা। পিতা! এই বিচাৰকে কৰিছা ৰাজদণ্ড হাততলৈ! ভবা নাই কাক দণ্ড দিছা। ভবা নাই কালিলৈ কি হব পাৰে! হব পাৰা ৰজা! হব পাৰা পিতা! কিন্তু, যদি দিন পাওঁ। যদি কোনো উপায়ে মুক্তি পাওঁ! পিতা, এই অবিচাৰৰ পৰিণাম ভুঞ্জিব লাগিব! পুত্ৰ বুলি এবাৰ ভাবি চোৱা নাই—পিতা বুলি সেই দিন পুত্ৰৰো ভাবিবৰ অবসৰ নহব! দিন পালে এনেদেৰে—ঠিক এনেদৰে—পুত্ৰও অবিবেকী হব পিতা! সেই দিন আহিব! আহিবনে? সেই সৌভাগ্য মোৰ হবনে? অবিবেকী পিতাৰ অবিচাৰৰ পৰিণাম ভুঞ্জাবৰ ভাগ্য মোৰ হবনে? উস্! কোনে মোক মুক্ত কৰি দিব! যদি ৰজা হওঁ-ৰাজ্য দিম সম্পদ দিম সকলো দিম! চিৰ জীৱন কৃতজ্ঞ থাকিম!

[ আকৌ মৌন হয় আৰু হেলাগাভৰু সোমায়]

 হেলা—স্বামী! প্ৰভু!

 চুক্লেন—কোন? হেলা? তুমি ইয়াত! হেলা! হেলা। মোৰ প্ৰাণাধিক হেলা! মোক এটা মুক্তিৰ বাট—দিব নোৱাৰা হেলা।

 হেলা—তাৰ চেষ্টাতেই আজি ইমান দিন আহাৰ নিদ্ৰা মান সম্ৰম সকলো এৰি হাবিয়ে বননীয়ে ঘূৰি ফুৰিও অৱশেষত [ ১৪০ ] সকলোতে ব্যৰ্থ হৈ উভটি আহিছোঁ নাথ। যদি এই হত- ভাগিনীৰ প্ৰাণ দিলেও আপোনাক স্বৰ্গদেৱে মুক্তি দিলেহেঁতেন, —হেলা তাৰ কাৰণেও প্ৰস্তুত আছিল।

 চুক্লেন-তেন্তে কি কোনো উপায় নাই হেলা?

 হেলা-মোৰ ডিঙিৰ মুক্তাহাৰ প্ৰহৰীক উপহাৰ দি এবাৰ আপোনাৰ দৰ্শন পাবলৈ আহিছো নাথ। তাতো এক মুহুৰ্তৰ ওপৰ হলে প্ৰহৰীৰ হয়তো ডিঙিৰ ওপৰত মূৰ নেথাকিব! উপায় এটা আছে নাথ কিন্তু কবলৈ সাহ নহয়, জানোছা অভাগিনীৰ প্ৰতি ঘৃণা হয়।

 চুক্লেন—কোৱা, কোৱা হেলা কি উপায়। কবলৈ সাহ নহয় কি কৈছা হেলা? কি উপায় কোৱা কোৱা!

 হেলা-আপুনি স্বামী গুৰু সাক্ষাৎ দেৱতা। আপোনাৰ কাৰণে মোৰ ক্ষুদ্ৰ প্ৰাণ গলেও মোৰ গৌৰব থাকিব, পত্নী মই মোৰ প্ৰাণ স্বামীৰ সামান্য উপকাৰত লাগিল!

 চুক্লেন—জীৱন মৰণৰ এই সন্ধিস্থলত ভণিতা ভাল নেলাগে হেলা, কোৱা কি উপায়!

 হেলা—উপায় এয়ে নাথ—আপোনাৰ সেই পৰিচ্ছদ সলাই মোৰ এই হীন পৰিচ্ছদ আপুনি পিন্ধি ওলাই যাওক। প্ৰহৰীয়ে একো নোশোধে ময়ে উভটি গৈছোঁ বুলি ভাবি বাট এৰি দিব। কিন্তু নাথ, বাজ হৈ যদি এই পুৰীৰ ভিতৰত বেছি পলম কৰে তেন্তে ধৰা পৰিবৰ খুব সম্ভাবনা। নগৰৰ বাহিৰত লাভৈ পোহাৰীৰ ঘৰত অশ্ব প্ৰস্তুত আছে। একেবাৰে তালৈ যাব আৰু তাৰ পৰা ঘোঁৰা লৈ কলীয়াবৰৰ ওচৰত [ ১৪১ ] ৰণক্ষেত্ৰলৈ যাত্ৰা কৰিব। পাঠানৰ লগত আহোমৰ যি ৰণ লাগিছে, তাত গৈ আত্মপৰিচয় দি বৰগোঁহাই ডাঙৰীয়াৰ ওচৰ চাপিব। তেখেতৰ পাৰ্শ্বচৰ স্বৰূপে হলেও ৰণত আপোনাৰ নিপুণতা দেখুৱাব। পাঠানক দেখুৱাব আপুনি আহোমৰ সুযোগ্য যুৱৰাজ! আপোনাৰ এই অপযশ তেতিয়া নেথাকে নাথ! সকলো আহোম সেনাই আপোনাৰ জয়ধ্বনি কৰিব। স্বৰ্গদেৱে আপোনাৰ অপৰাধৰ কথা পাহৰি যাব।

 চুক্লেন—তোমাৰ কথা পালিবৰ যত্ন কৰিম। আগেয়ে মুকলি হওঁ। •

 হেলা—নহয় নাথ, আগেয়ে প্ৰতিজ্ঞা কৰক! স্বদেশৰ কাৰণে প্ৰাণ পূৰ্ণাহুতি দিম বুলি ওলালে আপোনাৰ মঙ্গল বাদে কেতিয়াও অমঙ্গল নহয়!

 চুক্লেন—প্ৰতিজ্ঞা কৰিছোঁ। তোমাৰ কথা বৰ্ণে বৰ্ণে পালন কৰিম।

 হেলা—তেন্তে এই লওক নাথ। মই আগেয়েই প্ৰস্তুত হৈ আহিছে। আপোনাৰ পৰিচ্ছদ সলাই মোক দিয়ক, এই পৰিচ্ছদ আপুনি পিন্ধক।

[ হেলাই এসাজ ৰিহা মেখেলা চাদৰ চুক্লেনক পিন্ধাই দিয়ে ]

 যাওক নাথ, ঈশ্বৰে আপোনাক নিৰাপদে ৰণক্ষেত্ৰ পোৱাই দিয়ক।

[ চুক্লেনক হেলাই সেৱা কৰে ]

চুক্লেন-তেন্তে, আহে হেলা। লাভৈৰ ঘৰত ঘোঁৰা পামতো। [ ১৪২ ] হেলা—নিশ্চয় পাব নাথ।

[ চুক্লেনৰ প্ৰস্থান। হেলাই চকুলো টোকে]

যাওক নাথ, ঈশ্বৰে আপোনাৰ মঙ্গল কৰক। কিন্তু,-মোৰ কাৰণে-মোৰ কি হব—এবাৰ যোৱাৰ আগতে সুধিবৰো অৱসৰ নহ’ল! যাওক! তাৰ বাবে দুখ কিয়? সিপুৰীত দেখা হলে সোঁৱৰাম! নেলাগে! স্বামী মোৰ নিৰাপদ হওক মোৰ সেয়ে গৌৰব! হৃদয়ত বল দিয়া নাৰায়ণ।

[ তলমূৰকৈ বহি চকুপানী টোকে]
—পট পৰে—
⸻⸻
ষষ্ঠ দৃশ্য
পাঠান শিবিৰ
[ তুৰবক, হুছেন খাঁ, তাজু খাঁ, কাছিতাৰা আৰু লেহেতীয়া]

 তুৰবক-সেনাপতি সকল! আপোনালোকৰ পৰিশ্ৰমৰ বলতে আৰু আপোনালোকৰ সহায়তে ইমান দিন পাঠানৰ বীৰ নাম অক্ষুন্ন ৰাখি আহিব পাৰিছোঁ। কিন্তু, এইবাৰ দেখিছোঁ। সমস্যা বৰ ডাঙৰ। আহোমৰ এইবাৰ অহ সেনাপতি দেখিছোঁ আগৰ বিলাকতকৈও ভয়ানক। সি আহিবৰ পৰা পাঠানৰ তো কোনোদিনেই জয় শুনা নাই। তাৰ উপৰি সেইদিনা শুনিছো সি বোলে অকলে যুদ্ধ কৰি আমাৰ বিজয়ী পাঠান সৈন্যকে পলাবলৈ বাধ্য কৰিলে আমাৰ সৈন্য বোলে তেতিয়াও প্ৰায় এশ মান আছিল। [ ১৪৩ ] আৰু তাৰ লগৰ সৈন্য আটাইবিলাকেই ৰণত পৰি কেবল সিয়েই অকলে যুঁজি আছিল। বৰ তাজ্জব কথা।

 কাছি-শুনা কথা জনাব, শুনা কথা!

 হুছেন—বাস্তবিক জনাব, শুনা কথাত কি বিশ্বাস। এশ পাঠান সৈন্য পলাই আহিব এটা আহোমৰ ভয়ত। হয়তো আমাৰ সৈন্যই তাক অকলশৰীয়া দেখি যুদ্ধ কৰিবলৈ ভাল নাপাই গুচি আহিল।

 তাজু-নহলে কি সি চয়তান আছিল নে কি? এক শ পাঠানৰ লগত এটা আহোমে যুঁজিব। পাঠান সেনাই তাক মেহেৰবানি কৰি নেমাৰিলে জনাব!

 কাছি—আৰু জনাব, এশ নেলাগে দুই চাইটা পাঠানৰ লগত একেলগে যুঁজিবলৈ তাৰ তো আৰু চাৰিখন হাত নহয় যে চাৰিখন তাৰোৱাল ধৰিব!

 তুৰবক—যেতিয়ালৈকে তাৰ লগত নিজে যুদ্ধ কৰি নেপাওঁ কব নোৱাৰি কাৰ বাহুত কিমান জোৰ।

 হুছেন—খালি জোৰ হলেই তো যুদ্ধ নহয় জনাব! বুদ্ধিও তো লাগে। মই দেখিছে। এই আহোমবিলাকৰ এক একটা ম'হৰ সমান একো একোটা মানুহৰ জোৰ কিন্তু বুদ্ধি হলে একো নাই। বুদ্ধিও ঠিক সেই ম'হৰে নিচিনা।

 তুৰ-যেই হওক আমাৰ হুচিয়াৰ থকা ভাল।

 কাছি—অৱশ্যে জনাৰ অৱশ্যে। আৰু জনাব এইটো কথাও ঠিক-যিমানেই তাৰ জোৰ থাকক বা যিমানেই [ ১৪৪ ] তাৰ বুদ্ধি থাকক তাৰ দিন ওচৰ চাপিছে। হয় কালিলৈ নহয় পৰহি-তাতো নহলে টানি মানি তিনিদিন! এই তিনিদিনত তাৰ শেষ কৰিমেই কৰিম।

 তুৰ—এই তিনিদিনতে আকৌ উল্টাও হব পাৰে।

 কাছি—জনাবৰ বঙাল সেনাপতি ইমান কেঁচা লৰা নহয়! মোৰ সকলো ঠিক আছে জনাব।

 তুৰ—সেনাপতি, মই আপোনাৰ কাণ্ড কাৰখানা দেখি বাস্তবিকে অবাক। কেনেকৈ আপুনি ইমান জোগাৰ কৰে আৰু ইমান খবৰ ৰাখে? আনকি আহোমৰ ভিতৰৰ সৰ্ব খবৰো পায়, মই যে ভাবি অবাক হওঁ। আমাৰ গুপ্তচৰ বিলাকতত সব, মিছা, কোনো কামৰ পাত্ৰ নহয়! আপুনি কেনেকৈ ইমান খবৰ ৰাখে?

 হুছেন খাঁ—জনাবে নাজানে সেনাপতিৰ এটা তোফা গুপ্তচৰ আছে। যেনে খুবচুৰৎ তাৰ চেহেৰা তেনে সি বিশ্বাসী আৰু তেনে হুচিয়াৰ। জনাবে বোধকঁৰো তাক দেখা নাই।

 তুৰ-কালি কি পৰহি কিজানি দেখিছিলোঁ। এটা লৰা আহি আমাৰ দুই দোস্তৰ লগত কি আলাপ কৰি গ'ল। মই মাতিলো, মোক খালি আদাব দি গুচি গ'ল! সিয়েই নেকি সেনাপতি আপোনাৰ গুপ্তচৰ!

 কাছি—হয় জনাব।

 হুছেন—তাৰ কি নাম কৈছিল জনাব,-হীৰামন নে তোৰামন কি মন। খুব ভাল এটা নাম! [ ১৪৫ ]  কাছি-ৰতিমন!

 হুছেন-ৰতিমন! ঠিক। ৰতিমন।

 তুৰ—নিচেই লৰা মানুহ।

 কাছি—লৰা হলেও কামত সি বুঢ়া জনাব।

 তুৰ—সি যুদ্ধও কৰে নেকি? হয়তো বেচেৰাৰ কোনো- দিন কাৰবাৰ হাতত প্ৰাণ যাব! তাক হুচিয়াৰ কৰি দিব লাগে।

 কাছি—সি ইমান কেঁচা লৰা নহয় জনাব। আৰু সি যুদ্ধও নকৰে। সি এটা লিগিৰা!

 তুৰ—লিগিৰা আকৌ কি? কোনোবা সেনাপতি কি ৰজাৰ লৰা নেকি?

 লেহে-নহয় জনাব, লিগিৰা মানে চাকৰ।

 তুৰ-মান খুবচুৰৎ চেহেৰাৰ চাকৰ! আচ্ছা জনাব এইবাৰ সি আহিলে তাৰ লগত মোৰ মুলাকাৎ কৰাই দিব। সি ইমান আমাৰ কাম কৰি দিয়ে, মই তাকে খুছি কৰি বকচিচ্, দিম।

 লেহে—(স্বগতঃ ) সৰ্ব্বনাশ! দেখিছো, কথা মস্কিলেই হ’ল! যদি কেনেবাকৈ ৰতিমনৰ পৰিচয় ওলাই পৰে। যদি গম পায় ৰতিমন লৰা নহয় ছোৱালী হে! [ প্ৰকাশ্যে ] চাকৰৰ লগত বেচি ঘনিষ্ঠতা ভাল নহয় জনাব।

 কাছি—বকচিচৰ সময় আছে। আমাৰ কাম হৈ গলেও দিব পৰা যাব! সি ইয়ালৈ অহা কোনোবাই জানিলেও তাৰ ফালে সৰ্বনাশ! তাতে আকৌ আজিকালি সি, এতিয়া

১০ [ ১৪৬ ] অহা আহোমৰ যুৱৰাজৰ লিগিৰা সোমাইছে! তাৰ সময়ো আজিকালি খুব কম।

 তুৰ—আচ্ছা বেচ! পিছত সময় বুজি দেখা দিলেও হব। তাক মই খুব খুছি কৰি বকচিচ, দিম! বাৰু সেইবোৰ কথা যাওক। এতিয়া আমাৰ যুদ্ধৰ বিষয়ে পৰামৰ্শ কৰিব লাগে। নবাবৰ পৰা খবৰ পাইছোঁ সেনাপতি বীৎমালেকৰ হাতত আৰু সৈন্য পঠাইছে। সিহঁত আহি ভৰলীৰ ওচৰ পাইছেহি। আমি খবৰ পঠালেই আগ বাঢ়িব। মোৰ মনে তেওঁলোেক এতিয়া তাতেই থাওক। আমি যদি প্ৰয়োজন দেখোঁ পিছত মাতিম।

 কাছি—জনাবে ঠিক কৈছে। এতিয়া তেওঁলোকক মাতিবৰ কোনো প্ৰয়োজন নাই। আহোমেও বুজি থাওক আমাৰ নতুন সৈন্য সামন্ত একো অহা নাই। যি আছে তাৰেই যুদ্ধ চলাব লাগিব। তেতিয়া সিহঁতে যুদ্ধৰ আয়োজন ডাঙৰ নকৰে।

 তুৰ-বাৰু সেয়ে হব। মই সেই খবৰ আজিয়েই বীৎ- মালেকলৈ পঠাম। এতিয়া আমি কালিলৈ যুদ্ধৰ কি আয়োজন কৰিম তাৰ মীমাংসা কৰোঁহক। আমি সিহঁতক কোন ফালৰ পৰা আক্ৰমণ কৰিম আৰু কিমান সৈন্য কাৰ নেতৃত্বত পঠাম?

 কাছি—মোৰ মনে জনাব, আক্ৰমণটো আমি বাদ দিওঁ। শত্ৰুপক্ষই আমাক আক্ৰমণ কৰক। আমি কেবল প্ৰস্তুত থাকিমহঁক। [ ১৪৭ ]  হুছেন—ময়ো তাকেহে ভাল দেখোঁ। মোৰ মনেও আক্ৰমণ আমি নকৰোঁ, সিহঁতেই কৰক।

 কাছি—মোৰ যিমান দূৰ বিশ্বাস আৰু যেনে দৰে শুনিছো, সিহঁতেই আমাক আক্ৰমণ কৰিব। আমাৰ আক্ৰমণলৈ সিহঁতে বাট নেচায়। আমাকো তাকে লাগে। আমাৰ সৈন্য প্ৰতি মুহূৰ্তে তাৰ কাৰণে প্ৰস্তুত থাকিব লাগে। কোনো ভয় নাই জনাব। আক্ৰমণ কৰিবলৈ আহি সিহঁতৰ এটাও সেনা শিবিৰলৈ উভটি যাবলৈ নেথাকিব।

 তুৰ—যদি তেনেকুৱাই হয়, আৰু আপোনালোকে তাকে ভাল দেখে, সেয়ে হওক। কিন্তু মোৰ মনে তাৰ লগতে আৰু অলপ কাচাজি কৰিলে কাম একেবাৰে চাফাই হব। আমাৰ এটা ফৌজ এজন সেনাপতিৰে সৈতে কিছু আগবাঢ়ি গৈ ৰাতিয়েই এক জাগাত লুকাই থাকক গৈ। যেতিয়া শত্ৰুদল, জিকি হওক হাৰি হওক শিবিৰলৈ ঘূৰিব, তেতিয়া সেই ফৌজ অতৰ্কিতে আহি সিহঁতক আক্ৰমণ কৰিব। তেতিয়া ক’ত বা সেনাপতি ক’ত বা যুৱৰাজ সব একেলগে জহন্নামে যাব। মোৰ বুদ্ধি বেয়া হবনে জনাব? কি কয় খাঁ চাহাবে?

 হুছেন—জনাবৰ তোফা বুদ্ধি। এই চালতে কিস্তি মাৎ।

 কাছি-পাৰোঁতেনো অত যুদ্ধ জিনিছেনে জনাব! এনেকুৱা প্ৰখৰ বুদ্ধি আছে বুলিয়েই তো নবাবে আনক নপঠিয়াই জনাবক পঠিয়াইছে। [ ১৪৮ ]  তুৰ—মই দেখিছোঁ। আপুনি আৰু আমাৰ এই দোস্ত সহায় নোহোৱা হলে আমি কোনোবা দিনাই উভটি যাব লাগিলহেঁতেন! মই কেবল নামতহে। পাঠানৰ খোছনাম ৰাখিছে আপোনালোকে। মই জৰুৰ নবাবক আপোনালোকৰ এই উপকাৰৰ কথা ভালকৈ কমগৈ।

 লেহে—সেইটো জনাবৰ অনুগ্ৰহ।

 কাছি—এতিয়া জনাব আমি উঠিবহে লাগে। সকল বন্দৱস্ত ৰাতিয়েই কৰি থব লাগে। পুৱালৈ থলে একো কাম নহব।

 তুৰ—ঠিক কৈছে। সকলোৱেই নিজৰ নিজৰ ফৌজ হুচিয়াৰ ৰাখিব—নিজেও প্ৰস্তুত থাকিব। কাৰ নেতৃত্বত কোন ফৌজ ৰাতিয়েই গৈ লুকাই থাকিব লাগিব মই এতিয়া নকওঁ। সেই কাম অতি গোপনে হব লাগিব যাতে আমাৰ পক্ষৰে সৈন্যই সেই কথাৰ গম নেপায়। সকলো প্ৰস্তুত থাকিব, মই সময় বুজি কমগৈ। যাকে পঠিয়াম তৎক্ষণাৎ সেয়ে যাত্ৰা কৰিব লাগিব। এতিয়া সকলে নিজৰ নিজৰ কামলৈ যাওক। আদাব! আদাব!

[ সকলোৰে প্ৰস্থান ]
—পট পৰে—
[ ১৪৯ ]
সপ্তম দৃশ্য
চুক্লেন কোঁৱৰৰ শিবিৰ
[ ৰতিমন অকলে ]

 ৰতি---হা অদৃষ্ট! মোৰ কি এনেকৈয়ে দিন যাব! যলৈকে গৈছোঁ ততে ব্যৰ্থমনোৰথ হৈছোঁ। কি আছিলোঁ কি হলোঁ! হে মোৰ প্ৰাণৰ দেৱতা! তোমাৰ সন্ধান কি নেপাম! দেশে বিদেশে কিমান ঘূৰিলোঁ! শেষত ইয়ালৈ আহিলোঁ ইয়াতো নাই! ক’ত লুকালো দেৱতা?

 মাতৃ! আজিও তোমাৰ অন্তিমৰ অনুৰোধ বুকুত জ্বলিব লাগিছে। সেয়ে যেন শিথিল। কি এক দুৰ্দ্দমনীয় আকাঙ্খ্যাৰ হেঁচাত শিথিল! কিমান দৃঢ়কৈ মন বান্ধিবৰ যত্ন কৰে। কিন্তু, সেই মুখখনিৰ চিন্তাত ক’ৰ বন্ধন কেনি গুচি যায়! শৰীৰত ক্লান্তি আহি পৰে। সকলো পাহৰি যাওঁ থাকা তুমি, আৰু থাকে তোমাক পাবৰ একেটি চিন্তা। কিয় তুমি মোৰ মানস পটত উদয় হৈ মোৰ সৰ্ব্বস্ব নিলা। যদি উদয় হলা কিয় মোৰ বুকু ভাঙ্গি গুচি গলা! চকুৰ অদৃশ্য হলা, কিন্তু মনৰ অদৃশ্যততা হব নোৱাৰা! ক’ত লুকালা দেৱতা! মনৰ কথা এবাৰ মুখ খুলি কবৰ অবসৰ নেপালো! তুমি মহৎ! অভাগিনীৰ কথা শুনিলে হয়তো তোমাৰ দয়াও উপজিলহেঁতেন। কি কৰিলা! তুমিয়েই মোক কৰ্তব্যভ্ৰষ্ট কৰিলা! তুমিয়েই মোৰ সৰ্ব্বনাশ কৰিলা! যদি এবাৰ দেখা পাওঁ—যদি অভাগিনী বুলি স্নেহৰ চকুৰে চাব পাৰা--[ ১৫০ ] সকলো বিসৰ্জন দিম মাতৃআজ্ঞা পৰিত্যাগ কৰিম—তুমি যদি নৰকলৈ ঠেলি পেলোৱা হাঁহি মুখে তাত জাপ দিম! মোক একো নেলাগে—লাগে তোমাক—

[ চুক্লেন কোঁৱৰৰ প্ৰবেশ ]

 চুক্লেন----ৰতিমন!

 ৰতি—কোঁৱৰ!

 চুক্লেন—এবাৰ বৰগোঁহাইৰ শিবিৰৰ পৰা আহিব পাৰ?

 ৰতি—কিয় নোৱাৰিম! কিন্তু এটা কথা, মোক বৰ- গোঁহাই দেৱে চকু পাৰি দেখিব নোৱাৰে। যেনেহে কোন্দোৱাকৈ চায়,---মোৰ সেই পিনেই মাটি ফালি সোমাবৰ মন যায়। সেই দেখিহে যাবলৈ অলপ ভয় লাগে!

 চুক্লেন—চালেই মানুহ মৰে নে অ! ডেকা ৰজাৰ লিগিৰা হৈ নো তোৰ ইমান ভয় নে?

 ৰতি—পাৰোঁতেনে কোঁৱৰ? বাৰু কি কৰিবগৈ লাগিব?

 চুক্লেন—একো নাই। এআষাৰ কথাকৈ গুচি আহিব লাগে।

 ৰতি—গুচি আহিবগৈ পাৰিম, কিন্তু, কথা হলে কব নোৱাৰিম। ভুল হই যাব, নাইবা পাহৰি থাকিম।

 চুক্লেন----বাৰু নেলাগে যা, অন্য কাৰবাক পঠিয়াই কোৱাম।

 ৰতি----ইস! তৰিলো, তৰিলোঁ! ভৰি পিটিকি দিমনে কি কোঁৱৰ?
[ ১৫১ ]  চুক্লেন—কি বৰগোঁহাইৰ ওচৰলৈ নপঠিওৱাৰ বক্‌চিচ্‌ নেকি? বাৰু দে।

[ চুক্লেন বিছনাত বৰগাৰুত আউজি বহে আৰু ৰতিমনে ভৰি পিটিকি দিয়ে ]

 চুক্লেন—এটা কথা মনত পৰিছে ৰতিমন! তাহানি---

 ৰতি----মনত পৰিলেই নে? বিছনাত কাতি হলেই মনত পৰে! আমি খহকা হাতেৰে ভৰি পিটিকি দিব খোজোঁতেই মনত পৰিল। কুমলীয়া হাতেৰে কুঁৱৰী আয়ে ভৰিত হাত দিলেই চাগৈ একেবাৰে জহকালি লুইতৰ পানীত পৰি থকা যেন লাগে, নহয়নে কোঁৱৰ?

 চুক্লেন—এই পাগলটোৰ কথাবিলাক! আগেয়ে কথাটোকে শুনছেন! কুঁৱৰী আয়েৰৰ কথা নহয়।

 ৰতি—তেন্তেনো আকৌ কাৰ কথা?

 চুক্লেন---এজনী লিগিৰিৰ কথা! নাকে মুখে কথাই বতৰাই অবিকল তোৰ ভনীয়েক বুলিব পাৰি!

 ৰতি-ইস! এজনী মান ভনী থকা হলে মই সেনাপতি বা মন্ত্ৰীৰ বাৰ পালোৱেইহেঁতেন! হায় হায় মোৰ কপাল ঐ! এজনী ভনীও যদি থাকিলহেঁতেন।

 চুক্লেন----মই যদি কেতিয়াবা ৰজা হওঁ! বাৰু, তোৰ ভনীয়েক থাওক বা নেথাওক তোৰ কথা মই নেপাহৰোঁ!

 ৰতি—উ, ৰজা বা হয়গৈ কেতিয়ালৈ?

 চুক্লেন—তই নেজান ৰতিমন, তোক মই কিমান বিশ্বাস
[ ১৫২ ] কৰোঁ। আৰু সেই দেখিয়েই তোৰ গুৰিত মই পেটৰ কথা ভাঙ্গি কওঁ। তই এই কেইদিনতে মোক বৰ মৰম লগাইছ। তয়ো যদি মোৰ বিশ্বাস ৰাখ মই ৰজা হোৱালৈ বেছিদিন নেলাগে।

 ৰতি—বাৰু কি কথা কব খুজিছিল? এজনী লিগিৰিৰ

 চুক্লেন—কব খুজিছিলো, তোৰ দৰে বিশ্বাসী এটা লিগিৰা যদি সেই সময়ত মোৰ থাকিলহেঁতেন, তাই মোক এনেকৈ বুকুত শেল হানি যাব নোৱাৰিলেহেঁতেন! উস্! তাইক মই বৰ ভাল পাইছিলোঁ ৰতিমন।

 ৰতি—তাইনো লিগিৰি এজনী হৈ কোঁৱৰক ইমান নীহ দেখিলেনে?

 চুক্লেন—তাই দেখা নাই ৰতিমন। তাই বৰ ভাল আছিল। তাইক মই হাতৰ মুঠিত পাইছিলোঁ।

 ৰতি—তেন্তে আকৌ এৰি দি এতিয়া বেজাৰ কৰিছে কিয়?

 চুক্লেন—এৰি দিম! মই তাইক এৰি দিম! এৰি দিয়া নাই ৰতিমন! শত্ৰু! শত্ৰু। শত্ৰুয়ে মোৰ সৰ্ব্বনাশ কৰিলে।

 ৰতি—শত্ৰু দেখোন ৰাজধানীৰ পৰা তিনি দিনৰ বাটৰ আঁতৰত! সিহঁতে আকৌ ৰাজধানীত তাইক কেনেকৈ পালেগৈ? আৰু পালেই বা, তাইনো নেযাওঁ বুলি নকলে কিয়? তাইৰ আচলতে অপোনালৈ মন নাই কোঁৱৰ!

 চুক্লেন---মন আছিল ৰতিমন। মই তাইৰ মন পাইছিলোঁ।
[ ১৫৩ ] মোক বাহিৰৰ শত্ৰুয়েও একো কৰা নাই। ঘৰৰ শত্ৰু, ৰতিমন। ঘৰৰ শত্ৰুয়ে মোৰ এনে সৰ্ব্বনাশ কৰিলে। নহলে তাইক মই পাইছিলোঁ ৰতিমন।

 ৰতি—ঘৰৰ শত্ৰুনো আকৌ কোন কোঁৱৰ? ঘৰতো অপোনাৰ শত্ৰু আছেনে? আপুনি ৰাজকোঁৱৰ, সিহঁতৰ মূৰ কিটা ডিঙিৰ পৰা আঁতৰাই থব নোৱাৰিলেনে? হায়, হায় মই নেথাকিলোঁ কোঁৱৰ। মই থকা হলে চালোঁহেতেন আপোনাৰ নো কোন সেই কিটা শত্ৰু ।

 চুক্লেন—চুপ চুপ ৰতিমন । কোনোবাই যদি শুনে সৰ্ব্বনাশ হব!

 ৰতি—কি সৰ্ব্বনাশ হব কোঁৱৰ। শত্ৰুক কেতিয়াও লাই দিব নেলাগে। মই নেপালো সিহঁতক।

 চুক্লেন—উস্! ৰতিমন! শত্ৰুয়ে মোৰ কি নকৰিলে!

 ৰতি—কি কৰিলে কোঁৱৰ? পিছে, সেই লিগিৰিজনী কলৈ গলগৈ?

 চুক্লেন—পাষণ্ডহঁতে মোক বন্দী কৰিলে!

 ৰতি---বন্দী কৰিলে! উস্! আপুনি ৰাজকোঁৱৰ, আপোনাকে বন্দী কৰিলে! আৰু তাইক?

 চুক্লেন—মোক শত্ৰুয়ে বন্দী কৰাৰ পিছত তাইৰ কি হ’ল কলৈ গল কব নোৱাৰোঁ।

 ৰতি—তায়ো কিজানি কৰবাত আত্মঘাতিনী হ'ল। আপোনাৰ কোন সেই শত্ৰু কোঁৱৰ? এতিয়াও সি জীয়াই আছেনে?
[ ১৫৪ ]  চুক্লেন—আছে ৰতিমন! এতিয়াও সি জীয়াই আছে। তাক হত্যা কবিব নোৱাৰিলে মোৰ বুকুৰ জুই মুমুমায়!

 ৰতি--- ক'ত সি কোঁৱৰ? কোন সি? তাক হত্যা কৰাই যুগুত। যিমান সোনকালে হয় তাক হত্যা কৰক কোঁৱৰ! উস্! ইমান তাৰ সাহ! কোন সি কোঁৱৰ।

 চুক্লেন—কোন! সেই শত্ৰু মোৰ পিতা ৰতিমন। পিতা। যি পিতাৰ মুখ দেখিলেও পাপ হয়।

 ৰতি—বাস্তবিক। কোন পিতাই পুত্ৰক বন্দী কৰিব পাৰে?

 চুক্লেন—অকল বন্দী ৰতিমন! মই পলাই নহা হলে মোক হত্যাও কৰিলেহেঁতেন!

 ৰতি---হত্যা কৰিলেহেঁতেন! এনে পিতা শত্ৰু নহয় কি? আপোনাৰ অপৰাধ!

 চুক্লেন—অপৰাধ! একো নাই।

 ৰতি—একো নাই! তাতে হত্যা! বাৰু কোঁৱৰ সেই লিগিৰি জনী খুব ধুনীয়া আছিল নহয়নে?

 চুক্লেন—ধুনীয়া বুলি ধুনীয়া! সাক্ষাৎ যেন প্ৰতিমা।

 ৰতি-বাৰু, তাইক কেতিয়াবা আপোনাৰ পিতাকে দেখিছিল নে?

 চুক্লেন—কতবাৰ! কতবাৰ দেখিছে!

 ৰতি—তেন্তে আৰু কথা নাই! যি ভাবিছোঁ সেয়ে।

 চুক্লেন—কি ভাবিছ ৰতিমন?

 ৰতি---ভাবিছো,তাৰ পিছত,—পিতা হলেও আপোনাক
[ ১৫৫ ] হত্যা কৰা একো আচৰিত নহয়! আপোনাক নিশ্চয় হত্যা কবিলেহেঁতেন! তাত কোনো—সংশয় নাই! পিছে আপুনি পলাল কেনেকৈ?

 চুক্লেন—পলালো কেনেকৈ? তোক মিছা কথা কি কম ৰতিমন, মোক মোৰ কুঁৱৰীয়ে পলুৱাই দিলে। কুঁৱৰীৰ পোছাক মই পিন্ধি পলাই আহিলো। কুঁৱৰী মোৰ পোছাক পিন্ধি বন্দীশালত থাকিল।

 ৰতি—কি সৰ্বনাশ! আপুনি কুঁৱৰীক তাতে এৰি পলাই আহিল! আপোনাক কুঁৱৰীয়ে ৰক্ষা কৰিলে, আৰু তেনে কুঁৱৰীক ৰক্ষা কৰিবৰ আপুনি একো যত্ন নকৰাকৈ গুচি আহিল।

 চুক্লেন—কিজানি যুদ্ধ জিনি কুঁৱৰীক উদ্ধাৰ কৰিব গৈ পাৰোঁ। সেই বুলিয়েই ক’তো নৰই বাজে বাজে যুদ্ধক্ষেত্ৰলৈ আহিছোঁ।

 ৰতি—আৰু যদি এতিয়ামানে কুঁৱৰীক হত্যা কৰিছে। তেনেহলে কি হব?

 চুক্লেন-তেনেহলে হত্যাৰ প্ৰতিশোধ হত্যা!

 ৰতি—ঠিক কৈছে কোঁৱৰ, হত্যাৰ প্ৰতিশোেধ হত্যা। মোৰ মনৰ কথাষাৰ টানি আনি কৈছে।

 চুক্লেন—তোৰে মোৰে কথা এনেকৈ মিলে বুলিয়েই তোলৈ এই দুদিনৰ চিনাকীতে ইমান মায়া হৈছে ৰতিমন।

 ৰতি—কোঁৱৰৰ অনুগ্ৰহ।

 চুক্লেন—সেই দেখিয়েই তোক কৈছোঁ‌ ৰতিমন, মই
[ ১৫৬ ] কেতিয়াবা ৰজা হলে, তোক নিশ্চয় মোৰ ডাঙৰ বিষয়া পাতি লম।

 ৰতি—সিও কোঁৱৰৰ অনুগ্ৰহ।

 চুক্লেন—তেন্তে মই যি কৰিবলৈ কওঁ কৰিবি!

 ৰতি—যদি জ্বলা জুইত জাপ দিবলৈ কয়, বতিমন তাতো ৰাজী।

 চুক্লেন—মোৰ আৰু কোনো ভয় নাই ৰতিমন। তই মোৰ বুকুত দুগুণ সাহ বঢ়াই দিলি! তোৰ সাহতে মই মোৰ সকলো কাম এতিয়া দুগুণ উৎসাহেৰে কৰি যাব পাৰিম। তই মোৰ কোনোবা কালৰ বন্ধু আছিলি ৰতিমন! আহ মোৰ বিছনাত বহ।

[ ৰতিমনৰ হাতত ধৰিব খোজে আৰু ৰতিমন আঁতৰি যায় ]

 ৰতি—কি কৰে কোঁৱৰ? মই যে আপোনাৰ লিগিৰা।

 চুক্লেন—হলিয়েই বা লিগিৰা! লিগিৰা হলেও তই মোৰ বিশ্বাসী, মোৰ বন্ধু, মোৰ বিছনাত বহিলে একো দোষ নাই। আহ ৰতিমন ইয়ালৈ আহ।

 ৰতি—[ স্বগতঃ ] সৰ্বনাশ! এইবাৰ তো লেঠাত পেলালে! এতিয়া কি কৰোঁ?

 চুক্লেন—ভাবিছ কি ৰতিমন? একো শঙ্কা নাই। আহ! তই মোৰ বন্ধু! এবাৰ মোক বন্ধু বুলি আলিঙ্গন দে।

 ৰতি--নেলাগে কোঁৱৰ, যদি আৰু বন্ধু বুলি ভাবিছে আলিঙ্গন দিলেও বন্ধু নিদিলেও বন্ধু! একেদিনাই ইমান [ ১৫৭ ] ডাঙৰ জাপ ভাল নহয় কোঁৱৰ! লাহে লাহেও হব! এতিয়া আপুনি অলপ জিৰাওক কোঁৱৰ! কালিলৈ পুৱাই তো আকৌ যুদ্ধৰ উহুল মুহুল লাগিব, অলপ জিৰাই লওক। ময়ো শো গৈ যাওঁ।

 চুক্লেন—বাৰু যা।

[ চুক্লেন কোঁৱৰ শোৱে আৰু ৰতিমন যাবলৈ ওলায়]

 বতি— [স্বগতঃ ] এনেকৈয়ে যদি কাৰ্য সিদ্ধি হয় মোৰ তো দুয়ো কুল ৰক্ষা হয়। এফালে মোৰ শত্ৰু নিপাত আনফালে হৃদয়ৰ বাঞ্চিত নিধি অন্বেষণ! চাওঁ কি হয়!

[ লাহে লাহে ওলাই যায় ]
—পট পৰে—


অষ্টম দৃশ্য
ৰণস্থল

 [ এজাক বন্দী পাঠান সেনা লৈ কিছুমান আহোম সেনাৰ প্ৰবেশ আৰু প্ৰস্থান। পিছত আকৌ কেটামান আহোম সেনাৰ প্ৰবেশ ]

 ১ম সেনা—এইবোৰ গলগ্ৰহবোৰ হেঁচি ঠেলি লৈ ফুৰিনো কি লাভটো! সিহঁতক আকৌ দেনা জোগা পানী যোগা। দিনটো যুঁজি আহি কামো সেয়েহে আছে। তাতকৈ কটা তৰোৱালবোৰৰ ধাৰ চাবলৈ দিলেই দেখোন হয়!

 ২য় সেনা—এৰা পাই। বৰগোঁহাই ডাঙৰীয়া অহাৰ পৰাহে সিহঁতৰ গাত টোপ পৰিবলৈ নিদিয়া হ'ল। ইফালে আকৌ [ ১৫৮ ] আধা ৰছদ সিহঁতক যোগাওতেই যায়। যুঁজ কৰিবলৈ আহিছোঁ যুজ কৰিম! নাই এঘা দিম নাই এঘা লম। এইখন গলগ্ৰহ খন চপাই মৰাৰ দৰ্কাৰ কি?

 ৩য় সেনা—মোৰ সেয়ে কথা। ৰঙা ঘোঁৰা মেলাইছোঁ। যেতিয়া দে মেলাই, মাজতে আকৌ এইবোৰ কৰি মানুহ খতি। পেঠান যদি কটাৰ পোহঁত বাৰে বাৰে সেকাটো পায় লাজ হোৱা নাই কোদোৰ বাহত টোক্‌-টোকাবলৈ আহ কিয়?

 ২য় সেনা—মই হলে পাই বৰগোঁহাই ডাঙৰীয়া আঁৰ হোৱা যেন দেখিলে দুই এটা থৈ যাওঁ। কিমান সিহঁতক হেঁচুকি ফুৰিবা।

 ১ম সেনা---নথৈনো কি? সিহঁতক নিবা বান্ধি ধৰি—তাৰ ওপৰতে কটাৰ লোহঁতে মৰিলেও মৰ কামোৰ নেৰে। পা সোকোতা টো! একোটাৰ তাৰ ওপৰতে যিহে গাফিলি যেন নেবাবৰ জেঠেৰীয়েকটো হে! মই হলে আৰু, ওহঁ—শোধ নাই। গাফিলি কৰোঁতেই ঘূৰি আৰু এই জনমত গাফিলি কৰিব নলগা কৰি থওঁ।

 ২য় সেনা-নকৰিলেও দেখোন নচলে! এই আমাৰ ডেকাৰজা আহি পোৱা দিন ধৰি ইহঁতৰ যেন উজানহে উঠিছে। এইদৰে হব লাগিলে বপুৰীহঁতক খুৱাওতেই ৰছদৰ ফালে আহৰি হব।

 ৩য় সেনা—অ’ সৌৱা পালেহিয়েই! ব’লহঁত ব’ল!

 ১ম সেনা-ব’ল! ব’ল! [ ১৫৯ ]
[ সকলোৰে প্ৰস্থান। চুজেন আৰু বৰগোঁহাইৰ প্ৰবেশ ]

 চুক্লেন—আজিৰ ৰণত যে আমি গা সাৰি আহিব পাৰিলোঁ ই বৰ ভাগ্যৰ কথা ডাঙৰীয়া।

 চাও—ৰণস্থল বীৰৰ জীৱন মৰণৰ সন্ধিস্থল কোঁৱৰ। ইয়াত আৰু একদিন গা সৰাটো কি কথা! আকৌ কোন মুহূৰ্তত কি হয় কোনে জানে?

 চুক্লেন—সেই কাৰণেই মই কওঁ ডাঙৰীয়া আমি নিজৰ জীৱন কিটা বচাই কাম কৰিব লাগে। আমি অসতৰ্ক হৈ ৰণত আগবাঢ়িলে পিছত গুৰি ধৰিব কোনে? সৈন্য সামন্তক দিহা পোহাই বা দিব কোনে? মোৰ কিন্তু আজিৰ পৰা এটা শিক্ষা হ’ল!

 চাও-কোঁৱৰ, আপুনি আহি পোৱা দিনাৰে পৰা আমি আজিলৈকে এখন ৰণত ঘটা নাই। আমাৰ সৈন্যই দুগুণ উৎসাহেৰে ৰণ কৰিছে। পাঠানে এই কেদিনতে বুজিব পাৰিছে আহোমক জোকাই লৈ কি মহৎ ভুল কৰিছে। এই দৰে, বেছি নেলাগে আৰু এসপ্তাহ যুদ্ধ চলাব পাৰিলে আমি পাঠানক সমুচিত শিক্ষা দি স্বৰ্গদেওৰ আগত আহোমৰ বিজয় বাৰ্তা দিবগৈ পাৰিমহঁক। স্বৰ্গদেৱে যদি কোঁৱৰক আগেয়েই ৰণলৈ পঠালেহেঁতেন, আমাৰ সৈন্যই মনত দুগুণ বল পালেহেঁতেন! ইমান সৈন্যক্ষয়ো নহলহেঁতেন! কেতিয়াবাই পাঠান দেশ এৰি পলাব লাগিলহেঁতেন!

 চুক্লেন—সেইবোৰ কথা আৰু নুলিয়াব ভাঙৰীয়া! আহোমৰ ডেকাৰজা মই, দেশৰ এনে দুৰ্দ্দিনত মই বন্দীশালত! পলাই
[ ১৬০ ] আহি ৰণক্ষেত্ৰ পাইছোহি! মোৰ সৌভাগ্য, আপুনি আকৌ বন্দী কৰি ৰাজধানীলৈ পঠাই দিয়া নাই।

 চাও—অপোনাৰ কুঁৱৰী সেই নাৰীৰূপে শাপভ্ৰষ্টা দেবীৰ পদধূলি শিৰত লৈ, মই যদি আপোনাক আকৌ বন্দী কৰি নপঠোৱাৰ বাবে মৰণকো বৰিব লাগে, হাঁহি মুখে বৰণ কৰিম কোঁৱৰ। স্বৰ্গদেৱৰ সেইদিনা, চিন্তাই দুৰ্ভাবনাই চিত্ত স্থিৰ নাছিল। এতিয়া সেই দেবীৰ পতিভক্তি দেখি, আপোনাৰ দেশপ্ৰেম দেখি, স্বৰ্গদেৱে নিশ্চয় অনুতাপ কৰিব। হয়তো মাজিউ কোঁৱৰো লগতে মুক্ত হব।

 চুক্লেন—সেইবোৰ কথা আৰু নুলিয়াব ডাঙৰীয়া। ব’লক শিবিৰলৈ যাওঁ। সেইবোৰ ভাবিলে, মন মোৰ বিদ্ৰোহী হৈ উঠে। হিতাহিত বিবেচনাৰ শক্তি নেথাকে।

 চাও—ভাবক কোঁৱৰ, সেই সতীৰ কথা ভাবক। মন পবিত্ৰ হব। শৰীৰৰ ক্লান্তি অৱসাদ দূৰ হব। এনে পতিব্ৰতা, এনে পতিভক্তিৰ জ্বলন্ত দৃষ্টান্ত, জগতত বিৰল—ইতিহাসত- অতুলনীয়। ভাগ্যবান তেওঁ—এনে সতীৰ যিজন স্বামী।

 চুক্লেন—ভাগ্যবান! পুত্ৰ হৈ পিতাৰ চকুৰ শূল! ডেকাৰজাহৈ নিজৰ বন্দীশালত বন্দী! মূৰৰ ওপৰত খৰ্গ! কোন সময়ত মৃত্যুক বৰিব লাগে নিশ্চয়তা নাই—ভাগ্যবান পৃথিবীত মোতকৈ কোন আছে ডাঙৰীয়া!

 চাও—অভিমান কৰিছে কোঁৱৰ! পিতাকৰ ওপৰত অভিমান কৰিছে! এবাৰ ভাবি চাওক কোঁৱৰ স্বৰ্গদেওৰ মানসিক অৱস্থা! পুত্ৰৰ ওপৰত দণ্ড বিহি পিতাৰ অন্তৰত
[ ১৬১ ] যে কি দাবানল জ্বলিব লাগিছে এবাৰ ভাবি চাওক। দেশৰ এনে দুৰ্দিনত বিপদৰ উপৰি বিপদৰ হেঁচাত কৰ্তব্যৰ অনুৰোধত পুত্ৰক দণ্ড দি কি অনুতাপানলত পিতাৰ অন্তৰ দগ্ধ হব লাগিছে এবাৰ ভাবি চাওক। পিতাৰ ওপৰত অভিমান নকৰিব।

 চুক্লেন—পিতাৰ বিষয়া আপুনি, পিতাৰ পক্ষ নলৈ, পিতাৰ হকে নকৈ, মোৰ পক্ষে কবনে? পিতাৰ দোষ দেখিবনে?

 চাও—মই ভৃত্য অপোনাসবৰ। আজি স্বৰ্গদেওৰ কালিলৈ আপোনাৰ। দেহত শক্তি থাকে মানে প্ৰভু সেৱা কৰিম! প্ৰভুৰ গুণাগুণ বিচাৰি কাম কৰা ভৃত্যৰ কৰ্তব্য নহয় কোঁৱৰ।

 চুক্লেন—আপুনি মহৎ। আপোনাৰ হৃদয় অতি উচ্চ। সেই কাৰণেই আপুনি কাৰো দোষ নেদেখে। আপোনাৰ দৰে প্ৰভুভক্ত বিষয়া আছে বুলিয়েই পিতা আজি স্বৰ্গদেও, নহলে! বাৰু, যাওক সেইবোৰ কথা। এতিয়া ব’লক ডাঙৰীয়া, অলপ বিশ্ৰাম কৰেগৈ।

 চাও---নহলে,—কি ক'ব খুজিছিল কোঁৱৰ? আপুনি যেন পিতাকৰ প্ৰতি কিবা বিদ্বেষ-ভাৰ পোষণ কৰিছে! কি যেন কব খুজি ৰৈ গ'ল। চিত্ত সংযত কৰক কোঁৱৰ। প্ৰবৃতি দমন কৰক। যদি কল্পনাতো কেতিয়াবা, পিতাৰ প্ৰতি কলুষ ভাবৰ প্ৰশ্ৰয় দিছে, তাৰ প্ৰায়শ্চিত্ত নাই। জন্ম জন্মান্তৰ নৰকত পচিলেও সেই পাপ ধৌত নহয়! পিতা পৃথিবীৰ স্বৰ্গ-গিতা পুত্ৰৰ ঈশ্বৰ!

 ১১ [ ১৬২ ]
পিতা স্বৰ্গ পিতা ধৰ্ম্মঃ পিতাহি পৰমন্তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্বদেবতাঃ ।

 তেনে পিতাৰ প্ৰতি কল্পনাতে বিদ্বেষ ভাবৰ আশ্ৰয় নিদিব। দোষ কৰিলেও, পিতাৰ দোষ বিচাৰিবৰ অধিকাৰ পুত্ৰৰ নাই। বন্দীৰ অপৰাধ নলব কেঁৱৰ। অসংযত ভাবে বহুত কথা কলো। হয়তো কব নলগীয়া কথাও কৈছোঁ। যোৱা ৰাতি এটা দুঃস্বপ্ন দেখিছিলো, তাৰ দুশ্চিন্তাই মোক এতিয়াও বিকল কৰিব লাগিছে। প্ৰতি মুহূৰ্তে কিবা অমঙ্গল আশঙ্কা কৰিব লাগিছে! সঘনে বাঁও বাহু লৰিছে-বাঁও চকু পৰিছে, মাজে মাজে বুকু কঁপি উঠিছে। মোৰ কি হৈছে কোঁৱৰ?

 চুক্লেন—একো হোৱা নাই ডাঙৰীয়। দিনে দিনে অক্লান্ত পৰিশ্ৰম কৰি-পৰিশ্ৰম জোখাৰে বিশ্ৰাম নেপাই শৰীৰ দুৰ্বল হৈ বাহু লৰিছে। সামান্য দুৰ্বলতা, বিশ্ৰাম কৰিলেই আঁতৰ হব।

 চাও-নহয় কোঁৱৰ। বিশ্ৰামৰ অভাবত মোৰ এনে হোৱা নাই। মোৰ বিশ্বাস হৈছে, ই মোৰ কিবা অমঙ্গলৰ সূচনা। আজি মনত পৰিছে মোৰ মূলাৰ কথা। মনত পৰিছে মূলাৰ সেই বিদায়ৰ আগৰ মুখ খনি,---সেই বিদায়ৰ আগৰ সতৰ্ক বাণী! আজি যদি মূলাৰ এষাৰ মুখৰ মাত এই সময়ত শুনিবলৈ পালোঁহেতেন, হয়তো মোৰ এই দুৰ্বলতা এক মুহূৰ্ততে ভষ্মিভূত হলহেঁতেন!
[ ১৬৩ ]  চুক্লেন-ব’লক ডাঙৰীয়া, শিবিৰত গৈ নিশ্চিন্ত মনে সেই বিলাক ভাবি থাকিব।

 চাও–যাওঁ। মোৰ বিশ্বাস হৈছে—নিশ্চয় মোৰ মূলাৰ কিবা অমঙ্গল হইছে।

 চুক্লেন-অমঙ্গল নাই হোৱা ডাঙৰীয়া,অমূলক আশঙ্কা কৰি মন আপোনাৰ দূৰ্বল নকৰিব।

 নেপথ্যত -- বন্দী কৰ! বন্দী কৰ!

 চুক্লেন-কোন

 [ হুছেন খাঁ, নছৰৎ খাঁ, আৰু কেটামান পাঠান সৈন্যৰ প্ৰবেশ। ]

 হুছেন—বন্দী কৰ! বন্দী কৰ!

 চাও—সাৱধান নৰকী পাঠান !আৰু এখোজ আগ বাঢ়িবি —কটামূৰ সৌ মাটিত বাগৰি পৰিব।

 চুক্লেন—আহ কাপুৰুহঁত! কাৰ সাধ্য আছে আহ—বন্দী কৰ!

 হুছেন—মিছা বাক্যব্যয় কৰি একো লাভ নাই। তোমালোক এতিয়া অকলশৰীয়া-ধৰা দিয়া।

 চাও-নেজান পাঠান, তোৰ দৰে এশ শিয়ালক যম পুৰীলৈ পঠোৱা ক্ষমতা আছে এটা এটা আহোম সেনাৰ। আহ নৰাধম, যদি সাধ্য আছে—আহ চাপি—

 হছেন-ধৰ ইয়াক-আক্ৰমণ কৰ সকলোৱে একেলগে চাৰিওফালৰ পৰা আক্ৰমণ কৰ!

 [ হুছেন খাঁ আৰু সৈন্যবোৰ একেলগে বৰগোঁহাইক আক্ৰমণ কৰে। চুক্লেন কোঁৱৰে নছৰৎ খাঁক আক্ৰমণ কৰে।] [ ১৬৪ ]  চুক্লেন—দহোটাই একেলগে এজনক আক্ৰমণ কৰি বীৰত্বৰ পৰিচয় দিবলৈ আহিছ নৰাধমহঁত!

 [ কোঁৱৰে নছৰৎ খাঁৰ ডিঙিত ধৰি ঘাপ মাৰিব ধৰে আৰু তেনেতে বন্দুকৰ আৱাজ হয় আৰু গুলি আহি কোঁৱৰৰ বাহুত লাগি কোঁৱৰ পৰি যায়। হাতত বন্দুক লৈ কাছিতাৰা, তুৰ্বক আৰু পাঠান সেনা কেটামানৰ প্ৰবেশ ]

 পাঠানসেনা—আল্লাহু আকবৰ!

 [ কাছিতাৰা, তুৰ্ব্বক আৰু সেনাবোৰেও বৰগোহাঞীক আক্ৰমণ কৰে। কেটামান সৈন্যক পেলাই বৰগোঁহাই পৰি যায় ]

 চাও—বিশ্বাসঘাতক পাঠান! উস্‌—এইদৰে শত্ৰু শালিলি। নৰকীহঁত—উ-স্‌ স্বৰ্গ-দেও—নো-ৱা-ৰি-লোঁ—মূ-লা মূ-লা-ঈ-শ্ব-ৰ-

[ মৃত্যু

 নেপথ্যত—জয় স্বৰ্গদেওৰ জয়! জয় আহোমৰ জয়!

 [ বৰবৰুৱা আৰু আহোম সেনাবোৰ সোমাই আহে আৰু তুৰ্ব্বক কাছিতাৰাকে আদি কৰি পাঠানবিলাক পলায়]

 বৰবৰুৱা—কি কৰিলা প্ৰভু! ডাঙৰীয়া আৰু নাই- কোঁৱৰৰ এই অৱস্থা।

 [ এবাৰ ডাঙৰীয়াক চাই কোঁৱৰৰ ওচৰত বহে গৈ ]। এতিয়াও নিশ্বাস আছে! পানী আন! বেগাই! কোঁৱৰ! কোঁৱৰ!

 [ এটা সৈন্য পানী আনিবলৈ যায়।] [ ১৬৫ ]  চুক্লেন—কোন-মোক এটোপা পানী দিয়া। উস্‌—বৰ পিয়াহ!

 বৰবৰুৱা—দিওঁ কোঁৱৰ।

 [ সেনা এটাই পানী আনে বৰবৰুৱাই কেঁৱৰক খুৱায় ]

 কি কৰিলা ভগবান! আহোমৰ ভাগ্যাকাশ কিয় এনে দৰে অন্ধকাৰ কৰিলা! কোন মুখে স্বৰ্গদেওক এই মৰ্মান্তিক বাতৰি দিম!

-অঙ্ক পতন-