সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
১২৫
নগা কোঁৱৰ

কাৰণে তই ইমান কঠুৱা হব পাৰ? মাৰিবি কিয় লুকু। সিহঁতে তোৰ কি অনিষ্ট কৰিছে বা কৰিব যে দূৰৈত দেখা পালেই মাৰিবি।

 লুকু-বুবু কইছে নয় অঅম মানু অলে তুকে নিব আয়িব।

 কণচেং-নিবলৈ আহিব—এই অপৰাধতে মাৰিবি। বাৰু লুকু, আকৌ তোক এৰি যাম বুলি কেতিয়াবা তোৰ আশঙ্কা হয়!

 লুকু-ইমান দিন ওৱা নাই কাকাটি। আজি তুৰ কতা উনি অইছে।

[ চকুলো টুকি প্ৰস্থান ]

 কণচেং—ঈশ্বৰ কি পদাৰ্থেৰে গঢ়িছ এই ৰমণী হৃদয়। তোমাৰ সৃষ্টিৰ অতি উৎকৃষ্ট অতি বিচিত্ৰ সামগ্ৰী! ইমান সৰল! ইমান কোমল! কান্দিলি লুকু! অমূলক আশঙ্কা মাত্ৰ, তাতে ইমান বিহ্বল ইমান কাতৰ হৈছে লুকু! যদি জানিলিহেঁতেন! যদি বুজিলিহেঁতেন! কিহৰ কাৰণে কি এক স্বৰ্গীয় মাধুৰী সনা অনুপম লাবণ্যৰ লালসাত হৃদয়ৰ অদম্য উচ্ছ্বাস-পুৰুষৰ—পৃথিবীত শ্ৰেষ্ঠতম সাধনা সকলোতকৈ স্পৃহনীয় যি সামগ্ৰী বিসৰ্জ্জন দিঁছো।

 নেপথ্যত মূলা—উস্ কোন পিশাচে এনে কাম কৰিলি! নিৰপৰাধ অৱলাৰ ওপৰত কিয় এনে অত্যাচাৰ কৰিলি কাপুৰুষ! যদি সাধ্য আছে আহ সম্মুখ হ নৰাধম!

 কণচেং—কোনে মাতে! ৰমণীৰ কণ্ঠৰৰ বুলি অনুমান হয়। যাওঁ—চাওঁগৈ কোনে আৰ্তনাদ কৰিলে।